Logo
image

গণতন্ত্ৰৰ বিপদ আৰু বিড়ম্বনা

কেপিটলত ট্ৰাম্প সমৰ্থকৰ আক্ৰমণ ৰক্ষীৰ গুলীত নিহত ৪


আমাৰ অসম, ৮ জানুৱাৰীঃ আমেৰিকাৰ গণতন্ত্ৰৰ ইতিহাসত কলংক সানি বিদায়ী ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ক্ষমতা দখল কৰি ৰাখিবলৈ কেইবা হাজাৰ সশস্ত্ৰ সমৰ্থকৰ জৰিয়তে অভ্যূত্থান সংঘটিত কৰিবলৈ চেষ্টা চলাই বিফল হৈছে৷ বুধবাৰে ৰাজধানী ৱাশ্বিংটনৰ কেপিটল হিলৰ সংলগ্ন কেপিটল গ্ৰাউণ্ডৰ পূব অংশত সমবেত হোৱা কেইবাহাজাৰ উগ্ৰ সমৰ্থকক উত্তেজনাপূৰ্ণ বক্তৃতাৰে ৰাজধানী দখল কৰিবলৈ স্বয়ং ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰৰোচিত কৰাৰ পাছতেই আমেৰিকাৰ কেপিটেল হলত সশস্ত্ৰ আক্ৰমণৰ অভূতপূৰ্ব ঘটনা সংঘটিত হয়৷ হাতত আমেৰিকা আৰু ১৮৬১-৬৫ চনৰ গৃহযুদ্ধৰ পৰাজিত পক্ষ কনফেডাৰেটৰ পতাকা তথা আগ্নেয়াস্ত্ৰ লৈ ড’নাল্ড ট্ৰাম্পৰ সমৰ্থকে কেপিটল গ্ৰাউণ্ডৰ পৰা দেশখনৰ কেপিটল অৰ্থাৎ সংসদ দখল কৰিবলৈ আগুৱাই যায়৷ সন্মুখত ভয়ংকৰ বিপদ দেখি কেপিটল পুলিচে সংসদৰ সকলো দুৱাৰ খিৰিকী বন্ধ কৰি দি ট্ৰাম্প বাহিনীৰ সন্মুখীন হয় আৰু উভয়পক্ষৰ মাজত ৰক্তক্ষয়ী সংঘৰ্ষৰ সৃষ্টি হয়৷ আৰক্ষীৰ গুলীত চাৰিজন বিক্ষোভকাৰী নিহত হয় আৰু দেশখনৰ সবাটোকৈ ‘এলিট ফ’ৰ্চ’ নেশ্বনেল গাৰ্ডক ৰাজধানী ৰক্ষাৰ দায়িত্ব দি যুদ্ধক্ষেত্ৰত নমোৱা হয়৷ কেপিটল পুলিচ আৰু নেশ্বনেল গাৰ্ডে চাৰিঘণ্টা ধৰি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বাহিনীৰ সৈতে যুঁজি অবৰুদ্ধ কেপিটল উদ্ধাৰ কৰে আৰু বিক্ষোভ দমন কৰিবলৈ সমৰ্থ হয়৷ চাৰিঘণ্টা ধৰি চলা সংঘৰ্ষত নিহত চাৰিজন ড’নাল্ড ট্ৰাম্প সমৰ্থকৰ প্ৰথমগৰাকী আছিল মহিলা, যি নিজকে ট্ৰাম্পৰ উগ্ৰ সমৰ্থক বুলি ছ’চিয়েল মিডিয়াত আগতেই প্ৰকাশ কৰিছিল আৰু বুধবাৰে তেওঁলোকক ক্ষমতা অৰ্জন কৰাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব বুলি ছ’চিয়েল মিডিয়াত ঘোষণা কৰিছিল৷ নিহত এই ট্ৰাম্প সমৰ্থকৰ নাম ৩৫ বছৰীয়া এছলি বেবিট, যি আহিছিল ৰাজধানী ৱাশ্বিংটনৰ পৰা কেইবাহাজাৰ কিলোমিটাৰ দূৰৰ ছান ডিয়েগোৰ পৰা আৰু তেওঁ ১৪ বছৰ ধৰি ইউ এছ এয়াৰ ফ’ৰ্চৰ যুঁজাৰু পাইলট আছিল৷ বাকী তিনিজন নিহত ট্ৰাম্প সমৰ্থক আক্ৰমণকাৰীৰ নাম এতিয়াও প্ৰকাশ কৰা নাই৷ ট্ৰাম্প বাহিনীৰ আক্ৰমণত কেইবাডজনো আৰক্ষী গুৰুতৰভাৱে আহত হৈছে৷ অৱৰোধকাৰী আৰু আক্ৰমণকাৰীক ছত্ৰভংগ দিয়াই কেপিটল ৰক্ষা কৰাৰ পাছত সমগ্ৰ ৱাশ্বিংটনতে চাৰিদিনৰ বাবে সান্ধ্য আইন জাৰি কৰা হৈছে৷ সেই সময়ত আৰক্ষী আৰু নিৰাপত্তাবাহিনীয়ে সংসদত উপস্থিত থকা উপ-ৰাষ্ট্ৰপতি মাইক পেন্স, ছিনেটৰ অধ্যক্ষা নেন্সি পেল’ছিকে ধৰি সকলো ছিনেটৰ আৰু ‘হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভক গেছ মাস্ক পৰিধান কৰাই গোপন সুৰংগৰে নিৰাপদ স্থানলৈ পঠিয়াই দিবলগীয়া হয়৷

