Logo
image

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ দিন ঘোষণা

আমাৰ অসম, ০২ জানুৱাৰীঃ ২০২১ বৰ্ষত অনুষ্ঠিত হ’ব লগা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ দিন ঘোষণা। আগন্তুক ১১ মে'ৰ পৰা ৰাজ্যত অনুষ্ঠিত হ’ব মেট্ৰিক তথা হাইস্কুল শিক্ষান্ত পৰীক্ষা। উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ অনুষ্ঠিত হ’ব ১২ মে'ৰ পৰা। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ৭ জুলাই পৰা ৩০ জুলাইৰ ভিতৰত ঘোষণা কৰা হ’ব। টুইটযোগে এই তথ্য প্ৰকাশ কৰে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।