Logo
image

আদানি সাম্ৰাজ্যত ৰক্তক্ষৰণ ষ্টেট বেংক-এলআইচি তোলপাৰ

আমাৰ অসম, ২৯ জানুৱাৰী: খৰিভাৰী ৰজা হয়, ৰজাও খৰিভাৰী হয়৷ অত্যাধুনিক ডিজিটেল বজাৰৰ দিনতো এইকথা সত্য৷ কেৱল সত্য নহয়, বৰং প্ৰাচীন কালতকৈ এতিয়াহে এইকথা অধিক বাস্তৱ৷ বাস্তৱ এইবাবেই যে বিশ্বৰ কোনো ধনকুৱেৰৰ ধন তেওঁলোকৰ পেৰাত নাথাকে৷ ধন  থাকে কাগজত, যাক কোৱা হয়– ‘অন পেপাৰ, নট ইন হাৰ্ড কেছ’৷ নগদ ধন নাথাকে কোনো ধনকুৱেৰৰ হাতত৷ সকলো ধনকুৱেৰেই কাগজে কলমে ধনী৷ ঘাইকৈ তেওঁলোকৰ এনে ধন থাকে শ্বেয়াৰ বজাৰত বিনিয়োগ হৈ৷ সেই শ্বেয়াৰ বা অংশীদাৰিত্বৰ বলতে এই ধনকুৱেৰসকল ধনাঢ্য হৈ থাকে৷ লাগিলে তেওঁ এলন মাস্কেই হওক বা বিল গেটছ, মুকেশ আম্বানিয়েই হওক বা গৌতম আদানি৷ যিজন ধনকুৱেৰৰ বজাৰত থকা অংশীদাৰিত্বৰ মূল্য বৃদ্ধি পায় তেওঁ নিশাটোৰ ভিতৰতে অধিক ধনী হৈ পৰে আৰু অংশীদাৰিত্বৰ মূল্যৰ পতন ঘটিলে ধনৰ হিচাপ হ্ৰাস পায়৷ সেয়ে আজিৰ দিনত ৰজা খৰিভাৰী হোৱাতো তেনেই সাধাৰণ কথা আৰু সেই তত্বৰ ওপৰত নিৰ্ভৰ কৰিয়েই দুদিনৰ ভিতৰত বিশ্বৰ বিত্তবানৰ তালিকাত ৪টা ঢাপ তললৈ নামি সপ্তম স্থানলৈ অৱনমিত হৈছে গৌতম আদানি৷ ‘হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ’ নামৰ এটা মাৰ্কিন সংস্কাৰ প্ৰতিবেদনৰ ফলতে যে আদানিৰ এই দুৰ্দশা সেয়া মিডিয়াৰ চৰম উৎকৰ্ষৰ দিনত জানিবলৈ কাৰো বাকী নাই৷ গৌতম আদানিয়ে বিগত এটা দশক ধৰি জালিয়াতি কৰি তেওঁৰ কোম্পানীৰ শ্বেয়াৰ বা অংশীদাৰিত্বৰ মূল্য বৃদ্ধি কৰিছিল৷ কৃত্ৰিমভাৱে তেওঁলোকে নিজৰ কোম্পানীৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰিছিল৷ ফলত বিগত তিনি বছৰ ধৰি আদানিৰ কোম্পানীৰ শ্বেয়াৰৰ সম্পদৰ পৰিমাণ ৮০০ শতাংশ বৃদ্ধি পাইছিল৷ বিশ্বৰ প্ৰসিদ্ধ অৰ্থনীতিবিদেও আদানিৰ শ্বেয়াৰ বজাৰৰ এই মূল্য বৃদ্ধি অস্বাভাৱিক বুলি দাবী কৰিছিল৷ হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ নামৰ মাৰ্কিন সংস্থাটোৱে  দুবছৰ ধৰি এই সন্দৰ্ভত গৱেষণা কৰি তেওঁলোকৰ প্ৰতিবেদন প্ৰস্তুতি কৰিছিল৷ সেই