Logo
image

ছানী লিয়নীৰ শ্ব’ৰ পূৰ্বে বোমা ফুটিল ইম্ফলত

আমাৰ অসম, ৫ ফেব্ৰুৱাৰীঃ শনিবাৰে এটা শক্তিশালী বিস্ফোৰণে পুৱাই মণিপুৰৰ ইম্ফল চহৰক কঁপাই যায়৷ ইম্ফল চহৰৰ হাট্টা কাঞ্জিবাগ অঞ্চলত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হয়৷ উল্লেখ্য যে দেওবাৰে উক্ত স্থানতে বলিউদৰ পৰ্ণষ্টাৰ ছানী লিয়নীয়ে এক ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰাৰ কথা আছিল৷ ছানী লিয়নীৰ ফেশ্বন শ্ব’ৰ স্থলীৰ পৰা বিস্ফোৰণ সংঘটিত ঘটনাৰ দূৰত্ব মাত্ৰ ১০০ মিটাৰ৷ আজি পুৱা ৬.৩০ বজাতে এই বিস্ফোৰণৰ ঘটনাটো সংঘটিত হয়৷ অৱশ্যে বাতৰি লিখাৰ পৰলৈকে বিস্ফোৰণৰ ঘটনা বোমা বা শক্তিশালী বিস্ফোৰকৰ দ্বাৰা সংঘটিত হৈছে নে গ্ৰেণেডৰ দ্বাৰা সংঘটিত হৈছে সেয়া নিশ্চিত হোৱা নাই৷ অৱশ্যে মণিপুৰ আৰক্ষীৰ এক সূত্ৰই এয়া বোমা বিস্ফোৰণ বুলি দাবী কৰিছে৷ কোনো উগ্ৰপন্থী সংগঠনে এই বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই৷ বিস্ফোৰণত অৱশ্যে কোনো লোক হতাহত হোৱা নাই৷ উল্লেখ্য যে চুবুৰীয়া ৰাজ্য মণিপুৰত উগ্ৰপন্থীৰ ভাবুকিত দুটা দশকৰো অধিক কাল হিন্দী চিনেমা নিষিদ্ধ ঘোষিত হৈ আহিছে৷ ১৯৯৮ চনত ৰাজ্যখনৰ এটা উগ্ৰপন্থী সংগঠন পিপুল’ছ লিবাৰেশ্বন আৰ্মি চমুকৈ পিএলএৰ এজন কামাণ্ডাৰ কাঙলা অঞ্চলত সেনা বাহিনীৰ গুলীত নিহত হোৱাৰ পাছৰ পৰাই প্ৰতিবাদ কল্পে সংগঠনটোৱে মণিপুৰত হিন্দী চিনেমাৰ প্ৰদৰ্শনী নিষিদ্ধ কৰিছিল৷ ১৯৯৮ চনত মণিপুৰত প্ৰদৰ্শিত শেষৰখন হিন্দী চিনেমা আছিল শ্বাহৰুখ খানৰ অভিনীত ‘কুছ কুছ হোতা হে’৷ মণিপুৰত বিজেপি চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পাছত চৰকাৰে হিন্দী ভাষাৰ প্ৰসাৰত গুৰুত্ব দিছে যদিও হিন্দী চিনেমাৰ নিষিদ্ধকৰণৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস কৰা নাই৷ এনে প্ৰেক্ষাপটত ছানী লিয়নীৰ কাৰ্যসূচীৰ পূৰ্বে বিস্ফোৰণৰ ঘটনা বলিউদ তথা হিন্দী চিনেমা, ফেশ্বন জগতৰ প্ৰতি পুনৰবাৰ ভাবুকি বুলি চিহ্নিত হৈছে৷