আমেৰিকাৰ শতাব্দীপ্ৰাচীন গণতন্ত্ৰত ইয়াৰ পূৰ্বে এনেধৰণৰ কলংকিত ঘটনা সংঘটিত হোৱাৰ কোনো ইতিহাস নাই৷ ১৮৬১-৬৫ চনত সংঘটিত গৃহযুদ্ধৰ পাছৰ পৰা প্ৰতিটো ৰাষ্ট্ৰপতি নিৰ্বাচন শান্তিপূৰ্ণ আৰু ক্ষমতা হস্তান্তৰ প্ৰক্ৰিয়া মসৃণভাৱে সম্পন্ন হৈ আহিছিল৷ ইতিহাসবিদে কয়, ১৮১২ চনৰ যুদ্ধত ব্ৰিটিছ বাহিনীয়ে আমেৰিকাৰ কেপিটল জ্বলাই দিয়াৰ পাছত ১৮১৪ চনলৈকে ৰাজধানী দখল কৰি ৰাখিছিল৷ তাৰ আগে-পিছে আমেৰিকাৰ ৰাজধানী অৱৰোধ আৰু দখল কৰিবলৈ কোনো দেশী-বিদেশী শত্ৰু, বিক্ষোভকাৰী, আক্ৰমণকাৰীয়ে সাহস কৰা নাছিল. ড’নাল্ড ট্ৰাম্পে নিজে ৰাষ্ট্ৰপতিৰ আসনত বহি থকা অৱস্থাতে এদল উন্নাসিক আৰু উগ্ৰ সমৰ্থকক ব্যৱহাৰ কৰি পৃথিৱীৰ বৃহৎ গণতন্ত্ৰৰ দেশখনত কালিমা সানিলে৷ ড’নাল্ড ট্ৰাম্পে যোৱা ৩ নৱেম্বৰত হোৱা ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত পৰাজয় বৰণ কৰিলেও এই ঘটনা সংঘটিত হোৱালৈকে যোৱা দুমাহ ধৰি পৰাজয় মানি লোৱা নাই৷ অৱশেষত ক্ষমতা হস্তান্তৰৰ দিন ২০ জানুৱাৰীলৈ দুসপ্তাহ বাকী থাকোঁতে ড’নাল্ড ট্ৰাম্পে শেষ প্ৰচেষ্টা হিচাপে উন্মাদ আক্ৰমণকাৰীৰ জৰিয়তে নিজৰ দেশৰে ৰাজধানীত আক্ৰমণ চলালে৷

