Logo
image

অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ পৰা ‘কলংপাৰ বঁটা’ গ্ৰহণ বিশিষ্ট সাংবাদিক-গল্পকাৰ মনোজ গোস্বামীৰ

আমাৰ অসম, ০৪ জানুৱাৰীঃ বিশিষ্ট গল্পকাৰ-সাংবাদিক, ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীক দেওবাৰে নগাঁৱত ‘কলংপাৰ বঁটা -২০২০’ প্ৰদান কৰা হয়৷ নগাঁও মহাবিদ্যালয়ৰ সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা প্ৰেক্ষাগৃহত আয়োজিত এক সভাত বিশিষ্ট সাংবাদিকজনক এই বঁটা প্ৰদান কৰে অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে৷ নগাঁৱৰ তিলক প্ৰকাশন আৰু নগাঁও মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ উদ্যোগত নগাঁও মহাবিদ্যালয়ৰ যজ্ঞেশ্বৰ শৰ্মা সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত সভাত বঁটা প্ৰদান কৰি অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে নিজৰ ভাষণত কয়– এটা সময়ত সাপ্তাহিক কাকতৰ বহু গুৰুত্ব আছিল৷ সেই সময়ত সাপ্তাহিক জনমভূমি, অসম বাণী, তিনিদিনীয়া অগ্ৰদূত, মহাজাতি আদি পঢ়িছিলো৷ এই সাপ্তাহিক কাকতসমূহে সমকালিন সমস্যাসমূহ বিস্তাৰিত ৰূপত প্ৰকাশ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল৷ গোস্বামীয়ে কয়– গণতন্ত্ৰৰ দুটা স্তম্ভৰ প্ৰতিনিধিৰ বাবে কোনো কোৱালিফিকেশ্বন নালাগে৷ আমাৰ দেশত বিধায়ক-সাংসদ হ’বলৈ কোনো কোৱালিফিকেশ্বনৰ প্ৰয়োজন নাই৷ এতিয়া সাংবাদিকতাৰ ক্ষেত্ৰখনতো কোৱালিফিকেশ্বন নথকা মানুহ সোমাই পৰিছে৷ এই অৰ্হতা নোহোৱা মানুহখিনি অতি ভয়ানক ৷ তেওঁ লগতে কয়– আইন পঢ়িলেহে জনপ্ৰতিনিধিয়ে বিধানসভাত কথা ক’ব পাৰিব৷ বিধান সভাত বহু ভাল কথাৰো আলোচনা হয়৷ অসম বিধানসভাৰ অধিৱেশনত ইতিহাস ৰচনা কৰি বৰ্তমানৰ বিধান সভাত অসমৰ চাহ জনগোষ্ঠীক সমস্যাৰ বিষয়ে একেলগে ৬-৭ ঘণ্টা ধৰি আলোচনা হৈছিল৷ কিন্তু এইবোৰ ভাল কামৰ বিষয়ে সংবাদ মাধ্যমে প্ৰচাৰ নকৰে৷ নতুন প্ৰজন্মক ৰাজনীতিত যোগদান কৰিবলৈ আহ্বান জনাই অধ্যক্ষগৰাকীয়ে কয়– অসমৰ ১২৬জন বিধায়ক যদি শিক্ষিত আৰু সৎ হয়, তেন্তে ৰাজ্যখনৰ উন্নয়ন অধিক বিকাশমুখী হ’ব৷ তেওঁ অনাগত দিনত সংবাদ মাধ্যম শক্তিশালী গণমাধ্যম হোৱাৰ পোষকতা কৰে৷ সভাত যশস্বী লেখক-সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে বিশিষ্ট মুক্তিযোদ্ধা আবু চামা স্মাৰক ‘সাংবাদিকতাৰ সংকট-ৰাজনৈতিক আৰু সামাজিক পটভূমি ‘ শীৰ্ষক বক্তৃতা প্ৰদান কৰি কয়– সংকট ক’ত অহা নাই৷ ৰাজনীতি- অৰ্থনীতি, ন্যায়পালিকা সকলোতে সংকট আহিছে৷ গতিকে সাংবাদিকতাতো সংকট অহাটো আমি স্বীকাৰ কৰিছোঁ৷ ৰাজনীতি-অৰ্থনীতিৰ সংকটৰ ক্ষেত্ৰত আমি নতুন চিন্তাৰে আগবাঢ়িব পাৰো, কিন্তু সাংবাদিকতাত সংকট বৰ অদ্ভুত বস্তু৷ সাংবাদিকতা এনেকুৱা এটা চক্ৰবেহুত সোমাই পৰিছে যে এনে সংকটৰ পৰা ওলোৱাটো সহজ নহয়৷ এতিয়া যিহেতু সাংবাদিকতা ‘মাৰ্কেট ডিমাণ্ড’ হৈ পৰিছে, তাৰ পৰা কেতিয়া প্ৰকৃত সাংবাদিকতা ওলাই আহিব পাৰিব বা তাৰ পৰিণাম কি হ’ব তাত