Logo
image

কনৰাডৰে বিজেপিৰ মিত্ৰতা ভংগৰ চূড়ান্ত ঘোষণা

আমাৰ অসম, ৩ ফেব্ৰুৱাৰীঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ শাসনাধিষ্ঠিত ৰাজনৈতিক দল কেইটাক কংগ্ৰেছ বিৰোধী একেখন মঞ্চলৈ অনাৰ লক্ষ্যৰে বিজেপিয়ে নৰ্থ ইষ্ট ডেম’ক্ৰেটিক এলায়েন্স চমুকৈ নেডা গঠন কৰিছিল যদিও মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ লগে লগে ফাট মেলিলে নেডাত৷ কেৱল নেডাত ফাট মেলাই নহয়, এন পি পি দলৰ সৈতেও মিত্ৰতা ভংগ হ’ল বিজেপিৰ৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নেতৃত্বাধীন এন পি পিৰ সৈতে মধুচন্দ্ৰিকাৰ অন্ত পৰাৰ যেন আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে বিজেপিয়ে৷ কিয়নো মেঘালয়ৰ কমৰাড চাংমাৰ চৰকাৰলৈ পূৰ্বতে বিজেপিয়ে সমৰ্থন জনাইছিল যদিও ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত এতিয়া বিজেপি আৰু এন পি পি দলে পৃথকে পৃথকেই যুঁজত নামিছে৷ ৬০ টা সমষ্টিৰ বাবে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ ইতিপূৰ্বে এন পি পি দলে ৫৮ টা সমষ্টিত নিজা প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পাছত বৃহস্পতিবাৰে বিজেপিয়েও ৬০টা সমষ্টিৰ বাবে নিজা প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে৷ 

বিজেপিয়ে আটাইকেইখন আসনতে প্ৰতিদ্বন্দ্বিতাৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পাছতেই এন পি পি আৰু বিজেপিৰ মাজত আনুষ্ঠানিক বিচ্ছেদ হোৱাটো নিশ্চিত হৈ পৰিল৷ যাক লৈ এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিতো ব্যাপক চৰ্চা লাভ কৰিছে৷ উল্লেখ্য ২০১৮ চনত মেঘালয়ত চৰকাৰ গঠন কৰিবলৈ কনৰাড চাংমাৰ এন পি পিয়ে নিজৰ ১৯ জন বিধায়কৰ উপৰিও ইউ ডি পিৰ ৬ জন, পি ডি এফৰ ৪ জন, এ এছ পি ডি পি আৰু নিৰ্দলীয়ৰ ২ জনকৈ বিধায়কৰ সমৰ্থন লৈছিল৷ এন পি পিৰ এই চৰকাৰৰ অংশীদাৰ হৈছিল মেঘালয়ত জয় লাভ কৰা বিজেপিৰ ২ বিধায়কো৷ মাত্ৰ ২ জন বিধায়কৰ সৈতে মেঘালয় বিধানসভাত শাসকীয় পক্ষৰ অংশীদাৰ হোৱা বিজেপিয়ে এতিয়া ৬০ খন আসনতে প্ৰতিদ্বন্দ্বিতা কৰি নিজাববীয়াকৈ চৰকাৰ গঠনৰ সপোন দেখিছে৷ বিজেপিৰ সাধাৰণ সম্পাদক তথা উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকা ইনচাৰ্জ ঋতুৰাজ সিনহাই বৃহস্পতিবাৰে নতুন দিল্লীত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰি এখন সংবাদমেলত কয় যে মেঘালয়ত সম্পূৰ্ণ জোৰদাৰ গতিত প্ৰচাৰ চলাব বিজেপিয়ে৷ বিজেপিৰ টেগলাইনটো হৈছে ‘এম পাৱাৰ’ অৰ্থাৎ মোদী পাৱাৰ৷ ইয়াৰ কাৰণ হ’ল জনতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত যাতে বিশ্বাস ৰাখে৷ মেঘালয়ৰ জনতাই কেৱল নৰেন্দ্ৰ মোদীয়েহে দুৰ্নীতিমুক্ত এখন ৰাজ্য দিব পাৰিব বুলি বিশ্বাস কৰে৷ সিনহাই লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে এতিয়ালৈকে উত্তৰ-পূবলৈ ৫০ বাৰৰো অধিকবাৰ আহিছে৷ আজিলৈকে যিমান কেইজন প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূব ভ্ৰমণ কৰিছে তাৰ তুলনাত প্ৰধানমন্ত্ৰী মোদীয়ে অকলেই বেছিকৈ আহিছে উত্তৰ-পূৰ্বলৈ৷ সেয়েহে মেঘালয়ত বিজেপিয়ে এইবাৰ চৰকাৰ গঠন কৰাটো নিশ্চিত৷