কোনে বাৰে বাৰে ভাবুকি দি আছিল ৰিণিক, প্ৰতিবেদন-১
আমাৰ অসম, ৩০ ডিচেম্বৰঃ লণ্ডন নিবাসী সাংস্কৃতিক ব্যক্তিত্বৰ অসমীয়া মহিলা ৰিণি কাকতিৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ন ন তথ্য পোহৰলৈ আহিছে৷ আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত ওলাই পৰিছে কেতবোৰ বিস্ফোৰক তথ্য৷ মূলতঃ ভূমিকেন্দ্ৰিক কাৰণতেই ৰিণি কাকতিৰ মৃত্যু হোৱাৰ থল আছে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷ ইতিমধ্যে তেনে কেতবোৰ সন্দেহজনক কাৰণ সম্বলিত এখন প্ৰতিবেদন ২৯ ডিচেম্বৰৰ সংখ্যা ‘আমাৰ অসম’ কাকতত প্ৰকাশ পাইছে৷ আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি লণ্ডনৰ প্ৰৱাসী অসমীয়া মহিলা ৰিণি কাকতিক মাটি-বাৰী সংক্ৰান্তত হত্যা কৰিব পাৰে কোনো চক্ৰই৷ উল্লেখ্য, ৰিণি কাকতিৰ গুৱাহাটীৰ দিছপুৰ ছুপাৰ মাৰ্কেটৰ দিলীপ হুজুৰী পথত এবিঘা মাটি আছিল৷ যোৱা জানুৱাৰীত গুৱাহাটীলৈ অহা কাকতিয়ে ক’ভিড পৰিস্থিতিৰ বাবে লণ্ডনলৈ উভতি যাব পৰা নাছিল৷ দিছপুৰ ছুপাৰ মাৰ্কেটৰ দিলীপ হুজুৰী পথৰ ঘৰটো পৰিত্যক্ত হৈ পৰাত এবছৰ ধৰি তেওঁ কাহিলীপাৰাস্থিত ব্লু-মুন গে’ষ্ট হাউছত আশ্ৰয় গ্ৰহণ কৰি আছিল৷ ছুপাৰ মাৰ্কেটত থকা কাকতিৰ মাটিত ফ্লেট নিৰ্মাণ কৰিবলৈ বিল্ডাৰে দীৰ্ঘদিন ধৰি হেঁচা দি আহিছিল৷ বিপৰীতে তেওঁ মাটি টুকুৰা বিল্ডাৰক গটাই দিয়াৰ বাবে মুঠেও ইচ্ছুক নাছিল৷ বিল্ডাৰৰ হেঁচাৰ বাবেই মহিলাগৰাকী মানসিকভাৱে ভাগি পৰিছিল৷ ইয়াৰ মাজতে তৃণমূল কংগ্ৰেছ নেতা মনোজ শৰ্মা আৰু এজন দালালে মহিলাগৰাকীৰ পৰা ইছলাম ধৰ্মাৱলম্বী এজন যুৱকক পাৱাৰ অৱ এটৰ্নি দিয়া বুলি প্ৰদৰ্শন কৰিছিল৷ এজন বিল্ডাৰে উক্ত পাৱাৰ অৱ এটৰ্নিখন কামৰূপ মহানগৰ জিলাৰ পঞ্জীয়কৰ কাৰ্যালয়ৰ উপ-পঞ্জীয়ক থৌচানক দৃষ্টি গোচৰ কৰোৱাত তেওঁ জ্ঞাত-অজ্ঞাতভাৱে পঞ্জীয়ন হোৱাৰ কথা অস্বীকাৰ কৰে৷ মৃত ৰিণি কাকতিৰ এজন চিকিৎসক বন্ধুৱে বিল্ডাৰৰ পৰা পাৱাৰ অৱ এটৰ্নী লোৱাৰ বিষয়ে জানিবলৈ অহাত কাকতিয়ে পাৱাৰ অৱ এটৰ্নীটো ভুৱা বুলি জানিব পাৰে৷ ঘটনা সন্দৰ্ভত ৰিণি কাকতিয়ে ভুৱা পাৱাৰ অৱ এটৰ্নীৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল৷ গোচৰ দিয়াৰ পিছতেই এটা দুষ্ট চক্ৰই মোবাইলত ফোন কৰি কাকতিক ভাবুকি প্ৰদান কৰিছিল৷ উল্লেখ্য, কামৰূপ মহানগৰ জিলাৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত চলিত বৰ্ষৰ ১৯ মাৰ্চত ছয়মাইলৰ জয়ানগৰৰ নবাব মিৰাজ আহমেদৰ নামত পাৱাৰ অৱ এটৰ্নী প্ৰস্তুত কৰোৱা দেখুওৱা হৈছিল৷ এই সন্দৰ্ভত আৰক্ষীয়ে চৰজমিন তদন্ত কৰিলে সকলো কথা পোহৰলৈ আহিব বুলি ৰিনি কাকতিৰ পৰিয়ালে দাবী কৰিছে৷ উল্লেখ্য, দেওবাৰে বিয়লি বৰ্ণিহাটৰ পৰা কাহিলীপাৰালৈ আহি থাকোতে দিছপুৰত গাড়ীৰ ভিতৰতেই নিসংগ ৰিণি কাকতি অসুস্থ পৰাত গাড়ী চালকে ততাতৈয়াকৈ তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে ইতিমধ্যে মৃত্যু হোৱা বুলি ঘোষণা কৰিছিল৷ মহিলাগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটো তদন্ত কৰিবলৈ আত্মীয়-স্বজনে আৰক্ষীৰ ওচৰত দাবী জনাইছে৷