Logo
image

দেশজুৰি আৰম্ভ হ'ল ক'ভিড-১৯ ভেকচিনৰ ড্ৰাই ৰান

আমাৰ অসম, ০২ জানুৱাৰীঃ শনিবাৰৰ পৰা দেশজুৰি আৰম্ভ হ'ল ক'ভিড-১৯ ভেকচিনৰ ড্ৰাই ৰান । প্ৰায় সকলো ৰাজ্যতে আৰম্ভ কৰা হৈছে এই ক'ভিড-১৯ ভেকচিনৰ টিকাকৰণ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১১৬ খন জিলাৰ ২৫৯ টা স্থানত ক'ভিড-১৯ ভেকচিনৰ ড্ৰাই ৰান কাৰ্য্যসূচী লোৱা হৈছে। এই ড্ৰাই ৰান কাৰ্য্যসূচীৰ বাবে প্ৰায় ৯৬,০০০ গৰাকী কৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। প্ৰায় ২৩৬০ গৰাকীক ৰাষ্ট্ৰীয় পৰ্য্য়ায়ৰ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। দেশৰ ৭১৯ খন জিলাৰ প্ৰায় ৫৭,০০০ গৰাকী লোকক জিলা পৰ্য্যায়ত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ক'ভিড-১৯ ভেকচিনৰ টিকাকৰণ সন্দৰ্ভত অধিক জানিবৰ বাবে ১০৪/১০৭৫ হেল্পলাইন নম্বৰ মুকলি কৰিছে কেন্দ্ৰীয় চৰকাৰে। ২৮-২৯ ডিচেম্বৰত অন্ধ্ৰপ্ৰদেশ, অসম, গুজৰাট আৰু পাঞ্জাৱৰ দুখনকৈ জিলাত প্ৰথম পৰ্য্য়ায়ত এই ক'ভিড-১৯ ভেকচিনৰ ড্ৰাই ৰান আৰম্ভ কৰা হৈছিল।