Logo
image

কৰ’না-ক্লান্ত ২০২০ৰ যৱনিকা

  • ন প্ৰজাতিৰ ক’ভিড-১৯ৰ ত্ৰাসৰ মাজতে ক’ভিশ্বিল্ড, ক’ভাক্সিনৰ সাহস
  • বছৰৰ প্ৰথম দিনটোতে ভাৰতত টীকাকৰণ?

আমাৰ অসম, ৩১ ডিচেম্বৰঃ  বহু ঈপ্সিত এক ঘোষণাৰে খুউব সম্ভৱতঃ আজিৰ পৰাই যৱনিকা পৰিব কৰ’না ক্লান্ত এটা চৰম অনাকাংক্ষিত বছৰৰ৷  প্ৰহৰ গণনাৰ ভয়াবহ ক্ষণৰ পৰিসমাপ্তি ঘটাই আজি বুধবাৰেই কেন্দ্ৰীয় চৰকাৰে দিব পাৰে কৰ’নাৰ প্ৰতিষেধক প্ৰদানৰ অনুমোদনৰ সেউজ সংকেত৷ ন-প্ৰজাতিৰ ভাইৰাছৰ ত্ৰাসৰ মাজতে পল পল অপেক্ষাৰ অন্তত ভেকচিনে প্ৰদান কৰিব দেশৰ জনতাক নতুন সাহস৷ ত্ৰাসেৰে ভৰা সম্পূৰ্ণ এটা বছৰৰ অৱসান ঘটিব আৰু ভেকচিন-নিৰ্ভৰ এক নিৰাপদ জীৱনৰ প্ৰত্যাশাৰে আগমন ঘটিব নতুন বছৰৰ, য’ত নাথাকিব কৰ’নাৰ ত্ৰাস, মৃত্যুৰ কালান্তক ৰূপ৷ 

‘চেণ্ট্ৰেল ড্ৰাগ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেছন’ৰ বিশেষজ্ঞ কমিটীয়ে আজি বুধবাৰেই গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ দেশৰ কৰ’নাৰ ভেকচিন প্ৰদানৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব৷ বিশেষজ্ঞৰ দলে চূড়ান্ত কৰিব ছিৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰি উলিওৱা অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ উদ্ভাবিত কৰ’নাৰ প্ৰতিষেধক কভিশ্বিল্ড আৰু হায়দৰাবাদৰ ভাৰত বায়’টেকে আই চি এম আৰ-ৰ সৈতে উদ্ভাবন আৰু প্ৰস্তুত কৰা প্ৰতিষেধক ক’ভাক্সিন দেশত জৰুৰীভাৱে সৰ্বসাধাৰণৰ শৰীৰত প্ৰয়োগ কৰাৰ সিদ্ধান্ত৷ সেই সংবাদ আজিয়েই কিম্বা বছৰৰ শেষদিন অথবা নৱবৰ্ষৰ প্ৰথমটো দিনতে মোদী চৰকাৰে দেশবাসীক জনাব পাৰে৷ এই ঘোষণাৰ পাছতে নৱবৰ্ষৰ প্ৰথমটো দিনৰ পৰাই আৰম্ভ হ’ব দেশৰ প্ৰথম ৩০কোটি নাগৰিকৰ টিকাকৰণ কাৰ্যসূচী৷ অৱশ্যে প্ৰথমেই প্ৰতিষেধক লাভ কৰিব দেশৰ চিকিৎসক, স্বাস্থ্যকৰ্মী, আশাকৰ্মীই আৰু ২ কোটি প্ৰথম শাৰীৰ ক’ভিড যোদ্ধাই৷ তাৰ পাছতে প্ৰতিষেধক প্ৰদান কৰা হ’ব দেশৰ ৫০ বছৰৰ উধবৰ্ৰ ২৭ কোটি নাগৰিকক৷ 

