Logo
image

ৰিণি কাকতিক হত্যা? প্ৰতিবেদন-২

‘আমাৰ অসম’ৰ বাতৰিৰ পাছত আৰক্ষীৰো সন্দেহ

আমাৰ অসম, ৩১ ডিচেম্বৰঃ লণ্ডন প্ৰবাসী বিদূষী অসমীয়া মহিলা ৰিণি কাকতিক প্ৰকৃততে হত্যা কৰা হৈছিল নেকি? কাকতিৰ মৃত্যু স্বাভাৱিক নহয় নেকি? –এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি এতিয়া দিনে-নিশাই ব্যস্ত হৈ পৰিছে তদন্তকাৰী আৰক্ষী৷ এই সন্দৰ্ভত ‘আমাৰ অসম’ত প্ৰকাশিত তথ্যভিত্তিক বাতৰিৰ পাছতেই এই সন্দৰ্ভত আৰক্ষীৰ সন্দেহ গাঢ়তৰ হয় আৰু সেইমৰ্মে যাৱতীয় তদন্তৰ দিহা কৰে আৰক্ষীয়ে৷ সেইসূত্ৰে লণ্ডনত অসমীয়া ভাষা-সংস্কৃতিৰ হকে কাম কৰি অহা প্ৰৱাসী অসমীয়া মহিলা ৰিণি কাকতিৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই এতিয়া নতুন পাক লৈছে৷ লণ্ডন নিৱাসী সাংস্কৃতিক ব্যক্তিত্বৰ অসমীয়া মহিলা ৰিণি কাকতিক মাটি-বাৰীৰ বাবেই হত্যা কৰিব পাৰে বুলি দিছপুৰৰ আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে৷ ইতিমধ্যে তেনে কেতবোৰ সন্দেহজনক কাৰণ সম্বলিত প্ৰতিবেদন ২৯ আৰু ৩০ ডিচেম্বৰৰ সংখ্যা ‘আমাৰ অসম’ কাকতত প্ৰকাশ পাইছে৷ আজি ‘আমাৰ অসম’ৰ তৰফৰ পৰা এই সন্দৰ্ভত দিছপুৰ সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু দাসক সাক্ষাৎ কৰি ৰিণি কাকতিৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত তথ্য সংগ্ৰহ কৰা হৈছিল৷ আৰক্ষী বিষয়া হিমাংশু দাসে ‘আমাৰ অসম’ৰ আগত কয়– ‘ভূমিৰ বাবেই ৰিণি কাকতিক দুষ্কৃতিকাৰীয়ে হত্যা কৰিব পাৰে৷ আৰক্ষী বিষয়াজনে লগতে কয় যে ছুপাৰ মাৰ্কেটৰ সমীপৰ এবিঘা ভূমিক লৈ ৰিণি কাকতি আৰু নবাব মিৰাজ আহমেদৰ মাজত যিখন পাৱাৰ অৱ এটৰ্নী প্ৰস্তুত হৈছিল সেইখন ভুৱা বুলি আমি তথ্য লাভ কৰিছোঁ৷ পাৱাৰ অৱ এটৰ্নীখন জাল নে প্ৰকৃত সেই সন্দৰ্ভত তদন্তকাৰী বিষয়াই অনুসন্ধান কৰি আছে৷’ আনহাতে, ৰিণি কাকতিৰ মৃত্যুৰ সময়ত লগত থকা কেয়াৰ টেকাৰ কনক ৰাজবংশী আৰু গাড়ীচালক প্ৰশান্ত গগৈক ঘটনা সন্দৰ্ভত সোধা-পোছা কৰা হৈছে যদিও তেওঁলোকৰ ভাষ্য বিশ্বাসত লোৱা হোৱা নাই বুলি আৰক্ষী বিষয়াজনে সদৰী কৰে৷ ঘটনা সন্দৰ্ভত কেয়াৰ টেকাৰ আৰু গাড়ীচালকজনক পুনৰ জেৰা কৰা হ’ব বুলি হিমাংশু দাসে জানিবলৈ দিয়ে৷ আনহাতে, মৃত ৰিণি কাকতিৰ ঘৰৰ মানুহে আৰক্ষীক সহযোগ নকৰাৰ বাবেই ৰিণি কাকতিৰ ৰহস্যজনক মৃত্যুৰ তদন্ত আগবঢ়াব পৰা নাই বুলি তদন্তকাৰী বিষয়া হাছান মজুমদাৰে জানিবলৈ দিয়ে৷ উল্লেখ্য, সুদীৰ্ঘ ৪৫ বছৰ ধৰি লণ্ডনত অসমীয়া ভাষা-সংস্কৃতিৰ হকে কাম কৰি অহা প্ৰৱাসী অসমীয়া মহিলা ৰিণি কাকতিয়ে [৭৫] যোৱা জানুৱাৰীত অসমৰ বাসগৃহলৈ আহিছিল৷ ক’ভিড পৰিস্থিতিৰ বাবেই লণ্ডনলৈ উভতি যাব নোৱাৰি গুৱাহাটীৰ ছুপাৰ মাৰ্কেটৰ বাসভৱনত থাকিবলগীয়া হয়৷ নিজৰ ঘৰ জৰাজীৰ্ণ হোৱাৰ বাবেই ৰিণি কাকতি যোৱা মাৰ্চত জটীয়াৰ ব্লু-মুন গেষ্ট হাউছৰ ১০৩ নম্বৰ কোঠালীত আশ্ৰয় গ্ৰহণ কৰি আছিল৷ দেওবাৰে বিয়লি বৰ্ণিহাটৰ পৰা জটীয়ালৈ আহি থাকোঁতে দিছপুৰত গাড়ীৰ ভিতৰতে মহিলাগৰাকী অসুস্থ হৈ পৰাত গাড়ীচালকে ততাতৈয়াকৈ তেওঁক জি এম চি এইচত ভৰ্তি কৰায় যদিও চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি ইতিমধ্যে মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি ঘোষণা কৰিছিল৷ উল্লেখ্য, নবাব মিৰাজ আহমেদৰ নামত হোৱা পাৱাৰ অৱ এটৰ্নীখন জাল বুলি ধৰা পৰাত ৰিণি কাকতিয়ে আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছিল৷ এজাহাৰ দাখিল কৰাৰ পাছৰে পৰাই এটা চক্ৰই ফোনযোগে ৰিণি কাকতিক বাৰম্বাৰ ভাবুকি দি আহিছিল৷