Logo
image

আজি ত্ৰিপুৰাত ভোট গুৱাহাটীত অমিত শ্বাহ

ডিজিটেল ডেস্কঃ  আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ মেঘালয়ত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে পুৱাৰ ভাগতে আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীজন৷ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয়  বিমান বন্দৰত তেওঁ প্ৰায় ৫ মিনিট সময় কটাব৷ তাৰ পূৰ্বে সম্প্ৰতি বেংগালুৰুত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰীজনক আদৰণি জনোৱাৰ উদ্দেশ্য গুৱাহাটীৰ বিমানবন্দৰত উপস্থিত হ’ব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম বিজেপিৰ নেতৃত্বৰ সাক্ষাতৰ পাছত গৃহমন্ত্ৰীজন তুৰালৈ ৰাওনা হ’ব৷ পাহাৰীয়া ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও আহিব৷ উল্লেখ্য, ২৭ ফেব্ৰুৱাৰীৰ অনুষ্ঠিত হ’ব ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন৷ ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মেঘালয়ত চলাইছে    নিৰ্বাচনী প্ৰচাৰ৷ অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মোমিনেও চুবুৰীয়া ৰাজ্যখনত চলাইছে নিৰ্বাচনী প্ৰচাৰ৷ ইতিমধ্যে  মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ বাবে বুধবাৰে বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ৷ মেঘালয়ত উপস্থিত হৈ ইস্তাহাৰ প্ৰকাশ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভপতি জগত প্ৰকাশ নাড্ডাই৷ ২৭ ফেব্ৰুৱাৰীত নাগালেণ্ডতো অনুষ্ঠিত হ’ব নিৰ্বাচন৷ আনহাতে, উত্তৰ-পূবৰ এই তিনিখন ৰাজ্যৰ ভোটগণনা হ’ব ২ মাৰ্চত৷ মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ লগতে তৃণমূল কংগ্ৰেছেও প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে৷ বুধবাৰৰ মেঘালয় ভ্ৰমণকালত তৃণমূল কংগ্ৰেছক তুলাধুনা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনে৷ প্ৰচাৰ সভাত ভোটাৰক সম্বোধন কৰি তৃণমূল কংগ্ৰেছৰ অৰ্থ বলপূৰ্বক ধনদাবী, মানি লণ্ডাৰিং আৰু দুৰ্নীতি বুলি কটাক্ষ জেপি নাড্ডাৰ৷ বুধবাৰে মেঘালয়ত কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ লগতে জ্যেষ্ঠ নাগৰিকৰ সৈতেও মত বিনিময় কৰে নাড্ডাই৷ ‘সংকল্প পত্ৰ’ অৰ্থাৎ ইস্তাহাৰ প্ৰকাশ কৰি জেপি নাড্ডাই কয়– ৰাজ্যখনৰ সমৃদ্ধিৰ যথেষ্ট সুযোগ আৰু সম্ভাৱনা আছে আৰু আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত ইয়াক নতুন শিখৰলৈ লৈ যোৱাৰ বাবে আশাবাদী৷ উল্লেখ্য, বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত আছে কন্যা সন্তান জন্মৰ পাছত ৫০ হাজাৰ টকাৰ বণ্ড প্ৰদান কৰা, কেজিৰ পৰা পিজিলৈ [স্নাতকোত্তৰ] ছোৱালীক বিনামূলীয়া শিক্ষা প্ৰদান কৰা, উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ বাবে বছৰি দুটা বিনামূলীয়া এলপিজি চিলিণ্ডাৰ যোগান ধৰা ইত্যাদি৷ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ বিষয়ে উল্লেখ কৰি নাড্ডাই কয়– আমি সিদ্ধান্ত লৈছো যে আমি আঁচনিখনৰ অধীনত কৃষকসকলক পৰিশোধ কৰা পৰিমাণ বাৰ্ষিক ২০০০ টকা বৃদ্ধি কৰিম৷ উল্লেখ্য, ২০১৮ চনত মেঘালয়ৰ বিধানসভা নিৰ্বাচনত ৬০খন আসনৰ ভিতৰত মাত্ৰ দুটা বিধানসভা সমষ্টিতহে বিজেপিয়ে জয় লাভ কৰিছিল৷ কিন্তু এইবাৰ নিৰ্বাচনত সকলো সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে গেৰুৱা দলটোৱে৷ মেঘালয়ৰ নিৰ্বাচনৰ বাবে বিজেপিৰ সন্মুখত প্ৰত্যাহ্বান হিচাবে থিয় দিছে নেচনেল পিপলছ পাৰ্টী  আৰু তৃণমূল কংগ্ৰেছ৷ এইবাৰৰ বিধানসভা নিৰ্বাচনৰ বাবে ৫২খন আসনৰ বাৰে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে তৃণমূল কংগ্ৰেছে৷ কিন্তু বৰ্তমানৰ শাসকীয় দল