Logo
image

ৰন্ধন গেছৰ মূল্য ১৭ টকা বৃদ্ধি, দাম কমিব সুৰাৰ

আমাৰ অসম, ০২ জানুৱাৰীঃ ক’ভিডজনিত পৰিস্থিতিৰ সৈতে যুঁজ দিয়াৰ বাবে প্ৰয়োজন হোৱা বুজন পৰিমাণৰ পুঁজি যোগাৰ কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে পে’ট্ৰল-ডিজেল আৰু সুৰাৰ ওপৰত উৎপাদন শুল্ক বৃদ্ধি কৰিছিল৷ এই উৎপাদন শুল্ক বৃদ্ধিৰ ফলত সমগ্ৰ দেশতে বৃদ্ধি পাইছিল পে’ট্ৰল-ডিজেল আৰু সুৰাৰ মূল্য৷ কিন্তু পৰিস্থিতি স্বাভাৱিক হোৱাৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰে প্ৰত্যাহাৰ কৰা হ’ব এই বৰ্ধিত শুল্ক৷ এই বৰ্ধিত শুল্ক প্ৰত্যাহাৰ কৰাৰ পাছতে ৰাজ্যত তিনিওবিধ সামগ্ৰীৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা আছে৷ ৰাজ্যৰ বিত্তমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মত প্ৰকাশ কৰি শুকুৰবাৰে কয়– ফেব্ৰুৱাৰীত যেতিয়া বিধানসভাত লেখানুদান উত্থাপন কৰা হ’ব তাত ক’ভিডৰ সময়ত যিমান যিমান অৰ্থনৈতিক পদক্ষেপ গ্ৰহণ কৰা হৈছিল যেনে পে’ট্ৰল-ডিজেলৰ ওপৰতে হওক বা সুৰাৰ ওপৰতে যি অতিৰিক্ত কৰ আৰোপ কৰা হৈছিল সেইসমূহ প্ৰত্যাহাৰ কৰা হ’ব৷ উল্লেখ্য, মাৰ্চত চৰকাৰে পে’ট্ৰল আৰু ডিজেলৰ ওপৰত উৎপাদন শুল্ক প্ৰতিলিটাৰত ৮ টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত লৈছিল৷ ক’ভিডৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে প্ৰয়োজন হোৱা বৃহৎ পৰিমাণৰ পুঁজি যোগাৰ কৰিবলৈয়ে চৰকাৰে এনেদৰে পে’ট্ৰল আৰু ডিজেলৰ ওপৰত উৎপাদন শুল্ক বৃদ্ধি কৰিছিল৷ আনহাতে, ৰাজ্য চৰকাৰে সুৰাৰ ওপৰতো ক’ভিড শুল্ক হিচাপে বুজন পৰিমাণৰ অতিৰিক্ত কৰ আৰোপ কৰিছিল৷ এই কৰৰ পৰিমাণ আছিল ২৫ শতাংশ৷ আনহাতে, নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰাই কেন্দ্ৰীয় চৰকাৰে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত লৈছে৷ দিল্লী আৰু মুম্বাইত প্ৰতিটো ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ মূল্য ১৭ টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত লৈছে ভাৰতীয় তেল নিগমে৷ সেই অনুসৰি প্ৰতিটো চিলিণ্ডাৰৰ মূল্য হ’ব ৬৯৪ টকা৷