কামত সংস্থাটোৱে আদানিৰ কোম্পানীৰ পূৰ্বে কাম কৰি যোৱা বহু উচ্ছপদস্থ বিষয়াৰ সৈতে কথা পাতিছিল আৰু তেওঁলোকৰ পৰা অলেখ তথ্য লৈছিল৷ আদানি গ্ৰুপে মৰিচাছ, কেৰিবিয়ান কেইবাখনো দেশত ভুৱা কোম্পানী খুলি তাৰো শ্বেয়াৰ উচ্ছ দৰত বিক্ৰী কৰিছিল৷ সেই সকলো তথ্যৰে কেইবাহাজাৰ পৃষ্ঠাৰ এই প্ৰতিবেদন প্ৰকাশ হোৱাৰ পাছত বিগত দুদিনত আদানিৰ কোম্পানীয়ে মুঠতে  ৪.৫৫ লাখ কোটি টকা হেৰুৱালগীয়া হৈছে৷ ফলত বিশ্বৰ ধনাঢ্যৰ তালিকাত সপ্তম স্থানলৈ অৱনমিত হৈছে আদানি৷ 

আদানি কিমান ধনী হ’ল বা কিমান দুখীয়া হ’ল সেই বিষয়টোৱে দেশৰ সাধাৰণ মানুহৰ ওপৰত পোনপটীয়া প্ৰভাব নেপেলায়৷ আদানিৰ ধনৰ পৰিমাণ বাঢ়িলেও দেশৰ সাধাৰণ নাগৰিকে তাৰ লভ্যাংশ নাপায় বা ধনৰ পৰিমাণ কমিলেও কাৰো ঘৰৰ পৰা টকা ওলাই নাযায়৷ কিন্তু আদানিৰ এই কাৰ্যকলাপে আৰু নিশাটোৰ ভিতৰতে তেওঁ লাখ লাখ কোটি টকা হেৰুৱাবলগীয়া হোৱাৰ ঘটনাই দেশৰ নাগৰিকৰ ওপৰত পৰোক্ষভাৱে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে৷ কিয়নো গৌতম আদানিয়ে দেশৰ বৃহত্তম বীমা কোম্পানী ভাৰতীয় জীৱন বীমা নিগম বা এল আই চিৰ ৮ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰি থৈছে৷ টকাৰ হিচাপত এল আই চিৰ ৭৪০০০ হাজাৰ  কোটি টকাৰ অংশৰ মালিক হৈছে গৌতম আদানি বা তেওঁৰ কোম্পানী৷ আদানিয়ে দেশৰ  শ্বেয়াৰ বজাৰত ৪.৫৫ লাখ কোটি টকা  হেৰুৱাৰ লগে লগে এল আই চিৰ শ্বেয়াৰৰ পৰাও বৃহৎ পৰিমাণৰ ধন হেৰুৱাবলগীয়া হৈছে৷ বিগত দুদিনত এল আই চিয়ে হেৰুৱাইছে ১৮০০০,০০,০০,০০০ টকা৷ কোৱা বাহুল্য মাথোঁ ইয়াৰ মাজত সোমাই আছে দেশৰ অগণন বিনিয়োগকাৰীৰ ধন৷ ভাৰতৰ নাগৰিকে যিহেতু এল আই চিক বিশ্বাস কৰে সেয়ে সাধাৰণ লোকৰ পৰা মধ্যবিত্ত, উচ্ছবিত্ত সকলোৱে এল আই চিত বীমা কৰাৰ বিনিময়ত ধন বিনিয়োগ কৰে৷ দেশৰ কোটি কোটি নাগৰিকৰ ধন সোমাই আছে এল আই চিত৷  এনে পৰিস্থিতিত শ্বেয়াৰ বজাৰত আদানিয়ে বিনিয়োগ কৰা ধনৰ জৰিয়তে এল আই চিয়ে অংশীদাৰিত্বৰ ধন হেৰুৱালে তাৰ প্ৰভাৱ সাধাৰণ গ্ৰাহকৰ ওপৰত পৰিব৷ যদিহে আদানি