Logo
image

নৱবৰ্ষত স্কুল খুলিব, পাৰ্টীত নিষেধাজ্ঞা

একাধিক পৰিষদীয় নিৰ্বাচন, দলীয় সভাৰ পাছত কৰ’না বিধিক লৈ বিভ্ৰান্তিকৰ পৰিস্থিতি

আমাৰ অসম, ৩০ ডিচেম্বৰঃ ৰাজ্য চৰকাৰৰ প্ৰত্যক্ষ নিৰ্দেশত একেখন অসমতে এতিয়া ক’ভিড বিধিৰ ভঙা আৰু গঢ়াৰ খেল চলিছে৷ এফালে চৰকাৰী পৃষ্ঠপোষকতাত ৰ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ৰাজ্যৰ প্ৰত্যেকখন বিদ্যালয়ৰ পাঠদান আৰু আনফালে তাৰ আগনিশা অৰ্থাৎ ৩১ ডিচেম্বৰত কঠোৰ নিষেধাজ্ঞাৰে নতুন বছৰৰ সকলো পাৰ্টীত ক’ভিড বিধি পালন৷ চৰকাৰী নিৰ্দেশৰ কি নমুনা৷ ১ জানুৱাৰীৰ পৰা বিদ্যালয়ত ক’ভিড সংক্ৰমণৰ মাজতে উপস্থিত থাকিব লাগিব প্ৰথম শ্ৰেণীৰ কণমানিৰ পৰা সকলো ছাত্ৰ-ছাত্ৰী৷ অথচ তাৰ মাথোঁ কেইঘণ্টামানৰ পূৰ্বে হ’বলগীয়া নতুন বছৰৰ আদৰণিৰ সকলো পাৰ্টীত ক’ভিডৰ সংক্ৰমণৰ আশংকাত কঠোৰ নিষেধাজ্ঞা৷ গুৱাহাটী মেট্ৰ’ৰ আৰক্ষী আয়ুক্তৰ এই আশ্চৰ্যকৰ বিসদৃশ নিৰ্দেশত সম্পূৰ্ণৰূপে বিভ্ৰান্ত ৰাজ্যবাসী৷ অসমত এতিয়াও ক’ভিডৰ সংক্ৰমণ প্ৰকৃততে আছে নে নাই– চৰকাৰী নিৰ্দেশৰ আধাৰত এই বিষয়টো আজিৰ দিনত তেনেই ধোঁৱাকোৱা, সম্পূৰ্ণৰূপে দুৰ্বোধ্য৷

এই দুৰ্বোধ্য বিষয়টো জনসাধাৰণৰ বাবে বিভ্ৰান্তিকৰ কৰি তুলিছে স্বয়ং ৰাজ্য চৰকাৰে৷ আৰু অধিক নিৰ্দিষ্ট কৰি ক’বলৈ হ’লে ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যৰ স্বাস্থ্য বিভাগে৷ ৰাজ্য চৰকাৰে মঙলবাৰে প্ৰকাশ কৰা এখন ৰাজহুৱা জাননীত কঠোৰ ক’ভিড বিধি অৱলম্বন কৰি জনাইছে যে, ৩১ ডিচেম্বৰত ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া নৱবৰ্ষৰ আদৰণি পাৰ্টীত সকলোৱে চৰকাৰে নিৰ্দেশ দিয়া অনুসাৰে ক’ভিড বিধি পালন কৰিব লাগিব৷ সেই অনুসৰি প্ৰত্যেকখন হোটেল, বাৰ, ব্যক্তিগত পাৰ্টীত সেই স্থানত উপস্থিত থাকিব পৰা মুঠ সংখ্যাৰ অৰ্ধেক লোকহে উপস্থিত থাকিব পাৰিব৷ তেওঁলোকে ক’ভিডৰ সকলো বিধি, যেনে মাস্ক পৰিধান কৰা, সামাজিক ব্যৱধান ৰক্ষা কৰা সকলো কঠোৰভাৱে পালন কৰিব লাগিব৷ ক’ভিড সংক্ৰমণ ঘটি থকা ৰাজ্যত এই নিৰ্দেশত কোনো অস্বাভাৱিকতা নাই৷ কিন্তু ক’ভিড সংক্ৰমণ চলি থকা ৰাজ্যখনত অস্বাভাৱিক আচৰণ সংঘটিত কৰিছে স্বয়ং মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী, শাসনাধিষ্ঠিত দলৰ সভাপতিকে ধৰি সকলোৱে৷ ক’ভিড বিধি এই ৰাজ্যতে চূড়ান্তভাৱে উলংঘা কৰিছে স্বয়ং দেশৰ গৃহমন্ত্ৰীয়ে৷ তিনিদিন পূৰ্বে গুৱাহাটীত অনুষ্ঠিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাত নাছিল কোনো ক’ভিড বিধি৷ কোনেও পালন কৰা নাছিল সামাজিক ব্যৱধান৷ অমিত শ্বাহক আদৰিবলৈ হাজাৰ-বিজাৰ মানুহ, শিল্পীৰ সমাৱেশ হৈছিল, গাত গা লগাই বহি সভা অনুষ্ঠিত হৈছিল৷ তেতিয়া ক’ত গৈছিল চৰকাৰী ক’ভিড বিধি? তাৰো কেইদিনমান আগতে বিটিএডিৰ নিৰ্বাচনী অভিযানত প্ৰত্যেকদিনাই ক’ভিড বিধি উলংঘা কৰিছিল স্বাস্থ্যমন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে, আনৰ কথা বাদেই৷ তেতিয়া ক’ত হেৰাই গৈছিল ক’ভিড বিধি? যি ক’ভিড বিধি চৰকাৰে আজি বলৱৎ কৰিছে ৩১ ডিচেম্বৰৰ পাৰ্টীত৷ নৱবৰ্ষৰ পাৰ্টীত কঠোৰ ক’ভিড বিধি– কি যে নীতিহীন নীতি ৰাজ্য চৰকাৰৰ!

