Logo
image

চকুলো টুকি টেনিছ ক’ৰ্ট এৰিলে ছানিয়া মিৰ্জাই

আমাৰ অসম, ২৮ জানুৱাৰী: ৩৬ বছৰ বয়সত গ্ৰেণ্ড শ্লেম টেনিছক বিদায় জনালে ভাৰতীয় টেনিছৰ সফলতম মহিলা খেলুৱৈ ছানিয়া মিৰ্জাই৷ সতীৰ্থ ৰোহন বোপান্নাৰ সৈতে খেলি অষ্ট্ৰেলিয়ান অ’পেনৰ মিক্সড্‌ ডাবলছৰ ফাইনেলত শুকুৰবাৰে ছানিয়া ব্ৰাজিলৰ লুইছা ষ্টেফানি আৰু ৰাফেল মাতোছ যুটিৰ হাতত  পৰাস্ত হয় ৬-৭  [২-৭], ২-৭  ব্যৱধানত৷ কেৰিয়াৰৰ অন্তিমখন গ্ৰেণ্ড শ্লেমত ৰানাৰ-আপতে সন্তুষ্ট থাকিবলগীয়া হ’ল৷ যিখন মেলব’ৰ্ন পাৰ্কত গ্ৰেণ্ড শ্লেমৰ যাত্ৰা আৰম্ভ হৈছিল, সেই স্থানতে সমাপ্ত হ’ল এই অধ্যায়ৰ৷ ছটা গ্ৰেণ্ড শ্লেম খিতাপৰ অন্তিমটো জয় কৰিছিল সাত বছৰ পূৰ্বে৷ শেহতীয়া ফৰ্ম বৰ সন্তোষজনক নাছিল৷ এই কথাটো বিবেচনা কৰিয়েই আৰু  পৰিয়ালক অধিক সময় দিয়াৰ উদ্দেশ্যৰে পূৰ্বেই অৱসৰৰ সিদ্ধান্ত লৈছিল৷ অহা মাহত ডুবাইত হ’বলগীয়া ডব্লিউ টি এ টুৰ্নামেণ্টখন হ’ব ছানিয়াৰ টেনিছ কেৰিয়াৰৰ অন্তিমখন খেল৷  ছানিয়াৰ নামত আছে গ্ৰেণ্ড শ্লেমৰ তিনিটাকৈ ডাবলছ  আৰু মিক্সড্‌ ডাবলছ খিতাপ৷ মহেশ ভূপতিৰ সৈতে খেলুৱৈগৰাকীয়ে ২০০৯ চনৰ অষ্ট্ৰেলিয়ান অ’পেন আৰু ২০১২ চনৰ ফ্ৰেন্স অ’পেনৰ মিক্সড্‌ ডাবলছৰ খিতাপ জয় কৰিছিল৷ তাৰ পাছত ২০১৪ চনত ব্ৰাজিলৰ ব্ৰুনো ছ’ৰেছৰ সৈতে জয় কৰিছিল ইউ এছ অ’পেনৰ মিক্সড্‌ ডাবলছৰ খিতাপ৷ আনহাতে, ২০১৫ চনত ছানিয়াই উইম্বলডন আৰু ইউ এছ অ’পেনৰ লগতে ২০১৬ চনত অষ্ট্ৰেলিয়ান অ’পেনৰ মহিলাৰ ডাবলছ খিতাপ জয় কৰিছে৷ গ্ৰেণ্ড শ্লেম ছিংগলছ খিতাপ জয় কৰাটো সম্ভৱ নহ’লেও ছানিয়া উপনীত হৈছিল ডাবলছ ৰেংকিঙৰ শীৰ্ষস্থানত, যিটো হৈছে ভাৰতীয় খেলুৱৈ এগৰাকীৰ বাবে এটা ডাঙৰ কৃতিত্ব৷

২০০৩ চনত পেছাদাৰী টেনিছত ভুমুকি মৰা ছানিয়া স্বাভাৱিকতে ক’ৰ্ট এৰাৰ সময়ত যথেষ্ট আবেগিত হৈ পৰিছিল৷ কথা কোৱাৰ সময়ত তেওঁ দুচকুৰে বৈ অহা চকুপানী ঢাকি ৰাখিব পৰা নাছিল৷ তথাপি স্বাভাৱিক হৈ থকাৰ চেষ্টা চলাইছিল৷ বিদায়ৰ ক্ষণত ছানিয়াৰ সৈতে নাছিল স্বামী ছোৱাইব মালিক৷ কিন্তু চাৰি বছৰীয়া সন্তান ইজহানক দেখা গৈছিল দৰ্শকৰ গেলাৰীত৷ চকুলো মচি ছানিয়াই কৈছিল–‘পুত্ৰৰ সন্মুখত গ্ৰেণ্ড শ্লেমৰ ফাইনেল খেলিব পাৰিম বুলি কেতিয়াও ভবা নাছিলো৷ ৰড লেভাৰ এৰেনাক মই সদায়  জীৱনৰ বিশেষ স্থান হিচাপে গণ্য কৰিম৷ মোৰ গ্ৰেণ্ড শ্লেম কেৰিয়াৰৰ যৱনিকা পেলোৱাৰ বাবে এয়াই সম্ভৱতঃ সৰ্বোত্তম স্থান৷