Logo
image

ঋষভৰ যুঁজ অব্যাহত, কটা ঘাত চেঙা তেল দিছে উৰ্বশীয়ে

ডিজিটেল ডেস্কঃ  উচ্ছতা ৫ ফুট ১০ ইঞ্চি৷ মুখত এমোকোৰা হাঁহি৷ এপিলিং বিউটী৷ বলীউডৰ লাস্যময়ী অভিনেত্ৰী উৰ্বশী ৰৌতেলাক কম শব্দত এনেদৰে বৰ্ণনা কৰিব পাৰি৷ সম্ভৱতঃ বলীউডী-সৌভাগ্যই লগ নিদিয়াৰ বাবে তেওঁ এতিয়ালৈকে অনুৰাগীক মেগাহিট বা ছুপাৰহিট ছবি উপহাৰ দিব পৰা নাই৷ কিন্তু তেওঁৰ সৌন্দৰ্যক লৈ সন্দেহৰ কোনো অৱকাশ নাই৷ একেদৰেই উৰ্বশীয়ে সৃষ্টি কৰা বিতৰ্কৰো শেষ নাই৷ খুব সম্ভৱতঃ বিতৰ্ক সৃষ্টিৰ জৰিয়তে উৰ্বশীয়ে সময়ে সময়ে অনুৰাগী আৰু বলীউডৰ প্ৰযোজক পৰিচালকৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰে৷ এই কথা সম্ভৱতঃ মনত পেলাই দিব নালাগে যে বাৰে বাৰে উৰ্বশী ৰৌতেলাই বিতৰ্ক সৃষ্টি কৰা মূল নামটো হৈছে ঋষভ৷ সেই ঋষভ যে ভাৰতীয় ক্ৰিকেটৰ উইকেটকীপাৰ-বেটছমেন ঋষভ পণ্ট, তাকো বলীউড আৰু ক্ৰিকেটৰ ভক্তক চকুত আঙুলি থৈ বুজাই দিব নালাগে৷ বহুবাৰ, আক্ষৰিক অৰ্থতেই উৰ্বশী ৰৌতেলাই বহুবাৰ ঋষভ পণ্টক লৈ বিতৰ্কৰ সৃষ্টি কৰিছে৷ সময়ে সময়ে বলীউডৰ এই আবেদনময়ী অভিনেত্ৰীগৰাকীয়ে  দাবী কৰে, ঋষভ পণ্ট তেওঁৰ প্ৰেমত ব্যাকুল৷ কিন্তু উৰ্বশীৰ সেই দাবী বাৰম্বাৰ অস্বীকাৰ কৰি আহিছে ঋষভ পণ্টে৷ ঋষভক লৈ  উৰ্বশীয়ে পুনৰ আন এক বিতৰ্কৰ  সৃষ্টি কৰিছে৷ ঠিক বিতৰ্ক বুলি ক’ব নোৱাৰি, দৃষ্টি আকৰ্ষণৰ এক প্ৰচেষ্টাহে এয়া৷ বিগত বছৰৰ ঠিক সমাপ্তিত ৩০ ডিচেম্বৰত এক গুৰুতৰ গাড়ী দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছিল ঋষভ পণ্ট৷ কোনোমতে মৃত্যুৰ মুখৰ পৰা ৰক্ষা পৰা ঋষভ পণ্ট এতিয়াও চিকিৎসাধীন৷ কোনোমতে হাতত পেং লৈ তেওঁ এটা দুটা খোজ দিছে৷ তাৰ মাজতে হঠাতে সুন্দৰী উৰ্বশীয়ে ঋষভৰ সৈতে নিজৰ এখন ফটো দিলে ইনষ্টাগ্ৰামত৷ উৰ্বশীয়ে এই ফটোখন আপলোড কৰাৰ লগে লগে হুলস্থূলৰ সৃষ্টি হ’ল৷ কিয়নো ঋষভ পণ্ট আছে চিকিৎসালয়ত৷ তদুপৰি তেওঁ উৰ্বশীক কাষ চাপিবলৈকে নিদিয়ে৷ এনে পৰিস্থিতিত উৰ্বশী-ঋষভৰ যুগ্ম ফটো কিদৰে সম্ভৱ? এই খবৰে বলীউড আৰু ক্ৰিকেটৰ পথাৰত ধুমুহাৰ সৃষ্টি কৰাৰ সময়ত ওলাল আচল কথা৷ এই ঋষভ ক্ৰিকেটাৰ ঋষভ পণ্ট নহয়৷ এওঁ হৈছে ঋষভ ছেট্টি৷ ঋষভ ছেট্টি হৈছে অভিনেতা-পৰিচালক৷ এই ঋষভ ছেট্টিৰ সৈতেই ইনষ্টাগ্ৰামত ফটো আপলোড কৰিছে উৰ্বশী ৰৌতেলাই৷ ঋষভ ছেট্টিয়ে উৰ্বশী ৰৌতেলাই অভিনয় কৰিবলগীয়া কাণ্টাৰা-২ নামৰ ছবিখন পৰিচালনা কৰিব ঋষভ ছেট্টিয়ে৷ এই ছবিৰ নায়িকা হৈছে উৰ্বশী ৰৌতেলা৷ ছবিৰ কাম আৰম্ভ হোৱাৰ পূৰ্বেই উৰ্বশীয়ে ঋষভৰ ফটো দি আকৌ এবাৰ বলীউডত গুঞ্জনৰ সৃষ্টি কৰিলে৷ সেই গুঞ্জন অব্যাহত আছে বলীউডত৷ উৰ্বশী ৰৌতেলাৰ এই ধেমালি ঋষভ পণ্টৰ বাবে অতি নিৰ্দয় হৈ উঠিব পাৰে৷ পিছে চিকিৎসালয়ত এতিয়াও সুস্থ হোৱাৰ বাবে যুঁজি থকা ঋষভ পণ্টে উৰ্বশী ৰৌতেলাৰ এই কাম দেখি এতিয়ালৈকে কোনো মন্তব্য কৰা নাই৷