আচলতে কি পৰিস্থিতি এতিয়া ক’ভিডৰ অসম মুলুকত, চৰকাৰী তথ্যই কি কয়? ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী স্বয়ং ড॰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে, যোৱা ২৪ ঘণ্টাত ৰাজ্যত দুজন ক’ভিড আক্ৰান্তৰ মৃত্যু হৈছে৷ শিৱসাগৰৰ মাফিদা বেগম [৬৩] আৰু ধুবুৰীৰ জোনা খাটুনে [৭৫] ক’ভিডত আক্ৰান্ত হৈ প্ৰাণ হেৰুওৱা বুলি জনাইছে তেওঁ৷ এদিন পূৰ্বে কামৰূপ মেট্ৰ’ত ৩১জন একেদিনাই আক্ৰান্ত হোৱা বুলি টুইট কৰিছে স্বাস্থ্যমন্ত্ৰীয়ে৷ আজিৰ দিনতো ৰাজ্যত মুঠতে ৩,৩২৩জন ক’ভিড আক্ৰান্ত চিকিৎসাধীন হৈ থকাৰ তথ্য দিছে, চিকিৎসালয়ত নথকাৰ সংখ্যাও হ’ব কেইবাহাজাৰ৷

ইয়াৰ অৰ্থ ৰাজ্যত ক’ভিড এতিয়াও আছে৷ যদিহে আছে তেন্তে এই পৰিস্থিতিত স্কুল খোলাৰ নিৰ্দেশ কিয় দিলে চৰকাৰে৷ প্ৰথম-দ্বিতীয় শ্ৰেণীৰ কণমানিয়ে পাৰিবনে  পালন কৰিব ক’ভিড বিধি? নিজকে সুৰক্ষিত কৰি ৰাখিব পৰাকৈ সক্ষম নে স্কুলীয়া ছাত্ৰ-ছাত্ৰী? চৰকাৰৰ বিভ্ৰান্তিকৰ নিৰ্দেশ আৰু ক’ভিড বিধি নিজেই উলংঘা কৰা কাৰ্যকলাপত এই সকলোবোৰ এতিয়া ধূসৰ৷ পৰিস্থিতি ঘোলা কৰিছে স্বয়ং চৰকাৰে৷

৩১ ডিচেম্বৰৰ নিশাৰ বাবে কঠোৰ মহানগৰৰ আৰক্ষী, নিশা ১২ বজাৰ ভিতৰত বন্ধ কৰিব লাগিব অনুমতি প্ৰদান কৰাৰ বাৰসমূহ

নতুন বছৰক আদৰাৰ দিনাখন ৩১ ডিচেম্বৰৰ নিশা কঠোৰ হ’ব মহানগৰ আৰক্ষী৷ এই ইংগিত দিছে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই৷ নতুন বছৰক আদৰিবলৈ ক’ভিড প্ৰট’কল মানি চলিবলৈ নিয়ম বান্ধি দিয়া হৈছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই কয় যে যিকোনো ব্যক্তিগত  অনুষ্ঠানত ৫০জনতকৈ অধিক লোকৰ সমাগম হ’ব নোৱাৰিব৷ ৫০খন আসন থাকিলে ২৫জন মানুহ থাকিব পাৰিব বুলি উল্লেখ কৰি আৰক্ষী আয়ুক্ত গৰাকীয়ে কয় যে মাস্ক পৰিধান কৰাৰ লগতে ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব৷ লগতে তেওঁ কয় যে প্ৰতিজন নাগৰিকে সামাজিক দূৰত্ব মানি চলিব লাগিব৷ এই গুৰুত্বপূৰ্ণ নিয়ম জাৰি কৰা হৈছে বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷ গুৱাহাটীৰ বিভিন্ন স্থানৰ আৰক্ষী মোতায়েন কৰি বিশেষ তালাচী অভিযান চলোৱা হ’ব আৰু পেট্ৰ’লিঙতো আৰক্ষী নিয়োজিত  হৈ থাকিব৷ সুৰাপান কৰি গাড়ী চলোৱা একোসৰে নিষেধ কৰা হৈছে৷ সুৰাপায়ীৰ বিৰুদ্ধে ৰাজপথত আৰক্ষীয়ে তালাচী অভিযান চলাব৷ সাধাৰণ বাৰসমূহ নিশা ১০ বজালৈকে খোলা ৰাখিব পাৰিব৷ অনুমতি লাভ কৰা আৱেদনকাৰী বাৰসমূহ নিশা ১২ বজালৈকে খোলা ৰাখিব পাৰিব৷ কিন্তু বাৰসমূহে আৱকাৰী বিধি মানি চলিব লাগিব৷’ এইদৰে কয় মুন্না প্ৰসাদ গুপ্তাই৷ সুৰাপন কৰি গাড়ী নচলাবলৈ আৰক্ষী বিষয়াজনে আহ্বান জনায়৷