Logo
image

গৃহবন্দী বিলিয়নেয়াৰ ব্যৱসায়ী জেক মা!

এতিয়াও কোনো খবৰ নাই আলিবাবাৰ মুৰব্বীৰ

আমাৰ অসম, ৭ জানুৱাৰীঃ চীনৰ কোটিপতি ব্যৱসায়ী তথা প্ৰেৰণাদায়ক বক্তা জেক মাৰ এতিয়াও কোনো সন্ধান নাই৷ হঠাতে ক’ত হেৰাই গ’ল সদাব্যস্ত ব্যৱসায়ীজন? চীনৰ বিখ্যাত ই-কমাৰ্চ কোম্পানী ‘আলিবাবা’ৰ মুৰব্বীজনৰ বিৰুদ্ধে চীন চৰকাৰ কঠোৰ হোৱাৰ পাছতে তেওঁ দুমাহে সন্ধানহীন হৈ আছে৷ এতিয়া এই আশংকা কৰা হৈছে যে হয়তো এছিয়াৰ ‘‘জেফ বেজ’ছ’’ হিচাপে পৰিচিত জেক মাক চীন চৰকাৰে গ্ৰেপ্তাৰ কৰিছে বা গৃহবন্দী কৰি ৰাখিছে৷ যদিহে গ্ৰেপ্তাৰ কৰিছে, তেন্তে তেওঁক জে’লত ৰখা হৈছে৷ চীনৰ ভিতৰৰ খবৰ যিহেতু অতি গোপনে ৰখা হয়, গতিকে জেক মাৰ খবৰো লাভ কৰিবলৈ হোৱা নাই বিশ্বৰ বিভন্ন দেশ৷ বিশেষকৈ ‘হাই প্ৰফাইল’ লোকৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থাক লৈ চীনে সকলো কথা গোপনে ৰাখি ‘কুখ্যাত’ হৈ আহিছে৷ হংকঙৰ ‘দ্য এছিয়া টাইমছ’ত প্ৰকাশিত বাতৰি অনুসৰি জেক মাক ‘ছুপাৰভিজন’ত ৰখা হৈছে৷ চীনা কমিউনিষ্ট পাৰ্টিৰ মুখপত্ৰ ‘পিপ্‌লছ ডেইলী’তো এই কথাকেই কোৱা হৈছে বুলি দ্য এছিয়া টাইমছে বাতৰিত প্ৰকাশ কৰিছে৷ চীনৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি অনুসৰি জেক মাক দেশ এৰি নাযাবলৈ কোৱা হৈছে৷ উল্লেখ্য, জেক মাই চীনৰ চৰকাৰী বেংক ব্যৱস্থাক ‘সুদখোৰ’, পুৰণিকলীয়া বুলি অভিহিত কৰাৰ লগতে চীনৰ বিভিন্ন চৰকাৰী নীতি-নিয়মক সমালোচনা কৰি জিনপিং চৰকাৰৰ ৰোষত পৰিছিল৷ তাৰপাছতে তেওঁ আৰু তেওঁৰ কোম্পানীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা  গ্ৰহণ কৰা হয়৷ আনকি জেক মাই তেওঁৰ টেলেণ্ট শ্ব’ ‘‘আফ্ৰিকাছ বিজনেছ হিৰ’জ”ৰ চূড়ান্ত খণ্ডতো উপস্থিত থকা নাছিল৷ তেওঁৰ নাম সকলো অনুষ্ঠান, শ্ব’ৰ পৰা বাতিল কৰা হৈছিল৷ এতিয়া তেওঁক হয়তো জে’লত ৰখা হৈছে৷