Logo
image

আউটছ’ৰ্ছ কৰ্মচাৰীৰ মাননিৰ নামত কেলেংকাৰি

ডিজিটেল ডেস্ক, ২৬ ডিচেম্বৰ: এন আৰ চিত আউটছ’ৰ্চ কৰ্মচাৰীক পাৰিতোষিক প্ৰদানতো হৈছিল ভয়ংকৰ কেলেংকাৰি৷ এনে কৰ্মচাৰীৰ প্ৰতিমাহে ৬ হাজাৰ টকা পাৰিতোষিক হিচাপে দিয়াৰ প্ৰস্তাৱ কৰা হৈছিল৷ কিন্তু এন আৰ চিৰ আউটছ’ৰ্চ কৰ্মচাৰী আৰু প্ৰশিক্ষিত মানৱ সম্পদৰ বিপৰীতে অনুমোদন কৰা  হয় ১৩,৭৭৯.৩৫/১৩,১২৩.১৯ টকা৷ যি পৰিমাণ অনুমোদিত নিৰিখৰ দুগুনতকৈও অধিক৷ কিন্তু আউটছ’ৰ্চ কৰ্মচাৰীক আদায়   দিয়া হৈছিল প্ৰস্তাৱিত ধনৰাশি৷ কেগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই উদ্যোগজনক তথ্য৷ কেগৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য মতে আউটছ’ৰ্চ কৰ্মচাৰীক মুঠ ৬৭.১৪ কোটি টকা মজুৰিৰ পৰা বঞ্চিত কৰা হৈছিল৷ সেইদৰে ৩৫ হাজাৰ টকা মূল্যৰ জেনেৰেটৰ ৯৩,৯৬৫ টকাত ক্ৰয় কৰাৰ উপৰি ১২৮ টা অতিৰিক্তজেনেৰটৰৰ বিপৰীত ১.২০ কোটি টকা আত্মসাৎ কৰা হৈছে৷ চফটৱেৰ উন্নীতকৰণৰ নামত ৭.১০ কোটি টকাৰ অতিৰিক্ত ব্যয় কৰা হৈছে৷ কেগৰ প্ৰতিবেদনত প্ৰায় ২৬০ কোটি টকাৰ খেলিমেলি হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে৷ প্ৰতিবেদন অনুসৰি এন আৰ চিৰ কামত আউটছ’ৰ্চ কৰা কৰ্মচাৰীসকলক অনুমোদিত  মজুৰতকৈ কম মজুৰি দিয়া হৈছিল৷ আনহাতে এন আৰ চিৰ বিভিন্ন কামত অতিৰিক্ত ব্যয় কৰা হৈছিল৷ সেইদৰে চিষ্টেম ইণ্টিগ্ৰেটৰ ডাটা এণ্ট্ৰি চেণ্টাৰত আবেদন প্ৰ-পত্ৰৰ ডিজিটাইজৰচনৰ নামত ৭.৩৯ কোটি টকা অতিৰিক্ত ব্যয় কৰা হৈছে৷ তদুপৰি এন এছ কেৰ পৰা সন্দেহজনক ডাটা সঞ্চালনৰ নামত অনিয়মীয়া ব্যয় হৈছে ৯.০১ কোটি টকা৷ এন আৰ চিত হোৱা ব্যাপক অনিয়মৰ বাবে এন আৰ চিৰ ৰাজ্যিক সমন্বয়কজনক জগৰীয়া কৰা হৈছে৷ কেগৰ প্ৰতিবেদনত এন আৰ চি সম্পৰ্কীয় দফাত পৃষ্ঠাই পৃষ্ঠাই অনিয়ম আৰু দুৰ্নীতিৰ তথ্য সন্নিবিষ্ট হৈ আছে৷ উল্লেখ্য, এনআৰচি উন্নতিকৰণৰ বাবে ২০১৪ চনৰ ২২ মে’ত আৰ জি আয়ে ২৮৮.১৮ কোটি টকাৰ পুঁজিত অনুমোদন জনাইছিল৷ তিনিবছৰৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে উক্ত পুঁজিত অনুমোদন দিছিল আৰ জি আয়ে৷ পাছত এন আৰ চিৰ বাজেট সংশোধন কৰি ২০১৯ চনৰ ছেপ্টেম্বৰত ১৬০২ কোটি টকালৈ পুঁজি বৃদ্ধি কৰা হয়৷ আৰ জি আয়ে অসমৰ ৰাজনৈতিক আৰু গৃহ বিভাগক উক্ত ধন ৰাশি মোকলাই দিছিল৷ ইয়াৰ বিপৰীতে ২০২২  চনৰ ৩১ মাৰ্চ পৰ্যন্ত ব্যয় কৰা হয় ১৫৭৯.৭৮ কোটি টকা৷ এন আৰ চিত ব্যাপক কেলেংকাৰি হোৱাৰ অভিযোগ তুলি সেই সময়ৰ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল পৰৱৰ্তী সমন্বয়ক হিতেশ দেৱ শৰ্মাই৷ তেওঁ এই সন্দৰ্ভত উচ্ছ পৰ্যায়ৰ তদন্তও দাবী কৰিছে৷