ব্ৰিটেইনত শেহতীয়াকৈ আবিষ্কৃত ৭০গুন অধিক সংক্ৰমণ ক্ষমতা থকা কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেইন মুঠতে ২০ জন ভাৰতীয়ৰ শৰীৰত ধৰা পৰাৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত অতি স্বাভাবিকভাবেই সকলোৰে বাবে এক দুৰ্বাৰ সাহস৷ বিগত এটা বছৰে কৰ’নাৰ ভীতিত ক্লান্ত সমগ্ৰ বিশ্বৰ লগতে ভাৰতবাসী৷ ৰ কোটিৰো অধিক নাগৰিকৰ শৰীৰত কৰ’নাৰ সংক্ৰমণ আৰু অতিমাৰীৰ ৰূপ লোৱা এই ভাইৰাছৰ বিস্তাৰত ১ লাখ ৪৬ হাজাৰৰো অধিক ভাৰতীয়ৰ মৃত্যু কেৱল ক্লান্তিয়েই নহয়, আক্ষৰিক অৰ্থতে চৰম ভীতি আৰু আতংকও৷ তাৰ মাজতে আজি আৰু ১৪ জন ব্ৰিটেইন ফেৰৎ ভাৰতীয়ৰ শৰীৰত ধৰা পৰিছে কৰ’নাৰ ব্ৰিটেইনৰ আৱিষ্কৃত ৭০ গুণ অধিক সংক্ৰামক নতুন ষ্ট্ৰেইন৷ এই ঘটনাই দেশত আতংক বৃদ্ধি কৰিছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে বুধবাৰে পুৱাই প্ৰকাশ কৰা অনুসৰি ‘জিনম’ ছিকুৱেন্স’ পৰীক্ষাৰ অন্তত শেহতীয়াকৈ ধৰা পৰা ১৪জনৰ সৈতে ব্ৰিটেইনৰ নতুন ষ্ট্ৰেইন থকা ভাৰতীয়ৰ সংখ্যা আজি ২০ লৈ বৃদ্ধি পালে৷ ইয়াৰে ৭জনৰ নতুন ষ্ট্ৰেইন ধৰা পৰিছে বেংগালুৰুৰ ‘নিমহংস’ত, ২জন হাইদৰাবাদৰ চিচি এম বিত, এজনকৈ পুনেৰ এন আই ভি, দিল্লীৰ আই জি আই চি, পশ্চিম বংগৰ কল্যাণীৰ এন আই বি জি আৰু সৰ্বাধিক ৮জন দিল্লীৰ এন চি ডি চিত৷ প্ৰত্যেকজন নতুন ষ্ট্ৰেইন বহন কৰা সংক্ৰমিতক সংশ্লিষ্ট ৰাজ্যত পৃথক পৃথক আইচ’লেশ্বন ৱাৰ্ডত ৰখা বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জনাইছে৷ অৱশ্যে কোন ৰাজ্যৰ কেইজন ন-প্ৰজাতিৰ দ্বাৰা আক্ৰান্ত সেয়া মুকলি কৰা নাই কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে৷ ইয়াৰ মাজতে উত্তৰ প্ৰদেশৰ মীৰাটত বিলাত ফেৰৎ এটি দুবছৰীয়া শিশুৰ শৰীৰত নতুন ষ্ট্ৰেইন পোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আনহাতে যোৱা প্ৰায় এমাহত ২৮ নৱেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈ ব্ৰিটেইনৰ পৰা ভাৰতলৈ ৩৩,০০০ যাত্ৰী অহাৰ ঘটনাই দেশত ব্ৰিটেইনৰ নতুন ষ্ট্ৰেইন বিয়পি পৰা নিশ্চিত কৰি তুলিছে৷ কিয়নো ব্ৰিটেইনত যোৱা ছেপ্টেম্বৰতে নতুন ষ্ট্ৰেইন ধৰা পৰিছিল৷ এতিয়া বিগত এমাহত ভাৰতলৈ অহা ৩৩,০০০ লোকক বিচাৰি উলিওৱাতো তেনেই অসম্ভৱ বুলি স্বীকাৰ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে৷ এমাহত তাৰে কিমানে দেশত এই নতুন ষ্ট্ৰেইনৰ বিস্তৃতি ঘটালে সেয়া কল্পনাতীত বুলিও অসহায়ভাৱ প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ বুধবাৰে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰণালয়ে ব্ৰিটেইনৰ পৰা ভাৰতলৈ অহা বিমান ৭ জানুৱাৰী পৰ্যন্ত বন্ধ ঘোষণা কৰিছে৷ 