মোৰ সন্দেহৰ সৃষ্টি হৈছে৷ গোস্বামীয়ে কয়– সত্তৰ-আশী দশকত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে আমাৰ দেশত সাংবাদিকে যি ভূমিকা লৈছিল সেয়া আছিল সাংবাদিকতাৰ প্ৰকৃত দ্বায়িত্ব৷ দেশৰ জৰুৰীকালিন অৱস্থাৰ পাছৰে পৰা ভাৰতবৰ্ষত সাংবাদিকতাৰ নতুন ‘ট্ৰেণ্ড’ আৰম্ভ হয়৷ দেশৰ জৰুৰীকালিন অৱস্থাই সংবাদ মাধ্যমক শক্তিশালী কৰিলে৷ ভাৰতবৰ্ষত সাংবাদিকতাত নতুন যুগ আৰম্ভ হ’ল৷ পৰৱৰ্তী সময়ত উপসাগৰীয় যুদ্ধই সাংবাদিকতাৰ ৰেহৰূপ সলনি কৰে৷ সম্পাদক-সাংবাদিকতকৈ বিজ্ঞাপনে সংবাদক্ষেত্ৰ অধিক নিয়ন্ত্ৰণ কৰিবলৈ ল’লে৷ বজাৰে নিয়ন্ত্ৰণ কৰা সাংবাদিকতা অতি বিপজ্জনক৷ তেওঁ সাম্প্ৰতিক সময়ত টি ভি চেনেলৰ দৰে সংবাদ মাধ্যমৰ খৰচ অতিমাত্ৰা বৃদ্ধি পোৱাৰ প্ৰসংগ উত্থাপন কৰি কয়,  সাংবাদিকতা জাকজমকীয়া হোৱাত আমি বজাৰলৈ চাই থাকিব লগীয়া হয়, বিজ্ঞাপনৰ আশাত৷ তাৰ ফলত অনুসন্ধানমুলক সাংবাদিকতা বাদ দি চাঞ্চল্যধৰ্মী সাংবাদিকতালৈ যাবলগীয়া হৈছে৷ তেওঁ প্ৰসংগক্ৰমে কয়, বিধানসভাৰ আলোচনা-চৰ্চাৰ মানদণ্ড কিমান তললৈ নামি গৈছে! বিধানসভাত চিৎকাৰৰ বাদে আন একো কথা নোলায়৷ শাসকদলৰ এক বিপদজনক ভূমিকা বিধানসভাত৷ বিৰোধী প্ৰায় নিৰ্লিপ্ত, অস্তিত্বহীন আৰু ক’বলগীয়া কথাও নকয়৷ প্ৰসংগ ক্ৰমে তেওঁ কয়, এতিয়া মুল সূঁতিৰ সাংবাদিকতাৰ লগত ছ’চিয়েল মিডিয়াৰ প্ৰতিদ্বন্দ্বিতা বা সংঘাত আৰম্ভ হৈছে৷ অসমৰ সংবাদ মাধ্যমত জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদৰ এক অদ্ভুত এক মিশ্ৰণ আছে৷ বিদেশী সমস্যা, বানপানী সমস্যা, উগ্ৰপন্থী সমস্যাত অসমৰ সংবাদ মাধ্যম জপিয়াই পৰিছে, ভাল ক’ভাৰেজ দি আহিছে৷ সভাত ভাষণ দি প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই মুক্তিযোদ্ধা আবু চামাৰ বিষয়ে উল্লেখ কৰি কয়, অসমৰ জাতীয় জীৱনৰ বাবে কাম কৰি যি সকলে নিজৰ নাম ইতিহাসৰ পাতত লিপিবদ্ধ কৰিছে তেওঁলোকৰ ভিতৰত অন্যতম আবু চামা৷ তেওঁৰ দৰে ব্যক্তি সমাজত বিৰল৷ সভাত ভাষণ দি নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই কয়, সংবাদ মাধ্যমলৈ বিভিন্ন দিশত সংকট অহাতো সঁচা৷ পূৰ্বতকৈ বাতৰি কাকতৰ পঢ়ুৱৈৰ সংখ্যা কমিছে৷ ছ’চিয়েল মিডিয়াই সংবাদ মাধ্যমলৈ প্ৰত্যাহবান কঢ়িয়াই আনিছে৷ সভাত আদৰণি ভাষণ দিয়ে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ শৰৎ বৰকটকীয়ে৷ সমগ্ৰ অনুষ্ঠানৰ আঁত ধৰে তিলক প্ৰকাশনৰ স্বত্বাধিকাৰ বল্লদেৱ শৰ্মাই৷ সমাজকৰ্মী যুক্তিনাথ খাউণ্ডৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত শলাগৰ শৰাই আগবঢ়ায় ‘কলংপাৰ’ কাকতৰ মুখ্য সম্পাদক ড॰ আবু হানিফাই৷ ইফালে ‘কলংপাৰ’ কাকতৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা গল্প, প্ৰবন্ধ আৰু কবিতা প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ এই অনুষ্ঠানতে প্ৰদান কৰাৰ লগতে লেখিকা অনিমা বৰুৱা শৰ্মাৰ গ্ৰন্থ ‘পঞ্চ সতীৰ দেশত গোৱালীৰ কন্যা’ নামৰ গ্ৰন্থখনিও উন্মোচন কৰা হয়৷