Logo
image

ৰাষ্ট্ৰীয় বক্সিঙৰ ফাইনেলত লাভলীনা

ডিজিটেল ডেস্ক, ২৬ ডিচেম্বৰ:  মহিলাৰ ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছে দেশৰ তাৰকা বক্সাৰ তথা অসম সন্তান লাভলীনা বৰগোহাঁই৷ প্ৰতিযোগিতাত অগ্ৰগতিৰ পথত অলিম্পিক ব্ৰঞ্জ জয়ী খেলুৱৈগৰাকীয়ে দেওবাৰে ৭৫ কেজি ওজন শাখাৰ যুঁজত মধ্য প্ৰদেশৰ জিজ্ঞাসা ৰাজপুতক সৰ্বসন্মত সিদ্ধান্তত পৰাস্ত কৰে৷ তেওঁ খিতাপৰ যুঁজত অৱতীৰ্ণ হ’ব এছ এছ ছিবিৰ খেলুৱৈ অৰুন্ধতী চৌধুৰীৰ৷ বিশ্ব চেম্পিয়ন নিখত জেৰীনো ফাইনেলত প্ৰৱেশ কৰিছে৷