Logo
image

নিষেধাজ্ঞাৰ মাজতে নৱবৰ্ষ নিশাত ক’ত কেনে প্ৰস্তুতি

আমাৰ অসম, ৩১ ডিচেম্বৰঃ এইবাৰ ঘৰৰ বাহিৰত ইংৰাজী নৱবৰ্ষ উদ্‌যাপনৰ বাবে আপুনি কিবা বিশেষ প্ৰস্তুতি চলাইছে নেকি? ৩১ ডিচেম্বৰত বন্ধু-বান্ধৱীৰ সৈতে কোনো সুদৃশ্য হোটেল, ক্লাব, ডিস্ক’থেক, পাব বা ৰেস্তোৰাঁলৈ যোৱাৰ কথা ভাবিছে নেকি? মনে মিলা মানুহৰ সৈতে সেইবোৰ ঠাইত ৩১ ডিচেম্বৰ বা ৰ জানুৱাৰীৰ নিশা ‘চেলিব্ৰেট’ কৰাৰ কথা মনতে পাঙিছে নেকি? যদি আপুনি এনেধৰণৰ পৰিকল্পনা কৰিছে, তেন্তে আপুনি শীঘ্ৰেই সেই পৰিকল্পনাৰ বিষয়ে নতুনকৈ চিন্তা কৰক৷ কিয়নো ইংৰাজী নৱবৰ্ষ উদ্‌যাপনৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ স্থিতি৷ আগতেও এনে সময়ত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰে চৰকাৰ-প্ৰশাসনে৷ কিন্তু এইবাৰ পৰিস্থিতি কিছু সুকীয়া৷ ব্ৰিটেইনত নতুনকৈ আৰম্ভ হোৱা কৰ’না-কাণ্ডৰ পৰিপ্ৰেক্ষিতত ভাৰততো গ্ৰহণ কৰা হৈছে বিশেষ সাৱধানতা৷ বিলাতৰ পৰা অসমলৈ অহা লোকৰ দেহতো ধৰা পৰিছে কৰ’না ভাইৰাছৰ উপসৰ্গ৷ ৰাজনৈতিক সভা-সমিতিৰ ক্ষেত্ৰত ‘উদাৰ মনোভাৱ’ পোষণ কৰিলেও বাকীবোৰ ক্ষেত্ৰত চৰকাৰ কঠোৰ৷ চৰকাৰৰ কঠোৰতাৰ বাবেই ‘জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে’– এই অসমীয়া আপ্তবাক্যষাৰ বহুলাংশে প্ৰযোজ্য হৈছে হোটেল, ৰেস্তোৰাঁ, ডিস্ক’থেক, বাৰ, পাব আৰু ক্লাববোৰৰ ক্ষেত্ৰত৷ বিটিচি আৰু তিৱা পৰিষদৰ নিৰ্বাচনৰ বাবে অনুষ্ঠিত নিৰ্বাচনী সভাবোৰত হাজাৰ হাজাৰ মানুহ সমৱেত হ’বলৈ অনুমতি দিয়া চৰকাৰে নিৰ্বাচন পাৰ হোৱাৰ পাছতেই গ্ৰহণ কৰিলে বিপৰীত স্থিতি৷ নৱবৰ্ষ উদ্‌যাপনৰ ক্ষেত্ৰত আৰোপ কৰিলে বাধা-নিষেধ৷ একে ঠাইত একে সময়তে ৫০জনতকৈ বেছি লোক সমৱেত হোৱাটো চৰকাৰে নিষিদ্ধ কৰিলে৷ ৰাজ্যৰ মুখ্য সচিবে এই নিৰ্দেশনা জাৰি কৰাৰ দুদিন পাছতে আমিনগাঁৱত স্বয়ং কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাত ভাগ ল’লে হাজাৰ হাজাৰ লোকে, যিসকলৰ ৯৫ শতাংশৰে নাছিল মাস্ক, য’ত অস্তিত্বই নাছিল শাৰীৰিক ব্যৱধানৰ৷ এই সন্দৰ্ভত সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশিত হোৱাৰ পাছতো স্বাভাৱিক কাৰণতেই চৰকাৰ নীৰৱ হৈ ৰয়৷ বিপৰীতে নৱবৰ্ষ উদ্‌যাপনক কেন্দ্ৰ কৰি ২৪ ডিচেম্বৰৰ নিশা জাৰি কৰা নিৰ্দেশনা উলংঘা কৰিলে কঠোৰ শাস্তি বিহাৰ কথা ঘোষণা কৰিলে চৰকাৰে৷ চৰকাৰৰ নতুন নিৰ্দেশনা মতে নৱবৰ্ষ উদ্‌যাপন বা আন কোনো কাৰণতে একে সময়তে একে ঠাইত ৫০জনতকৈ অধিক লোক সমৱেত হ’ব নোৱাৰিব৷ সকলোৱে মাস্ক পৰিধান কৰিব লাগিব৷ ছেনিটাইজাৰৰ ব্যৱহাৰ বাধ্যতামূলক৷ সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব৷ নিশা ১০ বজাৰ পাছত মাইক বা উচ্ছস্বৰত ছাউণ্ড ছীষ্টেম ব্যৱহাৰ কৰিব নোৱাৰিব৷ যিবোৰ হোটেল-ক্লাব, বাৰ-পাবে আগতীয়াকৈ অনুমতি লৈছে, সেইবোৰ নিশা ১২ বজালৈ খোলা ৰাখিব পাৰিব যদিও বৰ্ধিত সময়ৰ আগতীয়া অনুমতি নোলোৱা সকলো হোটেল, ৰেস্তোৰাঁ, ক্লাব, বাৰ ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীৰ নিশা দহ বজাত বন্ধ কৰিব লাগিব৷ নতুন নীতি-নিৰ্দেশনা বাহাল থাকিব ১০ জানুৱাৰীপৰ্যন্ত৷ সুৰা পান কৰি গাড়ী চলালে কঠোৰ শাস্তি বিহাৰ কথাও ঘোষণা কৰিছে চৰকাৰে৷ আনকি সুৰা পান কৰা আৰোহীসকলৰ ক্ষেত্ৰতো চৰকাৰে কঠোৰতা অৱলম্বন কৰিছে৷ অসম চৰকাৰে এইবাৰ নৱবৰ্ষ উদ্‌যাপনৰ ক্ষেত্ৰত জাৰি কৰা কঠোৰ নীতি-নিৰ্দেশনাৰ সূত্ৰে গুৱাহাটীৰ অধিকাংশ তাৰকাযুক্ত হোটেল, সাধাৰণ হোটেল, ৰেস্তোৰাঁ, ক্লাব, ধাবা আৰু বাৰ-পাবে নৱবৰ্ষ উদ্‌যাপনৰ কাৰ্যসূচী সীমিত কৰিছে৷ গুৱাহাটীৰ আশে-পাশে থকা হোটেল, ৰেস্তোৰাঁ আৰু অভিজাত ধাবাতো অনুৰূপ পৰিস্থিতি৷ পোনপটীয়াকৈ ক’বলৈ গ’লে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ একেই পৰিস্থিতি৷ ইয়াৰ মাজতো কেতবোৰ হোটেল, ৰেস্তোৰাঁ, ক্লাব আৰু ডিস্ক’থেকে ক’ভিড বিধি অনুসৰি নৱবৰ্ষ আদৰণিৰ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে৷ ব’টানী ৰেস্তোৰাঁ, ইণ্ডিয়া ক্লাব, ডায়মণ্ড ক্লাব, টাউন ক্লাব, হাৰ্ড ৰক কাফে, এক্স’ৰ’  ৰূফ্‌টপ পাব, দ্যা ছ’চিয়েলাইট, হোটেল পেলেচিঅ’, দ্যা চেলাৰ আৰু চনকা জাংগল কেম্প আদিত ক’ভিড বিধিৰ সীমাৱদ্ধতাৰ মাজতে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ বিভিন্ন হোটেল, ৰেস্তোৰাঁ, ক্লাব, বাৰ, পাব আৰু ডিস্ক’থেক আদিত ‘ডিজে নাইট’ৰো আয়োজন কৰা হৈছে৷ নৱবৰ্ষৰ অনুষ্ঠানৰ প্ৰৱেশ মূল্যও স্থানভেদে বিভিন্ন ধৰণৰ৷ অকলশৰীয়া যুৱক-পুৰুষৰ ক্ষেত্ৰত ৪ হাজাৰৰ পৰা ২০ হাজাৰ টকা, অকলশৰীয়া যুৱতী-মহিলাৰ ক্ষেত্ৰত ৩ হাজাৰৰ পৰা ১৫ হাজাৰ টকা, কাপ্‌ল-পেয়াৰৰ ক্ষেত্ৰত ৬ হাজাৰৰ পৰা ২৫ হাজাৰ টকা প্ৰৱেশ মূল্য ধাৰ্য কৰা হৈছে৷  হোটেল তাজ ভিভাণ্টাৰ জনসম্পৰ্কৰক্ষী বিষয়া ইন্দ্ৰানী ফুকনে জনোৱা মতে, ক’ভিডকেন্দ্ৰিক পৰিস্থিতিৰ বাবে এইবাৰ ইংৰাজী নৱবৰ্ষ উদ্‌যাপনৰ বাবে বিশেষ আয়োজন কৰা হোৱা নাই৷ হোটেল নন্দনতো গ্ৰহণ কৰা হৈছে অনুৰূপ ব্যৱস্থা৷ ৰেডিছন ব্লুৰ জনসম্পৰ্কৰক্ষী বিষয়া পিনাজ ফাৰুকে জনোৱা মতে, এইবাৰ কোনোধৰণৰ বিশেষ কাৰ্যসূচী বা সমাৱেশৰ আয়োজন কৰা হোৱা নাই৷ কেৱল নৱবৰ্ষ উপলক্ষে এবিধ বিশেষ মেনুৰ ব্যৱস্থা কৰা হৈছে৷ এনেদৰেই ক’ভিডকালীন পৰিস্থিতিত চৰকাৰী নিষেধাজ্ঞাৰ মাজতেই ইংৰাজী নৱবৰ্ষ উদ্‌যাপনৰ প্ৰস্তুতি চলিছে গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যত৷ ইফালে, নৱবৰ্ষৰ বাবে ঘৰে ঘৰে আয়োজন কৰা হৈছে ভোজ-ভাতৰ৷ সেইবাবেই বুধবাৰৰ পৰাই গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যত মাছ-মাংস আৰু শাক-পাচলিৰ দাম দ্ৰুতগতিত বৃদ্ধি পাইছে৷ সুৰা বিপণীৰ সন্মুখতো দেখা গৈছে গ্ৰাহকৰ অভাৱনীয় ভিৰ৷ এনে সময়তে কেইবাখনো বিদ্যালয়ৰ সন্মুখত আঁৰি দিয়া হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী কবিতাৰ সেই পংক্তি– ‘হে নতুন নমস্কাৰ৷ যুগে যুগে আহ তই, দেশে দেশে ভাঁহ তই, ভোঁহাৰি-বিদাৰি-ফালি পুৰণি সংস্কাৰ, হে নতুন নমস্কাৰ...৷’