Logo
image

পাকিস্তানত মন্দিৰ যিয়ে ভাঙিছে সিয়েই দিব লাগিব নিৰ্মাণৰ খৰচ

আমাৰ অসম, ৭ জানুৱাৰীঃ পাকিস্তানৰ খাইবাৰ পাখটুনখাৱা প্ৰদেশত জ্বলাই ধবংস কৰা প্ৰাচীন মন্দিৰ এটা পুনৰ নতুনকৈ নিৰ্মাণ কৰি দিয়াৰ নিৰ্দেশ দিছে পাকিস্তানৰ ছুপ্ৰিম ক’ৰ্টে৷ কৰক জিলাৰ তেৰৰি গাঁৱত ১৯২০ চনৰ পূৰ্বে নিৰ্মাণ কৰা এই মন্দিৰ সংস্কাৰৰ অনুমতি দিছিল স্থানীয় প্ৰশাসনে৷ তাৰ কাম-কাজ আৰম্ভ হৈছিল৷ কিন্তু ৩০ ডিচেম্বৰত একাংশ ধৰ্মোদ্মাদ দুষ্কৃতিয়ে এই মন্দিৰটোৰ ওপৰত আক্ৰমণ চলাই ভাঙি-ছিঙি চূৰমাৰ কৰে৷ লগতে লুট কৰি নিয়ে মন্দিৰটোৰ মূল্যবান সম্পদসমূহ৷ মন্দিৰ আৰু হিন্দু সন্ত পৰমহংসজী মহাৰাজৰ সমাধিটো অপবিত্ৰ কৰাৰ লগতে অগ্নিসংযোগ কৰা হয়৷ মন্দিৰটোৰ সংস্কাৰৰ নামত যি অংশ নতুনকৈ নিৰ্মাণ কৰা হৈছে সেই অংশ ভাঙি-ছিঙি বিধবস্ত কৰা হয়৷ এই কাৰ্য ৯২জন আৰক্ষীৰ উপস্থিতিতে সংঘটিত হয়৷ ভাৰত চৰকাৰে এই কাৰ্যত তীব্ৰ নিন্দা কৰিছে৷ পাক ছুপ্ৰিম ক’ৰ্টে কৈছে যে ইভাইকুই প্ৰপাৰ্টি ট্ৰাষ্ট ব’ৰ্ডে [ইপিটিবি] মন্দিৰটো নতুনকৈ গঢ়ি দিব লাগিব৷ তাৰ সম্পূৰ্ণ খৰচ আদায় কৰা হ’ব মন্দিৰ ধবংস কৰা প্ৰধান চক্ৰান্তকাৰী মৌলবী মহম্মদ ছৰীফৰ পৰা৷ উল্লেখ্য দেশ বিভাজনৰ পৰৱৰ্তী সময়ত হিন্দু তথা শিখসকলৰ সম্পত্তি চোৱা-চিতাৰ দায়িত্বত আছিল পাক চৰকাৰৰ এই বোৰ্ডৰ অধীনত৷ পাকিস্তানৰ প্ৰধান বিচাৰপতি গুলজাৰ আহমেদে কয়– ‘খাইবাৰ পাখটুনখাৱাৰ ঘটনাই বিশ্বৰ দৰবাৰত পাকিস্তানক লজ্জিত কৰিছে৷ বিচাৰপতিৰ নিৰ্দেশ সমগ্ৰ পাকিস্তানত পূজা-অৰ্চনা হওক বা নহওক য’ত মন্দিৰ-গুৰুদ্বাৰ আছে তাৰ খতিয়ান তৈয়াৰ কৰি জমা দিব লাগিব ইপিটিবিক৷ দেশখনত যিমান মন্দিৰ-গুৰুদ্বাৰৰ ভূমি বেদখল হৈছে তাক দখল মুক্ত কৰা হ’ব৷ স্থানীয় পুলিচ প্ৰধানে জনাইছে যে জমিয়ত-উলেমা-এ-ইছলামৰ সমৰ্থক তথা স্থানীয় একাংশ মৌলবী মিলি মন্দিৰ ধবংস কৰিছে৷ মন্দিৰ ধবংস কাৰ্যত ১০৯জন জড়িত আছিল৷ তাৰে ৯২ জনক গ্ৰেপ্তাৰ কৰা হৈছে৷ ১৯৯৭ চনত মন্দিৰটি ক্ষতি কৰা হৈছিল৷ উল্লেখ্য খাইবাৰ পাখটুনখাৱাৰ চৰকাৰে অভিনেতা ৰাজকাপুৰ আৰু দিলীপ কুমাৰৰ পৈতৃক সম্পত্তিখিনি নীলাম কৰিছে ২.৩৫ লাখ পাউণ্ডত৷ সেই সম্পত্তিক জাতীয় ঐতিহ্যবাহী ভৱনৰ স্বীকৃতি দিছে পাক চৰকাৰে৷