Logo
image

আকাশলংঘী হ’ব খাদ্যমূল্য, সৃষ্টি হ’ব বৃহৎ ক’লা বজাৰ

তিনিখন বিধেয়ক কেন্দ্ৰীয় চৰকাৰে একপক্ষীয়ভাৱে প্ৰস্তুত কৰিব লোৱা পৰিলক্ষিত হৈছে৷ এই বিধেয়ক তিনিখনে পুনৰ কেন্দ্ৰীয় চৰকাৰৰ একচ্ছত্ৰী চৰিত্ৰক অধিক গভীৰ কৰাতহে সহায় কৰিব৷ বিশেষকৈ ৰাজ্য চৰকাৰৰ অধীনস্থ কৃষি ক্ষেত্ৰৰ বিষয়সমূহ ৰাজ্য চৰকাৰৰ লগত আলোচনা অবিহনে আগুৱাব খোজা এই চৰকাৰৰ প্ৰচেষ্টাই যুক্তৰাষ্ট্ৰীয় ধাৰণা আৰু বিকেন্দ্ৰীকৰণৰ নীতিক প্ৰত্যক্ষভাৱে অৱমাননা কৰিব৷ অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ অনুসৰি ৰাজ্যই মূল্যবৃদ্ধিৰ সময়ত সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰিব পাৰে৷ বিধেয়কখনে কিছুমান সামগ্ৰীৰ ওপৰত ৰাজ্যৰ নিয়ন্ত্ৰণৰ অধিকাৰ আঁতৰাব, যাৰ বাবে ৰাজ্য চৰকাৰৰ হাতত থকা নিয়ন্ত্ৰণৰ যি বৰ্তমানৰ অধিকাৰ তাৰ পৰা ৰাজ্য চৰকাৰ বঞ্চিত হ’ব৷  আনহাতে, বিধেয়কখনে কোনো সামগ্ৰীৰ এক নিৰ্দিষ্ট মজুতকৰণৰ যি সীমা ব্যৱস্থা তাকো প্ৰায় নাইকিয়া কৰিব৷ তাৰ ফলত সামগ্ৰীসমূহৰ বিজ্ঞাপনত সুচল হ’ব৷ এই বিজ্ঞাপন ব্যৱস্থাই পুঁজিপতি আৰু বিক্ৰেতাক কোনো নিৰ্দিষ্ট সামগ্ৰীৰ বজাৰ নিয়ন্ত্ৰণত সুবিধা কৰি দিব৷ ইয়াৰ ফলত যোগানৰ কৃত্ৰিম নাটনিৰ সৃষ্টি হ’ব আৰু মূলতঃ দুই প্ৰকাৰৰ পৰিণাম দেখিবলৈ পোৱা যাব– ১] নিয়ন্ত্ৰণৰ অভাৱত আকাশলংঘী মূল্য বৃদ্ধিয়ে গা কৰি উঠিব আৰু ২] সামগ্ৰীসমূহৰ ক’লা বজাৰৰ সম্ভাৱনা প্ৰকট হ’ব৷সেয়ে এই ক্ষেত্ৰত বিধেয়কখনত কোনো ৰক্ষাকৱচ নথকা হেতুকে অবাঞ্ছিত পৰিস্থিতিৰ মোকাবিলা কৰিব নোৱাৰাটো প্ৰায় স্পষ্ট৷ ৰাজ্যত ইতিমধ্যেই প্ৰচলিত প্ৰধান কৃষি উৎপাদন ব্যৱসায় কমিটীৰ নিয়ম-কানুনৰ [APMC-Agricultural Produce marketing committee] বাবে কৃষকৰ[ সবলীকৰণ আৰু নিৰাপত্তা] মূল্য নিশ্চিতকৰণ চুক্তি আৰু কৃষি সেৱা বিধেয়ক-২০২০ এ[The farmers [Empowerment and protection] Agreement on Price Assurance and Farm Services Bill-২০২০] ৰাজ্যৰ কৃষি ক্ষেত্ৰত থকা নিয়ন্ত্ৰণৰ অধিকাৰ আৰু তাৰ পৰা পোৱা আয়কৰ আদিৰ বিৰুদ্ধাচৰণ কৰে৷ বিধেয়কখন কৃষক আৰু গ্ৰাহকৰ পৰস্পৰ বুজাবুজিৰ পৰিকল্পনাৰ বাবে প্ৰযোজ্য৷ মূল্য আৰু প্ৰতিকাৰ ব্যৱস্থা পৰস্পৰ বুজাবুজিৰ নীতি-নিয়মৰ ওপৰত নিৰ্ভৰশীল৷ বিধেয়কখনে MSP [minimum suhport price] আৰু প্ৰতিকাৰৰ নিৰ্ধাৰিত ব্যৱস্থাৰ প্ৰয়োজনীয়তা নাইকিয়া কৰিব৷ সেয়ে MSP ৰ[minimum suhport price]  অনুপস্থিতিত, ব্যৱসায়ীসকলে কৃষকৰ পৰা সামগ্ৰী ক্ৰয় কৰোঁতে নূ্যনতম মূল্যত ক্ৰয় কৰিবলৈ যত্ন কৰিব, ফলত কৃষকসকলে উচিত মূল্যৰ পৰা বঞ্চিত হ’বলগীয়া পৰিস্থিতিৰ মুখামুখি হ’ব লাগিব৷ তদুপৰি, ব্যৱসায়ী গোষ্ঠীয়ে কৃষকসকলৰ আইনৰ সীমিত জ্ঞানৰ গইনা লোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিব৷ সেয়ে নিদ্দিৰ্ষ্ট প্ৰতিৰোধৰ ব্যৱস্থা নথকা হেতুকে কৃষকসকল ভয়াৱহভাৱে বঞ্চনাৰ সন্মুখীন হ’ব৷ কৃষকসকল প্ৰধানকৈ MSP আৰু ৰাজহুৱা আহৰণৰ ক্ষেত্ৰত সামগ্ৰীৰ উচিত মূল্য পাবলৈ চৰকাৰৰ ওপৰত নিৰ্ভৰশীল৷ সেয়ে নিদ্দিষ্টৰ্ নূ্যনতম মূল্য নিৰ্ধাৰণ আৰু প্ৰতিকাৰ ব্যৱস্থাৰ অনুপস্থিতিয়ে কৃষকৰ স্বাৰ্থৰ পৰিপন্থীকে সূচায়৷The Farmer’s Produce Trade and Commerce [ Promotion and Fecilitation] Bill ২০২০ শীৰ্ষক বিধেয়কখনে ৰাজ্য-চৰকাৰসমূহক বজাৰ-মাচুল, কৃষক-কৰ, ব্যৱসায়ী-কৰ আদিৰ মাধ্যমেৰে ৰাজহ সংগ্ৰহৰ পৰা বঞ্চিত কৰিব আৰু লগতে ৰাজ্যচৰকাৰৰ বৈদ্যুতিক বাণিজ্য ক্ষেত্ৰ নিয়ন্ত্ৰণ কৰাৰ অধিকাৰকো প্ৰভাৱাম্বিত কৰিব৷ বিধেয়কখনৰ লক্ষ্য হৈছে- মুকলি বজাৰ সৃষ্টি কৰা আৰু যথোচিত নিয়ন্ত্ৰণ অবিহনেই পুঁজিপতিৰ অংশগ্ৰহণ বৃদ্ধি কৰা৷ MSP বা আন মূল্যৰ ভাৰসাম্য ৰক্ষা কৰা ব্যৱস্থাৰ অভাৱে বজাৰক অতি প্ৰতিযোগিতামূলক কৰি তুলিব যিয়ে কৃষকসকলক নিম্ন মূল্যত সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ বাধ্য কৰিব৷ এই ব্যৱস্থাই মূলতঃ ক্ষুদ্ৰ কৃষকসকলক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিব যিয়ে অনাগত দিনত পুঁজিপতিৰ আগ্ৰাসনৰ হেতুকে কৃষকে উচিত মূল্যত নিজৰ উৎপাদিত সামগ্ৰীৰ বাবে দৰদাম কৰিবলৈ অপাৰগ হ’ব৷ ই খুবেই দুৰ্ভাগ্যজনক যে বিধেয়কখনত কৃষকৰ বাবে যথোচিত ৰক্ষাকৱচৰ অভাৱে কৃষকসকলক জীয়াতু ভোগাব৷বাহ্যিক দৃষ্টিকোণৰ পৰা সুবিধাজনক যেন লাগিলেও, এই তিনিখন বিধেয়কৰ বিধানসমূহে তথা মুকলি বজাৰ, পুঁজিপতিৰ অধিক উপস্থিতি, অনিয়ন্ত্ৰিত বজাৰ ব্যৱস্থাই কৃষি উদ্যোগটোক ভিতৰৰ পৰা উঁই পোকে খোৱা দি ফোঁপোলা কৰি তুলিব।