Logo
image

জৰ্জ ফিল্ড খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰীতিমূলক ক্ৰিকেট খেলত শিল্পী একাদশৰ জয়

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ জৰ্জ ফিল্ড খেলপথাৰত দেওবাৰে হেল্থ চিটী হাস্পতাল একাদশ আৰু শিল্পী একাদশৰ মাজত এখন প্ৰীতিমূলক ক্ৰিকেট খেলৰ অনুষ্ঠিত হয়। ইতিমধ্যে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰা শিল্পী একাদশৰ দলৰ হৈ হাৰ্টথ্ৰব জুবিন গাৰ্গ, জয়ন্ত কাকতি, আচুৰ্য বৰপাত্ৰ, পঙ্কজ ইংতি, নীল আকাশকে আদিকে ধৰি বহু কেইজন তাৰকা শিল্পীয়ে খেলত যোগদান কৰে।

আনহাতে হেলথ চিটী হাস্পতাল একাদশ হাস্পতাখনৰ ফেচিলিটী ডাইৰেক্টৰ পৰাগজ্যোতি দত্ত, ডাঃ অতনু বৰঠাকুৰ, ডাঃ ব্ৰজেন লহকৰ,হাস্পতালৰ অন্যান্য কর্মীসকলে অংশগ্ৰহণ কৰে। টছত জয়লাভ কৰি নিৰ্ধাৰিত ১৫ অভাৰত শিল্পী একাদশে ২১১ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত হেলথ চিটী হাস্পতাল একাদশে ১৫ অভাৰ খেলি ২০ ৰানত পৰাজিত হয়। খেলত মেন অৱ দা মেচৰ সন্মান লাভ কৰে শিল্পী একাশৰ হৈ নীল আকাশে। উল্লেখ‍্য, হেলথ চিটী হাস্পতাল আৰু ডা: ভৱদাস ফাউণ্ডেশ্যনৰ সহযোগত অনুষ্ঠিত হোৱা এই খেলখন অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ হৃদৰোগৰ সজাগতা বৃদ্ধিৰ মহৎ লক্ষ্য আৰু উদ্দেশ্য অনুষ্ঠিত হয়।