Logo
image

টেলিভিচনৰ সেই এণ্টেনাডাল

ডিজিটেল ডেস্কঃ '৮০ দশকৰ একেবাৰে প্ৰথমৰ পিনে টেলিভিশ্বনৰ গৰ্বিত গৰাকীয়ে নিজৰ ঘৰৰ ঠিকনা জনাবলৈ হ’লে কৈছিল– যিটো ঘৰত আপুনি এণ্টেনা দেখিব সেইটোৱেই মোৰ ঘৰ৷  ’৮০ৰ দশকৰ শেষৰ পিনে সমগ্ৰ দেশ যেতিয়া টেলিভিশ্বনেৰে ভৰি পৰিল, তেতিয়া টিভি-হীন দৰিদ্ৰই নিজৰ ঘৰৰ চিনাকী দিব পাৰিছিল এইবুলি– আপুনি আহি থাকোতে যিটো পঁজাত এণ্টেনা নেদেখে সেইটোৱেই মোৰ ঘৰ৷ এসময়ত ভাৰতত টি ভিৰ গৰাকী হোৱা-নোহোৱাকলৈ লৈ এনেদৰেই কৌতুকৰ সৃষ্টি হৈছিল৷ কৌতুক যেন লাগিলেও এই ঘটনাবোৰ একপ্ৰকাৰ সত্য৷ কালক্ৰমত টি ভিৰ এণ্টেনা নোহোৱা হৈ পৰিল৷ টেলিভিশ্বন জগতত বিৱৰ্তন আৰম্ভ হ’ল৷ আৰম্ভ হ’ল কেবল৷ এসময়ত কেবলো নোহোৱা হৈ পৰিল৷ তাৰ স্থান ল’লে ছেট টপ বক্সে৷ সম্প্ৰতি দেশৰ জনতাই ছেট টপ বক্সৰ জৰিয়তে টেলিভিশ্বনৰ বিভিন্ন চেনেলত আঙুলি সঞ্চালন কৰে আৰু উপভোগ কৰে৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে পুনৰ দেশৰ টেলিভিশ্বনলৈ সেই তাহানিৰ এণ্টেনা ঘুৰাই অনাৰ পৰিকল্পনা কৰিছে৷ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে সংসদত এই কথা প্ৰকাশ কৰিছে৷ প্ৰযুক্তিত পৰিৱৰ্তন ঘটাই পুনৰ উভতি আহিব এণ্টেনা৷ অনুৰাগ ঠাকুৰে জনোৱা অনুসৰি সেই পৰিকল্পনা মতে প্ৰত্যেকটো টিভি ছেটত ‘বিল্ট  ইন ছেটেলাইট টিউনাৰ’ থাকিব৷ তাৰ বাবে গ্ৰাহকে পুনৰ ঘৰত এণ্টেনা সংস্থাপন কৰিব লাগিব৷ ইয়াৰ জৰিয়তে টিভিৰ গ্ৰাহকে একেসময়তে ২০০ ৰো অধিক চেনেল উপভোগ কৰিবলৈ সক্ষম হ’ব৷ অৱশ্যে প্ৰাথমিকভাৱে কেন্দ্ৰীয় চৰকাৰে এই পৰিকল্পনা পৰীক্ষামূলকভাৱে কৰিবলৈ স্থিৰ কৰিছে৷ যদিহে সফল হয় তেন্তে অচিৰেই পুনৰ ভাৰতৰ ঘৰে ঘৰে দেখা যাব সেই তাহানিৰ দৰে দীঘল দীঘল এণ্টেনা৷