Logo
image

বছৰৰ প্ৰথম দিনটোতে ১,৫৯৩ পৰ্যটকৰ যাত্ৰা, লক্ষাধিক টকাৰ ৰাজহ সংগ্ৰহ

আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে গুৱাহাটীৰ ৰোপৱে’যাত্ৰা

আমাৰ অসম, ০২ জানুৱাৰীঃ বিগত প্ৰায় আঠ মাহে কৰ’না মহামাৰীৰ বাবে গৃহবন্দী হৈ আছিল সমগ্ৰ বিশ্ব৷ যদিও কৰ’না ভাইৰাছৰ পৰা বিশ্ববাসী সম্পূৰ্ণৰূপে শংকামুক্ত হ’ব পৰা নাই তথাপিও ইয়াৰ সৈতে সহাৱস্থান কৰাৰ বাবেই ক্ৰমাৎ পৰিস্থিতি সহজ হ’বলৈ আৰম্ভ কৰিছে৷ সম্প্ৰতি মানুহে ৰাজহুৱা অনুষ্ঠান, সামাজিক অনুষ্ঠান, উৎসৱ, পূজা-পাৰ্বণত অংশ লোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ মাজতে বিশ্ববাসীৰ লগতে অসমবাসীয়ে আজি ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটো আনন্দেৰে উদ্‌যাপন কৰে৷ অসমৰ অন্যান্য স্থানৰ লগতে উত্তৰ-পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীতো আজি এক উৎসৱমুখৰ পৰিৱেশ দেখা যায়৷ পুৱাৰে পৰা মহানগৰীৰ সকলোবোৰ মঠ-মন্দিৰ, আধ্যাত্মিক থলী, পৰ্যটন থলী লোকে লোকাৰণ্য হৈ পৰে৷ উল্লেখ্য যে মহানগৰীত নতুনকৈ সংযোজন ঘটা কাছাৰী-উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱেৰ জৰিয়তে বহুলোকে ৰোমাঞ্চকৰ যাত্ৰা কৰি নৱবৰ্ষৰ পহিলা দিনটো স্মৰণীয় কৰি তোলা দেখা যায়৷ শিশুৰ পৰা বৃদ্ধলৈ, সকলোৱে ৰ’পৱে যাত্ৰাৰ আমেজ ল’বলৈ পুৱাৰে পৰা কাছাৰীস্থিত ৰ’পৱে স্থানত শাৰী পাতে৷ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰা এই ৰ’পৱে যাত্ৰাৰ আনন্দ উপভোগ কৰিবলৈ গুৱাহাটীৰ উপৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোক অহা পৰিলক্ষিত হয়৷ বছৰৰ প্ৰথমটো দিনত মুঠ ১৫৯৩ জন যাত্ৰীয়ে ৰ’পৱেৰে যাত্ৰা কৰে৷ জি এম ডি এৰ পৰা পোৱা তথ্য অনুসৰি শুকুৰবাৰৰ দিনটোত পুৱা ৯.০৪ বজাৰ পৰা বিয়লি ৫.৩৯ বজালৈ মুঠ ৪২টা ট্ৰিপ সম্পূৰ্ণ কৰে৷ যাত্ৰীৰ পৰা দিনটোত সংগ্ৰহ হোৱা ৰাজহৰ পৰিমাণ ১,১০,৯০০ টকা৷