২০১৯ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ৩০ ডিচেম্বৰত চীনৰ হুবেই প্ৰদেশৰ ৰাজধানী উহানৰ প্ৰশাসনে এবিধ নতুন ভাইৰাছৰ বিষয়ে ঘোষণা কৰিছিল৷ যাৰ নাম আছিল ছাৰ্ছ- ক’ভ-২ বা ন’ভেল কৰ’না  ভাইৰাছ, ২০১৯ চনত আৱিস্কাৰ হোৱাৰ বাবে এই ভাইৰাছ ক’ভিড-১৯ হিচাপে কালক্ৰমত পৰিচিত হৈছিল৷ উহান মিউনিচিপেল হেল্‌থ কমিছনৰ জাননীত সতৰ্ক কৰা হৈছিল– ই পৃথিবীৰ সকলো ভাইৰাছতকৈ ‘মষ্ট ইনফেকছাছ আৰু মষ্ট লীথাল’ [সৰ্বাধিক সংক্ৰামক আৰু সৰ্বাধিক মাৰাত্মক]৷ অৱশ্যে তাৰ পূৰ্বেই উহানত অচিন ভাইৰাছ অতি অবিশ্বাস্য গতিত সংক্ৰমিত হৈছিল আৰু ইজনৰ পাছত সিজনৰ মৃত্যু ঘটিছিল৷ অচিন ভাইৰাছৰ ফলত হোৱা অচিন ৰোগৰ চিকিৎসা নাছিল আৰু সংক্ৰমণ, মৃত্যু ৰোধ কৰাটো অসম্ভৱ হৈ পৰিছিল৷ ৩১ ডিচেম্বৰত চীনৰ সংবাদ মাধ্যমে এই ভাইৰাছৰ ব্ৰেকিং নিউজ কৰিছিল আমেৰিকাৰ মুকলি সংবাদ মঞ্চ ‘প্ৰ’ মেড’ত৷ বিশ্ব স্বাস্থ্য সংন্থাৰ জেনেভাৰ কাৰ্যালয়ে সেই সংবাদৰ ওপৰত ভিত্তি কৰি ২০১৯চনৰ শেষ দিনটোত সতৰ্কবাণী জাৰি কৰিছিল৷ কিন্তু ইতিমধ্যে উহানৰ পৰা কৰনা ভাইৰাছ বৰ্হিৰাষ্ট্ৰলৈ ওলাই গৈছিল আৰু সেই ভাইৰাছেই দমন কৰি ৰাখিলে ২০২০ চনৰ সমগ্ৰ সময় আৰু সমগ্ৰ বিশ্ব৷

পহিলা জানুৱাৰীৰ পৰা ক’ভিডৰ আপডেট নিদিওঁঃ হিমন্ত

অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পহিলা জানুৱাৰীৰ পৰা ক’ভিডৰ কোনো ‘আপডেট’ নিদিয়ে বুলি সংবাদ মেলত ঘোষণা কৰিছে৷ ৰাজ্যত এতিয়াও ক’ভিডৰ পৰিস্থিতিৰ অৱসান নৌঘটোতেই স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ বা ফেচবুকৰ জৰিয়তে কৰ’না আক্ৰান্ত অথবা মৃতকৰ কোনো আপডেট নিদিয়ে বুলি কৰা ঘোষণাই ৰহস্যৰ সৃষ্টি কৰিছে৷ ধাৰণা কৰা হৈছে, আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ ক’ভিড পৰিস্থিতি ৰাজ্যবাসীৰ পৰা লুকুওৱাৰ বা গোপনে ৰখাৰ চেষ্টা চলাইছে, যাতে নিৰ্বাচনমুখী ৰাজ্যখনত জনমানসত ক’ভিডে কোনো প্ৰতিক্ৰিয়াৰ সৃষ্টি নকৰে৷