নেচনেল পিপলছ পাৰ্টিয়ে এইবাৰ কি ফলাফল দেখুৱাব তাৰ ওপৰতো দৃষ্টি নিবদ্ধ হৈ আছে সকলোৰে৷ উল্লেখ্য, কাইলৈ বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচন৷ লক্ষণীয় কথা যে– এইবাৰ ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনত টিপ্ৰা মথাৰ চমকপ্ৰদ উত্থান ঘটিছে, মহাৰাজ প্ৰদ্য়ুৎ বিক্ৰম মাণিক্যৰ নেতৃত্বত৷ ২০১৯ চনত দীৰ্ঘদিন ধৰি কংগ্ৰেছ দলত থকা প্ৰদ্য়ুৎ মাণিক্যই টিপ্ৰা মথা দল গঠন কৰে আৰু বহুকেইটা আঞ্চলিক দল ইয়াৰ সৈতে সংযুক্ত হৈ পৰে৷ পুইলা জাতি, উলব জাতি, আদি শ্লগানেৰে, ‘কা’ৰ বিৰুদ্ধে, ত্ৰিপাচা সকলৰ বাবে এখন নতুন ৰাজ্য গঠনৰ দাবীৰে শক্তিশালী হৈ পৰা দলটো স্থানীয় ত্ৰিপাসাসকলৰ মাজত অতি জনপ্ৰিয় হৈছে৷ ঐতিহাসিক ভাৱে ত্ৰিপুৰাসকল ত্ৰিপুৰাৰ পৰা অস্তিত্বহীন হৈ পৰা ঘটনাটো সকলোৰে মনত সজীৱ হৈ আছে৷ সেই প্ৰেক্ষাপটত এইবাৰ নিৰ্বাচনত টিপ্ৰা মথাই কমেও ১৫খন আসন অধিকাৰ কৰি কিং মেকাৰ হ’ব বুলি আশা কৰা হৈছে৷ ৬০ জনীয়া ত্ৰিপুৰা বিধানসভাত ২৫খন আসনত মথাই শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব৷ বিপ্লৱ কুমাৰ দেৱ নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে মানুহৰ ক্ষোভৰ বাবে ত্ৰিপুৰাত বিজেপি শক্তিশালী প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ শক্তিশালী প্ৰচাৰেৰে তথা বিজেপি নিৰ্বাচনী চমকেৰে বিগত কিছুদিন ধৰি বহুখিনি হেৰুৱা ক্ষেত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ টিএমচিয়েও শক্তিশালী প্ৰচাৰ কৰিছে৷ বহু বছৰ ধৰি ত্ৰিপুৰাত শাসন কৰা বামপন্থী দলৰ ঠাইখনত সুদৃঢ় ভেটি আছে৷ এইবাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ সৈতে জোঁট বন্ধন কৰি শক্তিশালী বিৰোধী হিচাপে থিয় দিছে৷ মূল লক্ষ্য হৈছে বিজেপিক ২৫ খনতকৈ কম আসনত স্তব্ধ কৰা৷ যদিও এইখন তেওঁলোকৰ শেষ সংগ্ৰাম হিচাপে মৰণপণ চেষ্টা কৰিছে৷ উল্লেখ্য, ইতিমধ্যে তৃণমূল কংগ্ৰেছ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু তীপ্ৰা মথাৰ মুৰব্বী প্ৰদ্যুৎ বিক্ৰম মাণিক্য দেববাৰ্মাৰ সমূখত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মুখামুখি হ’বলগীয়া হৈছে বৰ্তমানৰ শাসনাধিস্থ বিজেপি৷ বৰ্তমানো ত্ৰিপুৰাত কংগ্ৰেছ আৰু বাঁওপন্থীৰ শক্তি স্থান বিশেষে অক্ষুন্ন আছে৷ যাৰ ফলত ত্ৰিপুৰা বিধানসভাৰ ৬০খন আসনৰ বাবে ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত পুনৰবাৰ জয়ী হোৱাৰ স্বাৰ্থত সৰ্বশক্তিৰে নিৰ্বাচনী যুদ্ধক্ষেত্ৰত জঁপিয়াই পৰিছে গেৰুৱা দলটো৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰাত তিনিবাৰকৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহে৷ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এদিনত দুখনকৈ জনসভাত উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ চলায়৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেইবাখনো সমাৱেশত উপস্থিত থকাৰ উপৰি এটা ৰোডশ্ব’ত অংশ লয়৷ পূৰ্বে ত্ৰিপুৰালৈ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা৷ লক্ষণীয়ভাৱে দলৰ কেন্দ্ৰীয় নেতৃত্বই নহয়, ত্ৰিপুৰাৰ নিৰ্বাচনী প্ৰচাৰত অন্যতম ষ্টাৰ কেম্পেইনাৰ হিচাপে আছে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ স্মৰ্তব্য নিৰ্বাচনত বিজেপিয়ে আইপিএফটিৰ লগত মিত্ৰতা কৰাৰ বিপৰীতে কংগ্ৰেছ আৰু বাঁওপন্থী দলসমূহ একেলগে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে৷ দল দুটাৰ মাজত আসন বুজাবুজি হৈছে৷ বিজেপিৰ আগ্ৰাসী নিৰ্বাচনী প্ৰচাৰৰ বিপৰীতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও ত্ৰিপুৰাত বাহৰ পাতি নিৰ্বাচনী প্ৰচাৰ চলাইছে৷