Logo
image

অক্সফ’ৰ্ড ভেক্‌চিনক সেউজ সংকেত, টীকাকৰণ শীঘ্ৰেই

আমাৰ অসম, ০২ জানুৱাৰীঃ ভীতিবিহ্বলতাৰে ভৰা এটা সম্পূৰ্ণ বছৰৰ অৱসান ঘটাই বছৰৰ প্ৰথমটো দিনতে আহিল প্ৰত্যাশাৰ বতৰা৷ ক’ভিডৰ দীঘলীয়া আতংকময় প্ৰতীক্ষাৰ যৱনিকা পৰিল ভেক্‌চিনৰ সাহসেৰে৷ শুকুৰবাৰে পহিলা জানুৱাৰীৰ দিনাই স্বাস্থ্য মন্ত্ৰণালয়ে গঠন কৰি দিয়া বিশেষজ্ঞ কমিটীয়ে অক্সফৰ্ডৰ জেনাৰ ইনষ্টিটিউটে উদ্ভাৱন কৰা কৰ’নাৰ প্ৰতিষেধক ক’ভিশ্বিল্ডক ভাৰতত সামগ্ৰিকভাৱে ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰাৰ লগে লগে ক’ভিডৰ বিৰুদ্ধে ভাৰতবাসীৰ প্ৰকৃত যুদ্ধৰ সূচনাও নিশ্চিত হ’ল৷ পৰীক্ষামূলকভাৱে ক’ভিশ্বিল্ডৰ প্ৰতিষেধক প্ৰয়োগ কেইবামাহ পূৰ্বেই ভাৰতত আৰম্ভ হৈছিল৷ শুকুৰবাৰে ‘চেন্টেল ড্ৰাগ কন্ট্ৰল অৰ্গেনাইজেছনে’ ভাৰতত অক্সফৰ্ডৰ প্ৰতিষেধক প্ৰদানৰ বাবে সেউজ সংকেত প্ৰদান কৰাৰ পাছত এতিয়া ‘ড্ৰাগ্‌ছ কন্ট্ৰল জেনেৰেল অৱ ইণ্ডিয়াই’ এই প্ৰতিষেধক সামূহিকভাৱে দেশত প্ৰদান কৰিবলৈ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব৷ ধাৰণা কৰা হৈছে, সেই ঘোষণা হ’ব চৰকাৰী৷ খুব সম্ভৱতঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিডৰ টিকাকৰণৰ বিষয়ে জাতিক উদ্দেশ্যি ভাষণ প্ৰদানেৰে মুকলি ঘোষণা কৰিব৷

অক্সফৰ্ডৰ প্ৰতিষেধক উদ্ভাৱন কৰিছে জেনাৰ ইনষ্টিটিউটে৷ এই প্ৰতিষেধক ইউৰোপ আৰু আমেৰিকাৰ বাবে প্ৰস্তুত কৰিব ব্ৰিটিছ-ছুইডিছ বায়’টেক কোম্পানী এষ্ট্ৰাজেনেকাই৷ ভাৰত আৰু তেনে পৰ্যায়ৰ দেশৰ বাবে এই প্ৰতিষেধক প্ৰস্তুত কৰাৰ দায়িত্ব লাভ কৰিছে বিশ্বৰ বৃহত্তম প্ৰতিষেধক প্ৰস্তুতকৰ্তা কোম্পানী পুনেৰ ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই৷ ছিৰামৰ চি ই অ’ আদৰ পুনাৱালাই প্ৰকাশ কৰা অনুসৰি তেওঁলোকে প্ৰস্তুত কৰি উলিওৱা প্ৰথম প্ৰতিষেধকৰ প্ত কোটি পালি ভাৰতে পাব৷ অৱশ্যে এতিয়াও ভাৰত চৰকাৰৰ সৈতে ছিৰামৰ প্ৰতিষেধক ক্ৰয়ৰ কোনো চুক্তি স্বাক্ষৰ হোৱা নাই৷ তথাপি ছিৰামে ভাৰতকে অগ্ৰাধিকাৰ দিব বুলি জনাইছে আদৰ পুনাৱালাই৷ তেওঁ জনোৱা অনুসৰি এই প্ৰতিষেধকৰ মূল্য কম হ’ব, কিয়নো ইয়াৰ সংৰক্ষণৰ বাবে সাধাৰণ ৰিফ্ৰিজাৰেটৰেই যথেষ্ট৷ ক’ভিশ্বিল্ডৰ এই সুবিধাৰ বিপৰীতে ফাইজাৰৰ প্ৰতিষেধক ৰাখিব লাগে মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাত৷ চৰকাৰী যোগানৰ ক্ষেত্ৰত ইয়াৰ মূল্য ৩৫০-৪০০ টকা আৰু বেচৰকাৰী যোগানৰ ক্ষেত্ৰত ৮০০ টকা হ’ব বুলি জনাইছে পুনাৱালাই৷

