Logo
image

মহিলা আইপিএলত অসমৰ জিণ্টিমণি

ডিজিটেল ডেস্কঃ  মহিলা আই পি এলত উজ্বলিব অসমৰ জিণ্টিমণি কলিতা৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বিচিচিআয়ে প্ৰথমবাৰৰ বাবে আয়োজন কৰা মহিলা প্ৰিমিয়াৰ লীগত মুম্বাই ইণ্ডিয়ানছে ক্ৰয় কৰিছে অসমৰ মঙলদৈৰ জীয়ৰী জিণ্টিমণিক৷ জিণ্টিমণি কলিতাক মুম্বাই ইণ্ডিয়ানছে ভিত্তিমূল ১৬ লাখ টকাত ক্ৰয় কৰে৷ ৪ মাৰ্চৰ পৰা অনুষ্ঠিত হ’বলগীয়া টুৱেণ্টী-২০লীগখনৰ বাবে সোমবাৰৰ পৰা  খেলুৱৈ  নিলাম প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ এই লীগৰ নিলামৰ বাবে অসমৰ আন এগৰাকী খেলুৱৈ উমা চেত্ৰীয়ে নাম পঞ্জীয়ন কৰিছিল যদিও সোমবাৰে উমাক কোনো এটা দলে ক্ৰয় কৰা নাই৷ অৱশ্যে কাইলৈ হ’বলগীয়া নিলাম প্ৰক্ৰিয়াত উমা ছেত্ৰীক কোনো দলে ক্ৰয় কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ মহিলা প্ৰিমিয়াৰ লীগৰ প্ৰথমখন নিলামৰ বাবে ১,৫২৫ গৰাকী খেলুৱৈৱে নাম পঞ্জীয়ন কৰাৰ বিপৰীতে সোমবাৰে ৮৭গৰাকী খেলুৱৈক বিভিন্ন দলে ক্ৰয় কৰে৷ অৱশ্যে বিক্ৰী হোৱা ক্ৰিকেটাৰ সকলৰ ৩০গৰাকীয়েই বিদেশী খেলুৱৈ৷ ভাৰতীয় মহিলা দলৰ অধিনায়ক স্মৃতি মান্ধানাক সৰ্বাধিক ৩.৪০ কোটি টকা ক্ৰয় কৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰে৷