Logo
image

পতন অব্যাহত, ৬০% কমিল আদানিৰ সম্পদ

ডিজিটেল ডেস্কঃ এমাহতকৈও কম সময়ৰ ভিতৰত ভাৰতীয় ধনকুবেৰ গৌতম আদানিয়ে তেওঁৰ সমগ্ৰ জীৱনৰ আৰ্জিত সম্পত্তিৰ ৬০  শতাংশ হেৰুৱালে৷ আজিৰ পৰা এমাহৰ আগলৈকে বিশ্বৰ তৃতীয় স্থানৰ ধনাঢ্য ব্যক্তি হৈ থকা গুজৰাটী উদ্যোগপতি গৌতম আদানিৰ বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত  এতিয়া ২৭ লৈ পতন ঘটিছে৷ আজি সোমবাৰে  ব্লুমবাৰ্গ বিলিয়নিয়াৰ সূচকে তেওঁৰ ধনী ব্যক্তিৰ তালিকাৰ অৱনমনৰ বিষয়ে প্ৰকাশ কৰাৰ লগতে তেওঁৰ কিমান সম্পত্তি হানি হৈছে সেই বিষয়েও প্ৰকাশ কৰিছে৷ ব্লুমবাৰ্গে জনোৱা অনুসৰি এমাহৰ আগলৈকে গৌতম আদানিৰ সম্পত্তিৰ পৰিমাণ আছিল ১২০ বিলিয়ন মাৰ্কিন ডলাৰ৷ আজিৰ দিনটোত অৰ্থাৎ সোমবাৰে গৌতম আদানিৰ সম্পত্তিৰ পৰিমাণ হৈছেগৈ ৪৮ বিলিয়ন মাৰ্কিন ডলাৰ৷ অৰ্থাৎ গৌতম আদানিয়ে যোৱা এমাহত তেওঁৰ ৭২ বিলিয়ন মাৰ্কিন ডলাৰ পৰিমাণৰ সম্পত্তি হেৰুৱালে৷ এই সময়ছোৱাত তেওঁ ৬০ শতাংশ সম্পত্তি হেৰুওৱাৰ ফলত এতিয়া গুজৰাটী ধনকুবেৰজনৰ হাতত মুঠ সম্পত্তিৰ ৪০ শতাংশহে বাকী থাকিল৷ অৰ্থাৎ ২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে দেশৰ শাসনভাৰ লোৱাৰ পৰা গৌতম আদানিৰ যিদৰে উল্কাৰ দৰে উত্থান ঘটিছিল ঠিক সেইদৰে এমাহৰ ভিতৰতে তেওঁৰ পপীয়া তৰাৰ দৰে পতনো ঘটিল৷ 

হিণ্ডেনবাৰ্গ ৰিছাৰ্চ নামৰ মাৰ্কিন শ্বৰ্ট চেল সংস্থাটোৰ নাম এমাহৰ আগলৈকে কোনেও শুনাই নাছিল৷ অন্ততঃ ভাৰতবাসীৰ বাবে সেই নাম তেনেই অপৰিচিত আছিল৷ পিছে এতিয়া আদানিৰ পতনৰ লগে লগে হিণ্ডেনবাৰ্গ ৰিছাৰ্চ নামৰ মাৰ্কিন শ্বৰ্ট চেল সংস্থাটোৰ নাম সকলোৰে মুখে মুখে৷ তেনেই অখ্যাতপ্ৰায় এই সংস্থাটোৱে গৌতম আদানিয়ে প্ৰৱঞ্চনাৰ জৰিয়তে ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা হোৰাহোৰে  ধন ঘটিছে বুলি এখন প্ৰতিবেদন প্ৰকাশ কৰাৰ লগে লগে গৌতম আদানিৰ দূৰৱস্থাৰ সূচনা হয়৷ যোৱা ২৪ ডিচেম্বৰত হিণ্ডেনবাৰ্গে তেওঁলোকৰ প্ৰতিবেদনখন প্ৰকাশ কৰিছিল৷ তাৰো প্ৰায় এসপ্তাহৰ পাছত যেতিয়া এই প্ৰতিবেদনখনৰ বিষয়ে প্ৰকাশ হ’ল তেতিয়াৰ পৰা গৌতম আদানিৰ পতন আৰম্ভ হ’ল৷ প্ৰায় এপষেকৰ পাছত আদানিৰ কেইটমান সংস্থাই একেৰাহে দুদিন ভাৰতৰ শ্বেয়াৰ বজাৰত মূৰ দাঙি উঠিলেও সেই উত্থান আছিল সাময়িক৷ কিয়নো এতিয়া ভাৰতীয় শ্বেয়াৰ বজাৰত তালিকাভুক্ত গৌতম আদানিৰ সকলোবিলাক কোম্পানীয়েই পতনমুখী৷ ইয়াৰ ফলত নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ ব্যৱসায়ীজনে তেওঁৰ জীৱনৰ আৰ্জিত সম্পত্তিৰ ষাঠি শতাংশ এমাহতেই হেৰুৱাবলগীয়া হৈছে৷