অক্সফৰ্ডে তেওঁলোকৰ ঘোষণাপত্ৰত ক’ভিশ্বিল্ডৰ কাৰ্যকাৰিতা গড়ে ৭০ শতাংশ বুলি জনাইছে৷ পৰীক্ষাৰ সময়ত প্ৰতিষেধকৰ দুপালি প্ৰয়োগত ৬২ শতাংশ কাৰ্যকাৰিতা দেখা গৈছিল৷ সেই দিশৰ পৰা ৯৫ শতাংশ কাৰ্যকাৰিতাৰে ফাইজাৰ আগবাঢ়ি আছে৷ ক’ভিশ্বিল্ডৰ দুটা পালিৰ প্ৰদানৰ মাজত ব্যৱধান বঢ়ালে তাৰ কাৰ্যকাৰিতা বৃদ্ধি পায় বাবেই ভাৰতীয় বিশেষজ্ঞই ক’ভিশ্বিল্ডক আগতীয়া অনুমতি দিলে৷ বুধবাৰৰ ‘প্ৰেজেণ্টেচন’ত বিশেষজ্ঞ কমিটীৰ সন্মুখত ক’ভিশ্বিল্ডৰ হৈ ছিৰামে, ক’ভাক্সিনৰ হৈ ভাৰত বায়’টেকে অংশ লয়৷ ফাইজাৰে ‘প্ৰেজেণ্টেচন’ৰ পৰা বিৰত থাকি অধিক সময় বিচাৰে৷ তদুপৰি ফাইজাৰৰ পৰীক্ষামূলক প্ৰয়োগ ভাৰতত হোৱা নাছিল৷ ক’ভাক্সিনৰ ক্ষেত্ৰত বিশেষজ্ঞ কমিটীয়ে এতিয়াই কোনো সিদ্ধান্ত নল’লে৷ উল্লেখ্য, এসপ্তাহ পূৰ্বে ব্ৰিটেইনেও ক’ভিশ্বিল্ডক অনুমোদন দিছিল৷ সেই দিশৰ পৰা অক্সফৰ্ডৰ প্ৰতিষেধকে অনুমোদন পোৱা দ্বিতীয়খন দেশ হ’ল ভাৰত৷ ব্ৰিটেইনত ক’ভিশ্বিল্ডৰ নাম এজেডডি ১২২২ বা চেডক্স১ বা এনক’ভ-১৯৷ ই হৈছে এবিধ ‘এডিনোভাইৰাছ ভেক্টৰ ভেকচিন’৷ মডিফাইড বা পৰিৱৰ্তিত এডিনোভাইৰাছক [ক্ষতিকাৰক নহয়] বাহক কৰি মানৱ দেহত স্পাইক প্ৰ’টিন ভৰাই কৰ’না প্ৰতিৰোধ ক্ষমতা তৈয়াৰ কৰা হয়৷ ইণ্টাৰমাস্কুলাৰ ইনজেকচনৰ দ্বাৰা ইয়াক পেশীত প্ৰয়োগ কৰা হ’ব, নিৰ্দিষ্ট সময়ৰ ব্যৱধানত প্ৰতিজনকে দুপালিকৈ৷

ভাৰতত প্ৰথমে ৰ কোটি স্বাস্থ্যকৰ্মীক, তাৰ পাছত ২ কোটি প্ৰথম শাৰীৰ কৰ’না যোদ্ধা [আৰক্ষী, নিৰাপত্তা বাহিনী] আৰু তাৰ পাছত ২৭ কোটি ৬০ৰ ঊৰ্ধ্ব নাগৰিকক, যি গুৰুতৰভাৱে অসুস্থ তেওঁলোকক প্ৰতিষেধক প্ৰদান কৰা হ’ব৷ শনিবাৰে সমগ্ৰ দেশজুৰি চলিব প্ৰতিষেধক প্ৰদানৰ ড্ৰাই ৰান বা পূৰ্ণকালীন অনুশীলন৷ এই ড্ৰাই ৰান ইতিমধ্যে অসম, পঞ্জাৱ, গুজৰাট আৰু অন্ধ্ৰ প্ৰদেশত যোৱা ২৮, ২৯ ডিচেম্বৰত সম্পন্ন কৰা হৈছে৷