Logo
image

গুণোৎসৱ পিছুৱাই দিয়াৰ আহ্ৱান অসম সাহিত্য সভাৰ

ডিজিটেল ডেস্ক, ২৬ ডিচেম্বৰ: অসম চৰকাৰৰ শিক্ষা বিভাগে অহা বৰ্ষৰ জানুৱাৰীৰ দ্বিতীয় পষেক আৰু ফেব্ৰুৱাৰীৰ প্ৰথম পষেকত বিদ্যালয়সমূহত গুণোৎসৱ অনুষ্ঠিত কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত পিছুৱাই দিবলৈ চৰকাৰক  আহ্ৱান জনাইছে অসম সাহিত্য সভাই৷ শনিবাৰে নলবাৰীৰ নাট্য মন্দিৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ উল্লেখ্য যে ২০২৩ বৰ্ষৰ গুণোৎসৱ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে তিনিটা পৰ্যায়ত ক্ৰমে ১৯-২১ জানুৱাৰী, ২-৪ ফেব্ৰুৱাৰী আৰু ১৬-১৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এনে পৰিস্থিতিত ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ নাৰায়ণপুৰত অনুষ্ঠিতব্য অসম সাহিত্য সভাৰ অধিৱেশন উপলক্ষে যাতে শিক্ষাৰ্থীসকলৰ অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি গুণোৎসৱ পিছুৱাই দিবলৈ সাহিত্য সভাই চৰকাৰক আহ্ৱান জনাইছে৷ ইফালে, নৱনিৰ্বাচিত সভাপতি সূৰ্য হাজৰিকাই অসম সাহিত্য সভাত অব্যাহত থকা বিভিন্ন সমস্যা সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰি অসম সাহিত্য সভাক এটা স্বনিৰ্ভৰশীল প্ৰতিষ্ঠান হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিব বুলি কয়৷ সাহিত্য সভাৰ মজিয়াত উদ্ভৱ হোৱা বিভিন্ন সমস্যা দূৰ কৰাৰ বাবে এনে সমস্যাক অগ্ৰাধিকাৰ দি কৰ্ম সম্পাদন কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে৷ অসম সাহিত্য সভাৰ কৰ্মচাৰীসকলে দৰমহা নোপোৱা বাবে উদ্ভৱ হোৱা পৰিস্থিতি আঁতৰ কৰাৰ বাবে শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে নৱনিৰ্বাচিত সভাপতি হাজৰিকাই৷ ইফালে, অসম সাহিত্য সভাই পৰৱৰ্তী সময়ত বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰে আলোচনা কৰি সাহিত্য সভাক অধিক গতিশীল আৰু জনমুখী কৰি তুলিব লাগিব বুলিও তেওঁ মন্তব্য কৰে৷ 

কাৰ্যনিৰ্বাহক সভাত উত্তপ্ত পৰিস্থিতি

শনিবাৰে নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাত বিভিন্ন বিষয়ক লৈ অনুষ্ঠিত আলোচনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ বিশেষকৈ সাহিত্য সভাৰ ভিতৰচ’ৰাত অব্যাহত থকা বিত্তীয় কেলেংকাৰি, সাহিত্য সভাৰ কৰ্মচাৰীয়ে কেইবামাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হোৱা, অইল ইণ্ডিয়া লিমিটেডে সাহিত্য সভালৈ আগবঢ়োৱা ধন আদিৰ বিষয়ক লৈ চলা আলোচনাই কাৰ্যনিৰ্বাহক সভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ লক্ষণীয়ভাৱে শনিবাৰৰ কাৰ্যনিৰ্বাহ সভাত গৃহীত প্ৰস্তাৱৰ প্ৰতিলিপি কাৰ্যনিৰ্বাহক সভাৰ উদ্যোক্তা নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি-সম্পাদকক যোগান নধৰিলে কেন্দ্ৰীয় সমিতিয়ে৷ ফলত উক্ত প্ৰস্তাৱ সন্দৰ্ভত জিলা সাহিত্য সভাই সংবাদ মাধ্যমক কোনো তথ্য যোগান ধৰিবলৈ সমৰ্থ নহ’ল৷  

