Logo
image

ৰ’নাল্ডো-মেছিৰে অমিতাভৰ কৰমৰ্দন

আমাৰ অসম, ২১ জানুৱাৰী: ছৌদি আৰৱৰ ৰিয়াধত একেলগে ৰ’নাল্ডো, মেছি, নেইমাৰ, এমবাপেক চাবলৈ  অপেক্ষা কৰি থকা বিশাল দৰ্শকে খেলৰ আগতেই লাভ কৰিলে এক বিৰাট চমক৷ কিয়নো ছৌদি আৰৱৰ ফুটবল অনুৰাগী দৰ্শকে তেওঁলোকৰ প্ৰিয় ফুটবলাৰৰ সৈতে একেলগে দেখিবলৈ পালে বলীউডৰ শ্বাহেনশ্বাহ অমিতাভ বচ্ছনক৷ অমিতাভ বচ্ছনে তেওঁৰ প্ৰিয় ফুটবলাৰ মেছি-ৰ’নাল্ডো-নেইমাৰ-এমবাপেৰ সৈতে খেলপথাৰৰ মাজত কৰমৰ্দন কৰা আৰু একেলগে ফটোৰ বাবে প’জ দিয়া দৃশ্য আছিল ফুটবল আৰু প্ৰিয় ফুটবলাৰক চাবলৈ অপেক্ষা কৰি থকা দৰ্শকৰ বাবে বোনাচ৷ অমিতাভ বচ্ছন ৰিয়াধলৈ উৰা মাৰিছিল ৰিয়াধ অলষ্টাৰ একাদশ আৰু পেৰিছ ছঁ জৰমঁ দলৰ খেলুৱৈৰ প্ৰীতি মেচ উপভোগৰ বাবে৷ অমিতাভ বচ্ছনৰ ফুটবল প্ৰীতিৰ কথা সকলোৱে জানে৷ তেওঁ প্ৰিমিয়াৰ লীগৰ চেলছিৰ সমৰ্থক৷ ফুটবলৰ প্ৰীতিৰ বাবেই তেওঁ ৰিয়াধৰ এই মেচখন চাবলৈ মুম্বাইৰ পৰা উৰা মাৰিছিল৷ মেচৰ পূৰ্বে উদ্যোক্তাই অমিতাভ বচ্ছনক খেলপথাৰলৈ লৈ যায় আৰু সদ্য বিশ্ব চেম্পিয়ন তথা বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ হোৱা লিঅ’নেল মেছি, বিশ্বকাপৰ সৰ্বাধিক গ’লস্কৰাৰ হোৱা কিলিয়ান এমবাপেৰ সৈতে খেলপথাৰৰ মাজতে চিনাকি কৰি দিয়ে৷ একেলগে অমিতাভ বচ্ছনক চিনাকি কৰি দিয়া হয় নেইমাৰ আৰু ৰ’নাল্ডোৰ সৈতে৷  বিশ্বকাপৰ পাছতে ৰ’নাল্ডোৱে ছৌডি আৰৱৰ আল নাছেৰ ক্লাবৰ সৈতে চুক্তিবদ্ধ হৈছে৷ ক্লাবৰ হৈ প্ৰতিযোগিতামূলক খেলত নমাৰ পূৰ্বে দেশখনত ফুটবলৰ জনপ্ৰিয়তাৰ বাবেই এই প্ৰীতি মেচখন আয়োজন কৰা হৈছিল৷ সেই মেচত উপস্থিত থাকি অমিতাভ বচ্ছনে খেল উপভোগ কৰাৰ লগতে বিশ্বৰ তাৰকা ফুটবলাৰ কেইজনৰ সৈতে চিনাকি হৈ আৰু কৰমৰ্দন কৰি বিশেষ সন্তুষ্টি লাভ কৰে৷ স্বাভাৱিকতে প্ৰিয় ফুটবলাৰৰ সৈতে একেলগে অমিতাভ বচ্ছনক দেখি পূৰ্ণ সন্তুষ্টি লাভ কৰে দৰ্শকেও৷