Logo
image

ভাৰতীয় মহিলা ক্ৰিকেটৰ মেণ্টৰ ছানিয়া মিৰ্জা

ডিজিটেল ডেস্কঃ   এই মাহতে অৱসৰ৷ কিন্তু অৱসৰৰ পূৰ্বেই পুনৰ খেলত নমাৰ সিদ্ধান্ত ল’লে ছানিয়া মিৰ্জাই৷ এইবাৰ কিন্তু টেনিছ নহয়, ক্ৰিকেট৷ বিষয়টো শুনিবলৈ অলপ আচৰিত ধৰণৰ৷ চলিত মাহত ডুবাই অপেন খেলি ভাৰতৰ টেনিছ-কন্যাই অৱসৰ লোৱাৰ কথা    পূৰ্বেই ঘোষণা কৰিছে৷ ভবা হৈছিল দীৰ্ঘদিনৰ পাছত টেনিছ এৰি ছানিয়া মিৰ্জাই অৱসৰ জীৱন উপভোগ কৰিব৷ হয় ক্ৰমাৎ ফাঁট মেলা সংসাৰৰ জোৰা লগাব, নহয় পাকিস্তানী ক্ৰিকেটাৰ স্বামী ছোৱেইব মালিকৰ সৈতে সম্পৰ্ক স্থায়ীভাৱে ছিন্ন কৰিব৷ মুঠতে তেওঁ সংসাৰত মন দিব, খেলত নহয়৷ কিন্তু অৱসৰ লোৱাৰ পূবেই ছানিয়া মিৰ্জা পুনৰ খেলৰ সৈতে, এইবাৰ ক্ৰিকেটৰ সৈতে জড়িত হৈ পৰিল৷ অৱশ্যে খেলুৱৈ হিচাপে নহয়, মেণ্টৰ হিচাপেহে ক্ৰিকেটৰ সৈতে জড়িত হ’বলৈ আগবাঢ়িছে ছানিয়া মিৰ্জা৷ ছানিয়াই ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ মহিলা দলৰ মেণ্টৰ বা  পৰামৰ্শদাতা হিচাপে যোগ দিয়াৰ সিদ্ধান্ত লৈছে৷ দলটোৰ মহিলা ক্ৰিকেটাৰসকলক মানসিকভাৱে শক্তিশালী কৰাৰ ভূমিকা পালন কৰিব ছানিয়া মিৰ্জাই৷ কিদৰে মেচৰ মাজত চাপ নিয়ন্ত্ৰণ কৰিব লাগে, উত্তেজনা দমন কৰি কিদৰে নিজৰ স্বাভাৱিক খেল খেলিব লাগে তাৰ পৰামৰ্শ দিব তেওঁ৷ দীৰ্ঘ ২০ বছৰ শীৰ্ষ পৰ্যায়ত টেনিছ খেলি লাভ কৰা অভিজ্ঞতাৰে তেওঁ দলটোৰ মহিলা খেলুৱৈসকলক মানসিকভাৱে শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷  উল্লেখ্য, এই দলত আছে এইবাৰ নিলামত সৰ্বোচ্ছ দৰ উঠা স্মৃতি মান্ধানাৰ উপৰি দেশী বিদেশী আগশাৰীৰ মহিলা ক্ৰিকেটাৰ৷