Logo
image

জনতা ভৱনত প্ৰৱেশৰ ক্ষেত্ৰত নতুন নিয়ম

আমাৰ অসম, ০২ জানুৱাৰীঃ জনতা ভৱনত প্ৰৱেশৰ ক্ষেত্ৰত নতুন নিয়ম। ক’ভিড-১৯ মহামাৰী আৰু লকডাউনৰ বাবে বিগত প্ৰায় ন মাহ ধৰি সাধাৰণ নাগৰিকৰ বাবে জনতা ভৱনত প্ৰৱেশৰ ক্ষেত্ৰত থকা বাধাত কিছু শিথিলতা আনিছে ৰাজ্য চৰকাৰে। ১ জানুৱাৰীৰ পৰা কাৰ্য্যকৰী হৈছে এই নতুন নিয়ম। সাধাৰণ নাগৰিকৰ বাবে দৈনিক ১০০খন ই-পাছৰ ব্যৱস্থা কৰিছে সচিবালয় কৰ্তৃপক্ষই। অনলাইনযোগে ইয়াৰে ৫০ খন ই-পাছ আগতীয়াকৈ আৰু বাকী ৫০ খন তাৎক্ষণিকভাৱে সচিবালয় ৱেবছাইটত আবেদন কৰিব পাৰিব। বয়সীয়াল, বিশেষভাৱে সক্ষম ব্যক্তি, জৰুৰী কামৰ বাবে অহা লোক সকলেহে তাৎক্ষণিকভাৱে ই-পাছ লাভ কৰিব।  সচিবালয়ত প্ৰৱেশ কৰা দৰ্শনাৰ্থী সকলৰ ক’ভিড-১৯ নিগেটিভ ৰিপ’ট থকাটো বাধ্যতামূলক। লগতে ক’ভিড-১৯ সকলো নীতি-নিয়ম মানি চলিব লাগিব দৰ্শনাৰ্থী সকলে অন্যথা জৰিমনাসহ শাস্তি বিহা হ’ব।