Logo
image

দীপিকা, ছাৰা, শ্ৰদ্ধাক হাজিৰ হোৱাৰ নিৰ্দেশ নাৰ্ক’টিক ব্যুৰ’ৰ

আমাৰ অসম, ২৪ ছেপ্টেম্বৰঃ আশংকা সত্যত প্ৰমাণিত কৰি এইবাৰ একেলগে বলীউডৰ চাৰিগৰাকী তাৰকা অভিনেত্ৰীক নাৰ্ক’টিক্স কণ্ট্ৰল ব্যুৰ’ৱে জেৰাৰ বাবে চমন জনাইছে৷ বলীউডৰ সাম্প্ৰতিক কালৰ সবাটোকৈ ‘মূল্যবান’ অভিনেত্ৰী, মেগাষ্টাৰ দীপিকা পাডুকণৰ উপৰি তাৰকা অভিনেত্ৰী, ছঈফ কন্যা ছাৰা আলী খান, শক্তি কাপুৰৰ জীয়ৰী শ্ৰদ্ধা কাপুৰ আৰু ঘাইকৈ দক্ষিণৰ তেলুগু ছবিৰ তাৰকা ৰাকুল প্ৰীত সিঙক নাৰ্ক’টিক্স কণ্ট্ৰল ব্যুৰ’ৱে ড্ৰাগ্‌ছ সেৱনৰ গোচৰ সংক্ৰান্তত বুধবাৰে জেৰাৰ বাবে চমন জনোৱাৰ লগে লগে মুম্বাইৰ মায়ানগৰীত কম্পন আৰম্ভ হৈছে৷ অহা তিনি দিনৰ ভিতৰত এই চাৰি বলীউড ললনাক এন চি বিৰ ওচৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে৷ দীপিকা পাড়ুকনক শুকুৰবাৰে জেৰা কৰা হ’ব৷ একেদিনাই তেওঁৰ বিজিনেছ মেনেজাৰ কৰিশ্মা প্ৰকাশকো জেৰা কৰা হ’ব৷ আনহাতে, ৰাকুল প্ৰীত সিঙক কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে, ছাৰা আলী খান, শ্ৰদ্ধা কাপুৰক শুকুৰবাৰে জেৰা কৰিব বুলি এন চি বিয়ে প্ৰকাশ কৰিছে৷উল্লেখ্য, মঙলবাৰে এন চি বিয়ে জেৰা কৰিচিল সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন টেলেণ্ট মেনেজাৰ জয়া সাহাক৷ জেৰাত জয়া সাহাই স্বীকাৰ কৰে যে, তেওঁ ৰিয়া চক্ৰৱৰ্তী, শ্ৰদ্ধা কাপুৰ, সুশান্ত সিং ৰাজপুতৰ বাবে চি বি ডি অইল কিনি দিছিল৷ চি বি ডি অইল হৈছে ভাঙৰ পৰা তৈয়াৰ কৰা এবিধ অতি নিচাযুক্ত তেল৷ ইতিমধ্যে বলীউডৰ একাংশই চি বি ডি অইল বিচাৰি হোৱাট্‌ছএপত কৰা কথোপকথন প্ৰকাশ পাইছে৷ উল্লেখ্য, জয়া সাহাৰ পূৰ্বেই ৰিয়া চক্ৰৱৰ্তীয়ে এন চি বিৰ জেৰাত ছাৰা আলী খান আৰু ৰাকুল প্ৰীত সিঙৰ নাম জনোৱা বুলি তদন্তকাৰী সংস্থাটোৱে প্ৰকাশ কৰিছিল৷ জয়া সাহাই এই তথ্য জেৰাত নিশ্চিত কৰাৰ পাছতে এন চি বিয়ে ছাৰা আলী খান আৰু ৰাকুল প্ৰীত সিঙক চমন জনায়৷ইপিনে, ৰিয়াৰ জবানবন্দীৰ ওপৰত ভিত্তি কৰি এন চি বিয়ে জেৰা কৰিছিল দীপিকা পাডুকনৰ মেনেজাৰ কৰিশ্মা প্ৰকাশে কাম কৰা ‘কওৱান টেলেণ্ট মেনেজমেণ্ট এজেন্সি’ৰ চি ই অ’ ধ্ৰুৱ চিৎগোপেকাৰক৷ ৰিয়া চক্ৰৱৰ্তীয়ে এন চি বিক জনোৱা বলীউডৰ ড্ৰাগ্‌ছ আসক্তৰ ২৫জনীয়া তালিকাৰ শীৰ্ষত দীপিকাৰ নাম আছিল বুলি প্ৰকাশ পাইছিল৷ বলীউডৰ শীৰ্ষস্থানৰ আৰু সৰ্বাধিক পৰিশ্ৰমিক লাভ কৰা দীপিকাৰ বিষয়ে চিৎগোপেকাৰৰ পৰা এন চি বিয়ে তথ্য লয় আৰু তেওঁক চমন জনায়৷ বলীউডৰ ‘পদ্মাৱত’ দীপিকা বৰ্তমান শকুন বাট্ৰাৰ ছবিৰ শ্বুটিঙত গোৱাত ব্যস্ত৷ এন চি বিয়ে ৰিয়া চক্ৰৱৰ্তীৰ পাছত এতিয়া তাৰকাৰ গাত হাত দিয়াত বলীউডৰ ড্ৰাগ্‌ছ সংযোগে বৃহৎ আকাৰ লোৱাৰ আশংকাই দেখা দিছে৷