Logo
image

মনোজ কুমাৰ গোস্বামীক লিঅ’ এক্সপ’ সন্মান প্ৰদান

ডিজিটেল ডেস্কঃ  ‘ভুল সত্য’ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰা বিশিষ্ট সাহিত্যিক, ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীক দেওবাৰে গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হৈ থকা  ২৩সংখ্যক লিঅ’ এক্সপথলীত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়৷ অসম সাহিত্য সভাৰ সভাপতি ড॰ সূৰ্য হাজৰিকাই বিশিষ্ট সাহিত্যিক, সাংবাদিক মনোজ কুমাৰ গোস্বামীক এখন চেলেং চাদৰ, এখন আলোৱান আৰু এটা স্মাৰকেৰে সম্বৰ্ধনা জনায়৷ সম্বৰ্ধনা গ্ৰহণ কৰি ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে কয়- সমাজত বহু লোকে নীৰৱে কাম কৰি আছে৷ কোনো ধৰণৰ স্বীকৃতি, সন্মান নোপোৱাকৈয়ে তেওঁলোকে পৰ্দাৰ আঁৰত থাকি যায়৷ সেয়েহে স্বীকৃতিৰ প্ৰয়োজন আছে৷ স্বীকৃতি, সন্মান পালে মানুহে কাম কৰিবলৈ অনুপ্ৰেৰণা পায়৷ তদুপৰি স্বীকৃতি, সন্মান নোপোৱা সকলেও ভাল ভাল কাম কৰি যাবলৈ উৎসাহিত হয়৷ এই ক্ষেত্ৰত লিঅ’ এডভাৰটাইজিঙে ভাল পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ অনাগত সময়ত লিঅ’ এক্সপ’ই দুই এখন অসম অথবা বাহিৰৰ কিতাপৰ বিপণীৰ ব্যৱস্থা কৰিলে গ্ৰন্থানুৰাগী সকলো উপকৃত হ’ব৷ ‘ ময়ূৰী দত্তই আঁত ধৰা অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক তথা লিঅ’ এক্সপ’ বঁটা বাছনি সমিতিৰ সদস্য প্ৰণয় বৰদলৈয়ে আদৰণি ভাষণ দিেয় অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ড॰ সূৰ্য হাজৰিকাই কয়-'সদিচ্ছা’ৰ অন্তৰালত থকা বিষয়বস্তু সকলোৰে মনলৈ সততে অহা দেখা নাযায়৷ সমাজখনক উপকৃত কৰিবলৈ ‘সদিচ্ছা’ই প্ৰসংশনীয় পদক্ষেপ গ্ৰহণ কৰিছে৷ আনহাতে মনোজ কুমাৰ গোস্বামীয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰি অসমৰ সাহিত্যৰ ভঁৰাল চহকী কৰিলে৷ তেওঁ আমাক গৌৰৱাম্বিত কৰিলে৷ এয়া কেৱল অসমৰ বাবে নহয় ভাৰতবৰ্ষৰ বাবেও সু-খবৰ৷ এনেকুৱা সন্মানে কেৱল ব্যক্তিজনৰে নহয় এটা জাতি, এখন দেশৰ নাম উজলাই তোলে৷ আমি বিশেষকৈ যুৱ প্ৰজন্মই বিশ্ব স্বীকৃতি অনাৰ বাবে সাধনাত ব্ৰতী হ’ব লাগে৷ তেওঁলোকে নিজৰ স্থিতি সবল কৰাৰ লগতে আমাৰ সমাজক যাতে উপকৃত কৰিব পাৰে তাৰে আশা কৰিলোঁ৷  অসমীয়া ভাষা, সাহিত্য, বিভিন্ন ভাষালৈ অনুবাদ হ’ব লাগে৷ অসমীয়া পৃথিৱীৰ এটা চহকী জাতি হিচাপে স্বীকৃতি লাভ কৰক তাৰে আশা কৰিলোঁ৷ তেওঁ লগতে এখন বাণিজ্য বিষয়ক বিশ্বকোষ প্ৰস্তুত কৰাৰ বাবে অসম সাহিত্য সভাই লোৱা উদ্যোগৰ কথা সদৰী কৰে৷ অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তি সকলৰ পৰা চলিত বৰ্ষৰ লিঅ’ এক্সপ’ সমাজসেৱা সন্মান গ্ৰহণ কৰে সমাজসেৱী সংগঠন ‘সদিচ্ছা’ৰ সদস্য সকলে৷ এই সন্মানত আছে এটা স্মাৰক, ফুলাম গামোছা আৰু ১ লাখ টকাৰ চেক৷ এই সন্মান গ্ৰহণ কৰি ‘সদিচ্ছা’ৰ সভাপতি মনালিছা বৰুৱাই কয়- আমি প্ৰথমবাৰৰ বাবে এনে সন্মান লাভ কৰি উৎসহিত হৈছোঁ৷ আমি মহিলাৰ শাৰীৰিক, মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিও৷ আমি মাতৃভাষাৰ বিদ্যালয় তথা মহিলা সকলক চেনিটাৰী নেপকিন ব্যৱহাৰৰ বিষয়ে সজাগতা শিবিৰ আয়োজন অহাৰ লগতে বিতৰণ কৰি আহিছো৷ আমি মাতৃভাষাৰ বিদ্যালয়ত ‘চেনিটাৰী ডিচপ’জিবল মেচিন’ স্থাপনৰ বাবে পৰিকল্পনা হাতত লৈছোঁ৷ আমাক এই সন্মান দিয়া বাবে লিঅ’ এডভাৰটাইজিঙক ধন্যবাদ জনালো৷ ‘ উল্লেখ্য, এই বাণিজ্য মেলাখনে ২০০৫ চনৰ পৰা সাংবাদিকতা আৰু সাংস্কৃতিক ক্ষেত্ৰত বৰঙনি আগবঢ়াই অহা ব্যক্তিক বিশিষ্ট বৰঙনিৰ বাবে বিশেষ সন্মান প্ৰদান কৰি আহিছে৷  চলিত বছৰৰ ৩ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা এই বাণিজ্য মেলাত ২০০খনতকৈও অধিক বিপণীত দেশ-বিদেশৰ বিভিন্ন সামগ্ৰী উপলব্ধ হৈছে৷ ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে ৬খন বিদেশী ৰাষ্ট্ৰৰ বিপণীয়েও অংশ লৈছে এই বাণিজ্য মেলাত৷ লিঅ’ এক্সপ’ত অংশগ্ৰহণকাৰী বিদেশী ৰাষ্ট্ৰকেইখন হৈছে ইৰান, থাইলেণ্ড, সংযুক্ত আৰব গণৰাজ্য, শ্ৰীলংকা, আফগানিস্তান আৰু বাংলাদেশ৷ বাংলাদেশৰ গুৱাহাটীস্থ কূটনৈতিক দূতাবাসেও এইবাৰৰ লিঅ’ এক্সপ’ত সক্ৰিয়ভাৱে অংশ লৈছে৷ ১৮ দিনীয়াকৈ অনুষ্ঠিত এই বাণিজ্য মেলাত ইতিমধ্যে দৰ্শকৰ বিপুল সমাগম হোৱা পৰিলক্ষিত হৈছে৷