Logo
image

ভূমিস্থ হ’লেই মূৰত ১,০৯,৩৭৩ টকা ধাৰ

আমাৰ অসম, ২৪ জানুৱাৰী:  ‘ঋণং কৃত্বা ঘৃতং পিবেৎ৷’– ধাৰ-ঋণত পোত গৈ থাকিও সুখত দিন পাৰ কৰাৰ চাৰ্বাকৰ দৰ্শনকে যেন এতিয়া সাৰোগত কৰিছে কেন্দ্ৰ আৰু অসম চৰকাৰে৷ ক্ষমতাত অধীস্থিত থকাৰ লক্ষ্যৰে হিতাধিকাৰীৰ নামত কোটি কোটি টকাৰ আঁচনিৰ স্বাৰ্থত ঋণ লৈ তত্‌ পোৱা নাই কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে৷ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ শাসন কালত ভূমিস্থ হোৱা প্ৰতিটো নৱজাতকৰ মূৰত ঋণৰ বোজা যেন জাপি দিয়া হৈছে৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও সম্প্ৰতি ভাৰতৰ প্ৰতিজন লোকৰ জনমূৰি ঋণৰ পৰিমাণ ১ লাখ ৯ হাজাৰ ৩৭৩ টকা স্পৰ্শ কৰিছে৷ অৰ্থাৎ সদ্যোজাত এটা নৱজাতকৰ মূৰৰ ওপৰতো ঋণৰ বোজাৰ পৰিমাণ হৈছে লক্ষাধিক টকা৷ শেহতীয়া এক প্ৰতিবেদন অনুসৰি ভাৰত চৰকাৰৰ বকেয়া ঋণৰ পৰিমাণ বৰ্তমান ১৫৫.৩১ লাখ কোটি টকালৈ বৃদ্ধি পাইছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পূৰ্বে অৰ্থাৎ ২০১৪ চনৰ ৩১ মাৰ্চ পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰৰ বকেয়া ঋণৰ পৰিমাণ আছিল ৫৫.৮৭ লাখ কোটি টকা৷ কিন্তু নৰেন্দ্ৰ মোদীয়ে দায়িত্ব লোৱাৰ পাছত বিগত ৯টা বছৰত প্ৰায় ১০০ লাখ কোটি টকা ঋণ ল’লে৷ প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে চলিত বৰ্ষৰ ৩১ মাৰ্চ পৰ্যন্ত ভাৰত চৰকাৰৰ ঋণৰ পৰিমাণ ১৫৫.৩১ লাখ কোটি টকা স্পৰ্শ কৰাৰ অনুমান কৰা হৈছে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে বিগত ৯টা বছৰত প্ৰতিজন ভাৰতীয়ৰ মূৰত জনমূৰি ঋণ ৪৩ হাজাৰ ১২৪ টকাৰ পৰা বৰ্তমান ১ লাখ ৯ হাজাৰ ৩৭৩ টকালৈ বৃদ্ধি পাইছে৷ অৰ্থাৎ ২০১৪ চনৰ বিপৰীতে বিগত সময়ছোৱাত ঋণৰ পৰিমাণ বৃদ্ধি পাইছে ২.৫৩ গুণ৷ এক কথাত বিগত ৯ বছৰত মোদী চৰকাৰে  প্ৰতিজন ভাৰতীয়ৰ মূৰত জাপি দিলে অতিৰিক্ত ৬৬ হাজাৰ ২৮৯ টকাৰ ধাৰৰ বোজা৷ প্ৰতিবেদনখনত লগতে প্ৰকাশ পোৱা মতে দেশৰ ৬০ শতাংশতকৈ অধিক সম্পত্তি কেৱল ভাৰতীয় ধনী ৫ শতাংশ ব্যক্তিৰ হাতত৷ আনহাতে ৫০ শতাংশতকৈ অধিক লোকৰ হাতত আছে মাত্ৰ ৩ শতাংশ সম্পত্তি৷ আনহাতে ১৪.৮৩ লাখ কোটি টকা জি এছ টিৰ ৬০ ভাগেই নিম্ন শ্ৰেণীৰ ৫০ শতাংশ ব্যক্তিৰ পৰা আহিছে৷ জি এছ টিৰ ৰাজহৰ ১০ শতাংশহে ধনী শ্ৰেণীৰ ৩ শতাংশ লোকে আদায় দিছে৷ ইফালে নৰেন্দ্ৰ মোদী চৰকাৰৰ কাৰ্যকালত দেশৰ ঋণৰ পৰিমাণ ৫৫.৮৭ লাখ কোটি টকাৰ পৰা ১৫৫.৩১ লাখ কোটি টকালৈ বৃদ্ধি পোৱাৰ কাৰণ কি বুলিও এতিয়া প্ৰশ্ন কৰিছে কংগ্ৰেছে৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰভ বল্লভে মোদী চৰকাৰে প্ৰতিজন নাগৰিকৰ মূৰত ১,০৯,৩৭৩ কোটি টকালৈ জনমূৰি ঋণৰ বোজা জাপি দি দেশ চলোৱা বুলিও সমালোচনা কৰিছে৷ কংগ্ৰেছ নেতাজনৰ অভিযোগ– যিখন দেশত ৫০ শতাংশ জনতাৰ সম্পত্তিৰ পৰিমাণ মাত্ৰ ৩ শতাংশ আৰু তেওঁলোকৰ পৰাই মুঠ জি এছ টিৰ   ৬৪ শতাংশ ৰাজহ আদায় কৰি শোষণ কৰা হৈছে৷ লক্ষণীয়ভাৱে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ নীতিৰ দৰেই ধাৰ-ঋণ লোৱাত পিছপৰি ৰোৱা নাই অসম চৰকাৰো৷ মোদী চৰকাৰক অনুসৰণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰেও বিভিন্ন উৎসৰ পৰা শ শ কোটি টকা ঋণ সংগ্ৰহ কৰি আহিছে৷ হিতাধিকাৰীক সন্তুষ্ট কৰাৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰি জোৰা-টাপলি মৰাত অসম চৰকাৰৰ ঋণৰ পৰিমাণ এই পৰ্যন্ত প্ৰায় ১ লাখ ৪০ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে৷ অসম চৰকাৰে ৰিজাৰ্ভ বেংকৰ জৰিয়তে ষ্টক নিলাম কৰি কাইলৈ অৰ্থাৎ মঙলবাৰে পুনৰ ৮০০ কোটি টকা ঋণ সংগ্ৰহ কৰিবলৈ ইতিপূৰ্বে নিবিদা আহ্ৱান কৰিছে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে অসম চৰকাৰৰ বাজেটৰ মাত্ৰ ৮ শতাংশ ধন উন্নয়ন, ১১ শতাংশ ধন দৰমহা-পেঞ্চন আৰু বাকী ৮১ শতাংশ বাজেটৰ ধনেই কেৱল হিতাধিকাৰীৰ নামতেই ব্যয় কৰি আহিছে হিমন্ত বিশ্বৰ চৰকাৰে৷