জাতীয় সংগীত ভুলকৈ পৰিৱেশন কৰাক লৈ প্ৰতিক্ৰিয়া

নলবাৰী নাট্য মন্দিৰত শনিবাৰে অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি, উপ-সভাপতি, প্ৰধান সম্পাদক, বৰ্তমানৰ সভাপতিৰ উপস্থিতিত জাতীয় সংগীত ভুলকৈ পৰিৱেশন কৰাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সামাজিক মাধ্যমত বিভিন্নজনে সাহিত্য সভাই জাতীয় সংগীত পৰিৱেশনৰ নামত বহুৱালি কৰা বুলিও মন্তব্য কৰিছে৷

নতুন সাহিত্য সভা গঠনৰ চিন্তা-চৰ্চা

বিভিন্ন সময়ত বিতৰ্কৰ মাজত সোমাই পৰা অসম সাহিত্য সভাক লৈ পুনৰ সৃষ্টি হৈছে বিতৰ্কৰ৷ অসম সাহিত্য সভাৰ আগন্তুক কাৰ্যকালৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ফলাফল শনিবাৰে নলবাৰীত ঘোষণাৰ পিছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আগন্তুক ২০২৩-২৫ বৰ্ষৰ কাৰ্যকালৰ বাবে সভাপতি হিচাপে পদ্মশ্ৰী সূৰ্য হাজৰিকা নিৰ্বাচিত হোৱাৰ পিছত ক্ষুব্ধ হৈ পৰিছে একাংশ সাহিত্যপ্ৰেমী৷ বিষয়টোক কেন্দ্ৰ কৰি সামাজিক মাধ্যমতো বিতৰ্কৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ সাহিত্য সভা একাংশ সাহিত্য চৰ্চা নকৰা ব্যক্তিৰে ভৰি পৰা বুলিও ক্ষোভ প্ৰকাশ কৰিছে ক্ষুব্ধ লোকসকলে৷ এনে পৰিস্থিতিত নতুন সাহিত্য সভা গঠনৰ পোষকতা কৰিছে একাংশই৷ নলবাৰীৰ পৰাই নতুন সাহিত্য অনুষ্ঠান জন্ম দিয়াৰ চিন্তা চৰ্চা কৰা হৈছে বুলি ইতিমধ্যে প্ৰকাশ পাইছে৷ নতুন সাহিত্য সভাত য়েছে দৰজে ঠংচিক সভাপতি হিচাপে অধিষ্ঠিত কৰাৰো পোষকতা কৰিছে বিভিন্নজনে৷ কবি প্ৰণৱ কুমাৰ বৰ্মনেও নতুন সাহিত্য সভা গঠনৰ আহ্ৱানক আদৰণি জনাইছে৷ সামাজিক মাধ্যম যোগে কবি প্ৰণৱ কুমাৰ বৰ্মনে ইতিমধ্যে এই সন্দৰ্ভত প্ৰকাশ কৰিছে তেওঁৰ মন্তব্য৷ ইফালে, সুনীল কুমাৰ দাস নামৰ নলবাৰীৰ যুৱ সাংস্কৃতিক কৰ্মীজনে নতুন সাহিত্য সভা গঠন হ’ব বুলি আজি মন্তব্য কৰিছে৷ শনিবাৰৰ দিনটো অসমৰ সাহিত্য জগতৰ বাবে এটা ক’লা অধ্যায় আছিল বুলি মন্তব্য কৰি তেওঁ কয় যে অৰুণাচলী হৈও য়েছে দৰজে ঠংচিয়ে অসমীয়া সাহিত্যক বুকুৰ মাজত ৰাখি চৰ্চা কৰিছিল৷ ঠংচিয়ে অসম সাহিত্য সভাৰ সভাপতি হ’বলৈ আগবাঢ়ি অহা নাছিল বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ বিভিন্নজন বিশিষ্ট ব্যক্তিয়ে তেওঁক সভাপতি পদৰ বাবে আগবাঢ়ি আহিবলৈ আহ্ৱান জনোৱাতহে মান্তি হৈছিল৷ অসম সাহিত্য সভাত এতিয়া প্ৰকৃত সাহিত্য চৰ্চা কৰা মানুহৰ অভাৱ বুলি কেইবাজনো বৰেণ্য সাহিত্যিকে মন্তব্য কৰা বুলিও তেওঁ কয়৷ উল্লেখ্য যে শনিবাৰে নলবাৰীত সম্পন্ন কৰা হৈছিল অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া৷ সেই মৰ্মে পদ্মশ্ৰী সূৰ্য হাজৰিকা সভাপতি, গিৰীশ সন্দিকৈ উপ-সভাপতি আৰু উপেন্দ্ৰজিৎ শৰ্মা প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল৷