এনেদৰে দেউলীয়া হৈ পৰে আৰু শ্বেয়াৰ বজাৰত আদানিৰ কোম্পানীৰ পতন ঘটি থাকে তেন্তে তেওঁৰ হাতত থকা এল আই চিৰ সেই অংশীদাৰিত্বও যাদুৰ দৰে নোহোৱা হৈ পৰিব৷ তেনে পৰিস্থিতিত দেউলীয়া হোৱা আদানিয়ে সেই ক্ষতি পূৰণ কৰিবলৈ সক্ষম নহ’ব৷ অৰ্থাৎ সাধাৰণ গ্ৰাহকে হেৰুৱাব পাৰে এল আই চিত তেওঁলোকৰ সঞ্চিত ধন৷ স্বাভাৱিকতে এই বিষয়টোৱে  এল আই চিৰ অভ্যন্তৰত তোলপাৰ লগাইছে৷ 

একেদৰে ভাৰতীয় ষ্টেট বেংকৰ পৰা সৰ্বাধিক ঋণ লৈ থৈছে আদানি গ্ৰুপে৷ অনান্য ৰাষ্ট্ৰীয়কৃত বেংকৰ পৰা ঋণ ল’লেও ষ্টেট বেংকৰ পৰাই সৰ্বাধিক ঋণ লৈছে আদানি গ্ৰুপে৷ সংবাদ মাধ্যমত চৰ্চা হৈছে, আনকি ষ্টেট বেংকে ৰিজাৰ্ভ বেংকৰ নিয়ম উলংঘা কৰি আদানিক অস্বাভাৱিক পৰিমাণত ঋণ প্ৰদান কৰি থৈছে৷ হিণ্ডেনবাৰ্গৰ উক্ত প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছত ষ্টেট বেংকৰ শ্বেয়াৰৰো পতন ঘটিছে৷ ইপিনে, আদানি গ্ৰুপে ইতিমধ্যে হোৱা ক্ষতি পূৰণ কৰিব নোৱাৰিলে ষ্টেট বেংকো  বিপদত পৰিব৷ ইয়াৰ পূৰ্বে ভাৰতীয় বহুকেইজন ধনকুৱেৰে বেংকৰ ঋণ লৈ দেশৰ পৰা পলায়ন কৰাৰ উদাহৰণ আছে৷ আনকেইবাজনো ধনকুৱেৰক ভাৰতীয় বেংকে তেওঁলোকৰ ঋণ মাফ কৰি বিপদৰ পৰা উদ্ধাৰ কৰিছে৷ একেজন মালিকানাধীন কোনো এটা কোম্পানী স্বচ্ছলভাৱে চলি থকাটো তেওঁৰেই আনকেইটামান কোম্পানী দেউলীয়া হোৱা বুলি প্ৰতীয়নমান কৰি বেংকৰ ঋণ মাফ কৰি লোৱাৰ বহু উদাহৰণ আছে৷ যদিহে আদানিৰ ক্ষেত্ৰতো অনুৰূপ অৱস্থা হয় তেন্তে নিশ্চিতভাৱে দেশৰ বৃহত্তম বেংক অৰ্থাৎ ভাৰতীয় ষ্টেট বেংক ডুবিব৷ ভাৰতীয় ষ্টেট বেংক যদি ডুবিবলগীয়া হয় তেন্তে তাৰ লগতে ডুবিব দেশৰ কোটি কোটি গ্ৰাহক৷ কিয়নো ষ্টেট বেংকৰ যোগেদিয়ে দেশৰ প্ৰায় সকলো চৰকাৰী লেন-দেন সম্পন্ন হয়৷ সাধাৰণ গ্ৰাহকেও ষ্টেট বেংকতে ধন জমা ৰাখে৷ এনে পৰিস্থিতিত গৌতম আদানি ডুবাৰ লগে লগে ভাৰতীয় ষ্টেট বেংকৰ অৱস্থাও শোচনীয় হৈ পৰিব পাৰে বুলি সৃষ্টি হোৱা আশংকাত দেশত তোলপাৰ লাগিছে৷ ইতিমধ্যে এল আই চিৰ দৰে ষ্টেট বেংকৰো শ্বেয়াৰৰ পতন ঘটাত সেই আশংকা অধিক ঘনীভূত হৈছে৷