Logo
image

আহি আছে 'দিছপুৰত গাভৰু'

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী প্রেছ ক্লাৱত সোমবাৰে নতুন অসমীয়া চলচ্চিত্ৰ 'দিছপুৰত গাভৰু'ৰ  পোষ্টাৰ, ট্ৰেইলাৰ আৰু থিমচঙ মুকলি কৰা হয়। এই উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত চলচ্চিত্ৰখনৰ প্ৰযোজক, কাহিনী, চিত্ৰনাট‍্যকাৰ এ এম ৰহমানে কয়, "সামাজিক জীৱনৰ আধাৰত এটা শক্তিশালী কাহিনী লোৱা হৈছে। এ এম ৰহমান ফিল্মৰ বেনাৰত নিৰ্মিত চলচ্চিত্ৰখন ৰাইজে আদৰি ল'ব বুলি আশা কৰিলোঁ। চলচ্চিত্ৰখন মোৰ উপন্যাস 'দিছপুৰত গাভৰু'ৰ আধাৰত নিৰ্মাণ কৰা হৈছে। চলচ্চিত্ৰখনে ৩ মাৰ্চত মুক্তি লাভ কৰিব। চলচ্চিত্ৰখনত হিৰণ্য দাস, জাফৰি বক্সি, ফেৰিপ্ৰিয়া, ৰিমজিম শৰ্মা, চাজু আহমেদ আদিয়ে অভিনয় কৰিছে।"

সংবাদমেলত অভিনেতা হিৰণ্য দাসে কয়, "মই এই চলচ্চিত্ৰখনত বিধায়কৰ চৰিত্ৰ ৰূপায়ণ কৰিছোঁ। অসমীয়া চলচ্চিত্ৰ চাওক। অসমীয়া চলচ্চিত্ৰ জীয়াই ৰাখক।" সংবাদমেলত উপস্থিত থাকে শ্বাহজাহান আলি, আৰিয়ান ভূঞা, চলমান খান, অসমী বৈশ্য, অজয় হাজৰিকা, গগণাষ্টম।সংবাদমেলত চলচ্চিত্ৰখনত অভিনয় কৰা তিনিজন কলা-কুশলী ক্ৰমে  চাওদাং বৰুৱা, চন্দনা দেৱী আৰু বিশ্ব দাসৰ মৃত্যুত শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়।