Logo
image

নিউজীলেণ্ডৰ বিৰুদ্ধে আজি দ্বিতীয় এদিনীয়া

আমাৰ অসম, ২১ জানুৱাৰী: হায়দৰাবাদৰ প্ৰথম এদিনীয়াত ১২ ৰানত জয়ী হৈ তিনিখন খেলৰ শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰাৰ পাছত নিউজীলেণ্ডৰ বিৰুদ্ধে শনিবাৰে হ’বলগীয়া দ্বিতীয়খন খেলত ভাৰতীয় দলৰ লক্ষ্য হ’ব শৃংখলা জয় নিশ্চিত কৰা৷ ৰায়পুৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট৷ স্বাভাৱিকতে ৰায়পুৰৰ ক্ৰিকেট অনুৰাগীৰ আস্থাৰ বোজা কঢ়িয়াব লাগিব ৰোহিত শৰ্মাৰ দলটোৱে৷ সেয়েহে চাপো থাকিব দলটোৰ ওপৰত৷ নিউজীলেণ্ড যে সহজে হাৰ মনা দল নহয়, তাৰ প্ৰমাণ প্ৰথমখন এদিনীয়াতে পোৱা গৈছিল৷ ৩৫০ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰি ১৩১ ৰানতে ছটা উইকেট হেৰুওৱাৰ পাছতো দলটোৱে সংগ্ৰহ কৰিছিল ৩৩৭  ৰান৷ সেয়েহে এনে এটা দলৰ বিৰুদ্ধে জয় আশা কৰিবলৈ হ’লে প্ৰতিটো বিভাগতে প্ৰদৰ্শন উন্নত হ’ব লাগিব৷ বিশেষকৈ ভাৰতীয় দলৰ মিডল অৰ্ডাৰৰ বেটাৰে অধিক ৰান সংগ্ৰহ কৰাৰ  লগতে ডেথ অভাৰত প্ৰয়োজন হ’ব বলাৰৰ নিয়ন্ত্ৰিত বলিং৷ অৱশ্যে হায়দৰাবাদত মহম্মদ ছিৰাজৰ বলিং আছিল যথেষ্ট সন্তোষজনক৷ শনিবাৰেও তেওঁৰ পৰা অনুৰূপ প্ৰদৰ্শন আশা কৰিব টীম মেনেজমেণ্টে৷ মিডল অৰ্ডাৰত হাৰ্দিক পাণ্ডিয়াৰ প্ৰদৰ্শনো উন্নত হ’ব লাগিব৷ বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত দ্বিশতক অৰ্জন কৰা ঈশান কিষাণক হায়দৰাবাদত মিডল অৰ্ডাৰত সুযোগ দিয়া হৈছিল যদিও তেওঁ সেই সুযোগৰ সদ্ব্যৱহাৰ কৰিব নোৱাৰিলে৷ দ্বিতীয় এদিনীয়াতো তেওঁৰ ওপৰত দৃষ্টি থাকিব নিৰ্বাচকৰ৷ উল্লেখ্য, চলিত বছৰতে ভাৰতত অনুষ্ঠিত হ’বলগীয়া ৫০ অভাৰৰ বিশ্বকাপৰ বাবে ইতিমধ্যে ভাৰতীয় দল নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ বিশ্বকাপৰ দলত স্থান পাবলৈ হ’লে ক্ৰিকেটাৰসকলে নিৰ্বাচকক সন্তুষ্ট কৰিব পাৰিব লাগিব৷ 

ভাৰতীয় দলৰ বাবে চিন্তাৰ কাৰণ হৈছে বলিং বিভাগ৷ প্ৰথমখন এদিনীয়াত মাইকেল ব্ৰেচৱেলে একক প্ৰচেষ্টাৰে নিউজীলেণ্ডক জয়ৰ কাষ চপোৱাইছিল৷ প্ৰাৰম্ভিক বিহৰ্যয়ৰ পাছত তেওঁ যিধৰণে ভাৰতীয় বলাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ লৈছিল সেয়া ঘৰুৱা দলটোৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে৷ প্ৰথম এদিনীয়াত ভাৰতৰ মূল একাদশত উমৰান মালিকৰ স্থানত শ্বাৰ্দুল ঠাকুৰক স্থান দিয়া হৈছিল৷ শনিবাৰেও শ্বাৰ্দুলকে মূল একাদশত ৰখা হয় নে নহয়, সেয়া হ’ব লক্ষ্যণীয়৷ মহম্মদ ছামিয়ে নতুন বলেৰে আৰম্ভণিতে ভাল বলিং কৰিলেও পিছলৈ ব্ৰেচৱেলৰ সন্মুখত তেওঁ লাইন আৰু লেংথ ধৰি ৰাখিব পৰা নাছিল৷ হাৰ্দিক পাণ্ডিয়াও যথেষ্ট খৰচী প্ৰমাণিত হৈছিল৷ এনে স্থিতিত টীম মেনেজমেণ্টে শনিবাৰৰ খেলখনৰ বাবে দলত সালসলনি ঘটায় নে প্ৰথম এদিনীয়াৰ দলটো অপৰিৱৰ্তিত ৰাখে, সেয়া হ’ব লক্ষ্যণীয়৷