Logo
image

১০ মাহৰ পাছত আনুষ্ঠানিকভাৱে মুকলি অসম ৰাজ্যিক চিৰিয়াখানা

আমাৰ অসম, ৩১ ডিচেম্বৰঃ ক’ভিড-১৯ পৰিস্থিতিৰ বিগত ১০ মাহ ধৰি বন্ধহৈ থকা অসম ৰাজ্যিক চিৰিয়াখানা আৰু বটানিকেল গাৰ্ডেন আনুষ্ঠানিকভাৱে মুকলি । বহুকেইজন জ্যেষ্ঠ বন বিষয়াৰ উপস্থিতিত বৃহস্পতিবাৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য়ই পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে অসম ৰাজ্যিক চিৰিয়াখানা আৰু বটানিকেল গাৰ্ডেন। সম্পূৰ্ণৰূপে অনলাইন প্ৰক্ৰিয়াৰে দৰ্শনাৰ্থীসকলে টিকট সংগ্ৰহ কৰিব লাগিব। সকলো ক’ভিড-১৯ বিধি মানি, assamstatezoo.in এই ৱেবছাইটৰ জৰিয়তে টিকট সংগ্ৰহ কৰি ২ জানুৱাৰীৰ পৰা দৰ্শন কৰিব পাৰিব অসম ৰাজ্যিক চিৰিয়াখানা।