Logo
image

গাড়ী দুৰ্ঘটনাৰ পাছত প্ৰথমবাৰৰ বাবে ছ’চিয়েল মিডিয়াত মুখ খুলিলে পণ্টে

আমাৰ অসম, ১৭ জানুৱাৰী: গাড়ী দুৰ্ঘটনাত আহত হৈ চিকিৎসাধীন হৈ থকা ঋষভ পণ্টে ভয়াৱহ ঘটনাটোৰ পাছত প্ৰথমবাৰৰ বাবে ছ’চিয়েল মিডিয়াত নিজৰ মুখ খুলিলে৷ সোমবাৰে সন্ধিয়া কেইটামান টুইট কৰিছে পণ্টে৷ তেওঁ জনাইছে যে ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তনৰ বাবে যুঁজ আৰম্ভ হৈছে৷ লগতে তেওঁ ধন্যবাদ জনাইছে বি চি চি আই আৰু চিকিৎসকসকলক৷ পণ্টে লিখিছে–‘দুৰ্ঘটনাৰ পাছত লাভ কৰা ভালপোৱা আৰু শুভেচ্ছাত মই আপ্লুত আৰু সকলোৰে ওচৰত কৃতজ্ঞ৷ মোৰ অস্ত্ৰোপচাৰ সফল হৈছে, এই কথা জানিব পাৰি অতিশয় আনন্দিত৷ ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ আহিবলগীয়া প্ৰত্যাহ৩ানৰ বাবে মই সাজু৷ মোক কাষত থকাৰ বাবে ভাৰতীয় ক্ৰিকেট ব’ৰ্ড সচিব  জয় শ্বাহ আৰু  বিষয়া সকলক ধন্যবাদ জনাইছো৷’ আন এটা টুইটত পণ্টে লিখিছে–‘সকলো সমৰ্থক, সতীৰ্থ, চিকিৎসক আৰু ফিজিঅ’ক হূদয়ৰ গভীৰৰ পৰা ধন্যবাদ জনাইছো৷ মোক প্ৰতি মুহূৰ্ততে উৎসাহিত কৰাৰ বাবে ধন্যবাদ৷ সকলোকে খেলপথাৰত দেখা পোৱাৰ বাবে অপেক্ষা কৰিছো৷’