Logo
image

হাইকৰ্টৰ নিৰ্দেশত জিলাই জিলাই হ’ব বৈদ্যুতিক শ্মশান

ডিজিটেল ডেস্ক, ২৬ ডিচেম্বৰ: ৰাজ্যৰ জিলাই জিলাই চৰকাৰে নিৰ্মাণ কৰিব লাগিব বৈদ্যুতিক অথবা এল পি জি চালিত শ্মশান৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে এই ৰায় দিয়ে৷ বিজন চক্ৰৱৰ্তী নামৰ এজন লোকে দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ ভিত্তিত ৰুজু কৰা ৬৭/২০২২ নম্বৰৰ গোচৰৰ শুনানি গ্ৰহণ কৰি ৰাজ্য চৰকাৰক ৰাজ্যৰ প্ৰতিখন জিলাচ বৈদ্যুতিক আৰু ৰন্ধনগেছ চালিত শ্মশানৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে বিচাৰপীঠখনে৷ তদুপৰি ন্যায়ালয়ে ৰাজ্যবাসীৰ মাজত বৈদ্যুতিক আৰু ৰন্ধন গেছচালিত শ্মশানৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰো নিৰ্দেশ দিয়ে৷ এই সন্দৰ্ভত দূৰদৰ্শন, ৰেডিঅ’, বাতৰি কাকত আদিত পৰ্যাপ্ত বিজ্ঞাপন প্ৰকাশৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে ন্যায়ালয়ে৷ আবেদনকাৰীজনে উচ্ছ ন্যায়ালয়ৰ দৃষ্টি আকৰ্ষণ কৰি কৈছিল যে ৰাজ্যত পৰিৱেশ অনুকূল শ্মশান অবিহনে বন আৰু বন্যপ্ৰাণীক সুৰক্ষা দিয়াটো কঠিন৷ মৃত লোকৰ পৰম্পৰাগতভাৱে শেষকৃত্য সম্পন্ন কৰাৰ নামত নিতৌ বহু বনজ সম্পদ নষ্ট কৰা হয়৷ পৰিৱেশ বচোৱাৰ স্বাৰ্থত পৰম্পৰাগত প্ৰক্ৰিয়াৰে শেষকৃত্য সম্পন্ন কৰাৰ পৰিৱৰ্তে বৈদ্যুতিক আৰু ৰন্ধন গেছ চালিত শ্মশাসনত শেষকৃত্য সম্পন্ন কৰা প্ৰয়োজন৷ এই সন্দৰ্ভত দীঘলীয়া শুনানি গ্ৰহণৰ অন্তত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে ৰাজ্যৰ প্ৰতিখন জিলাত বৈদ্যুতিক আৰু ৰন্ধন গেছ চালিত শ্মশান স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে৷ উচ্ছ ন্যায়ালয়ৰ এই ৰায়ৰ পাছতে ৰাজ্যৰ জিলাই জিলাই বৈদ্যুতিক আৰু ৰন্ধনগেছ চালিত শ্মশান হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিল৷