Logo
image

অসমত প্ৰথমবাৰলৈ আইপিএলঃ গুৱাহাটীতে চাবলৈ পাব ৰিয়ান পৰাগৰ খেল

ডিজিটেল ডেস্কঃ ৩১ মাৰ্চৰ পৰা আৰম্ভ হ'ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ আইপিএল৷ উল্লেখ্য যে অসমত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ব আইপিএল৷ ৫ আৰু ৮ এপ্ৰিলত গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব আইপিএলৰ দুখনকৈ মেচ৷ ৫ এপ্ৰিলৰ সন্ধিয়া ৭:৩০ বজাত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব পঞ্জাৱ কিংছ৷ আনহাতে বৰ্ষাপাৰাত ৮ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন মেচত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে বিয়লি ৩:৩০ বজাত খেল পথাৰত নামিব দিল্লী কেপিটেলছ৷

উল্লেখ্য যে ৰাজস্থান ৰয়েলছৰ দ্বিতীয় হোম গ্ৰাউণ্ড হিচাপে নিৰ্বাচন কৰা হৈছে বৰ্ষাপাৰাক৷ এসপ্তাহৰ বাবে বৰ্ষাপাৰাত অনুশীলন কৰিব ৰাজস্থান ৰয়েলছৰ খেলুৱৈয়ে৷ ইয়াৰ লগে লগে গুৱাহাটীতে অসম সন্তান ৰিয়ান পৰাগৰ খেল উপভোগ কৰিব পাৰিব ক্ৰিকেট প্ৰেমীসকলে৷ ইতিমধ্যে আইপিএলত বেটৰ যাদুৰে ক্ৰিকেট প্ৰেমীৰ মনত স্থান দখল কৰিবলৈ সক্ষম হৈছে ৰিয়ানে৷

ৰিয়ান পৰাগক ২০১৮ চনত ৰাজস্থান ৰয়েলছে ক্ৰয় কৰিছিল ২০ লাখ টকাত৷ ২০১৯ চনত আইপিএলৰ ইতিহাসত অৰ্ধশতক অৰ্জন কৰা আটাইতকৈ যুৱ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছিল ৰিয়ান৷ আইপিএলৰ কেৰিয়াৰৰ আৰম্ভণিতে অৰ্থাৎ ২০১৯ চনত ৰিয়ান পৰাগে মাত্ৰ ৬ খন খেলত এটা অৰ্ধশতকৰে ১৬০ ৰান সংগ্ৰহ কৰাৰ লগতে দুটা উইকেট লাভ কৰে৷ তাৰ পিছত ২০২০ চনত ৭খন মেচত ১০০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় খেলুৱৈজনে৷ ২০২১ চনত ৰিয়ানে ৯ খন মেচত ৮৪ ৰান সংগ্ৰহ কৰাৰ লগতে এটা উইকেট লাভ কৰে৷

২০২২ চনত খেলুৱৈজনে ১৭ খন মেচত মাত্ৰ এটা অৰ্ধশতকৰে ১৯৩ ৰান সংগ্ৰহ কৰাৰ লগতে মাত্ৰ ১টা উইকেটহে লাভ কৰিবলৈ সক্ষম হৈছিল৷ চলিত বৰ্ষৰ আইপিএলৰ বাবে ২০২২ চনৰ আইপিএলৰ নিলামত ৩.৮ কোটি টকাত ৰিয়ানক ক্ৰয় কৰিছে ৰাজস্থান ৰয়েলছে৷