বুধবাৰে বিয়লি যেতিয়া ট্ৰাম্পৰ উগ্ৰ সমৰ্থকে আমেৰিকাৰ ৰাজধানীত আক্ৰমণ সংঘটিত কৰিছিল, তেতিয়া কেপিটল বিল্ডিঙত নতুন ৰাষ্ট্ৰপতি জো বাইডেনক যৌথ অধিৱেশনত বিজয়ীৰ প্ৰমাণ-পত্ৰ প্ৰদানৰ কাৰ্যসূচী চলি আছিল৷ চৰকাৰী পক্ষৰ পৰা অধিৱেশনত উপস্থিত আছিল বিদায়ী উপ-ৰাষ্ট্ৰপতি মাইক পেন্স আৰু অধ্যক্ষা নেন্সি পেল’ছি৷ সেয়া আছিল বিদায়ী ৰাষ্ট্ৰপতিৰ পৰা নতুন ৰাষ্ট্ৰপতিলৈ ক্ষমতা হস্তান্তৰৰ প্ৰক্ৰিয়া৷ ৩০৬টা ইলেক্টৰেল ভোট লাভ কৰা জো বাইডেনৰ বাবে ২৩২টা ইলেক্টৰেল ভোট লাভ কৰি পৰাজিত হোৱা ট্ৰাম্পৰ বিৰুদ্ধে সংসদৰ যৌথ অধিৱেশনৰ পৰা প্ৰমাণ-পত্ৰ লাভ কৰাতো আছিল আনুষ্ঠানিকতা মাত্ৰ৷ কিন্তু অধিৱেশনৰ মাজতে হঠাতে কেপিটল বিল্ডিঙত ট্ৰাম্প বাহিনীয়ে আক্ৰমণ সংঘটিত কৰে৷

অৱশ্যে, এই আক্ৰমণৰ পূৰ্বে কেপিটল বিল্ডিং সংলগ্ন কেপিটল গ্ৰাউণ্ডত সমৱেত হৈছিল কেইবাহাজাৰ ট্ৰাম্প সমৰ্থক৷ ডেম’ক্ৰেটসকলে প্ৰৱঞ্চনা কৰি ৰিপাব্লিকান ট্ৰাম্পক পৰাজিত কৰাৰ প্ৰতিবাদকল্পে এই উগ্ৰ সমৰ্থকসকল দেশৰ বিভিন্ন স্থানৰ পৰা আহি কেপিটল গ্ৰাউণ্ডত সমবেত হৈছিল৷ কেপিটল গ্ৰাউণ্ডখন সাধাৰণতে ৰাজধানী প্ৰত্যক্ষ কৰিবলৈ অহা পৰ্যটকৰ বাবে ব্যৱহাৰ কৰা হয়৷ প্ৰতিবাদকাৰীৰ সেই প্ৰতিবাদী সভাত উপস্থিত থাকি বিদায়ী ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে উত্তেজক ভাষণ দিয়ে আৰু তেওঁক ডেম’ক্ৰেটসকলে প্ৰৱঞ্চনা কৰি পৰাস্ত কৰা বুলি প্ৰৰোচিত কৰে৷ শেষত তেওঁ সকলোকে কেপিটল বিল্ডিঙত আক্ৰমণ কৰি দখল কৰি ল’বলৈ উচটনি দিয়ে আৰু খঙত উগ্ৰ ৰূপ ধাৰণ কৰি থকা ট্ৰাম্পৰ সমৰ্থকসকল কেপিটল বিল্ডিং চৌহদত উপস্থিত হৈ এফালৰ পৰা ৰাজধানী ভৱনটো ভাঙি যাবলৈ আৰম্ভ কৰে৷ কিংকৰ্তব্যবিমূঢ় কেপিটল পুলিচে প্ৰথমে একো তৎ ধৰিব পৰা নাছিল৷ কিন্তু হিংস্ৰ আক্ৰমণকাৰী কিছুমানে বন্দুক আৰু আন অস্ত্ৰ-শস্ত্ৰ লৈ কেপিটল বিল্ডিঙৰ দুৱাৰ-ঘৰ-খিৰিকী ভাঙি ভিতৰত প্ৰৱেশৰ চেষ্টা কৰে৷ আক্ৰমণ ক্ৰমাৎ বৃহৎ হৈ পৰাত আৰু প্ৰতিবাদীয়ে ভয়ংকৰ ভাবুকিৰ সৃষ্টি কৰাত কেপিটল পুলিচে গুলীয়াই চাৰিজন প্ৰতিবাদকাৰীক নিহত কৰে৷ লগে লগে ৰাজধানী ৰক্ষা কৰিবলৈ সম্পূৰ্ণ নেশ্বনেল গাৰ্ডক নমোৱা হয়৷ তথাপিও হিংস্ৰ হৈ পৰা আক্ৰমণকাৰীক বশ কৰিবলৈ নেশ্বনেল গাৰ্ডৰ চাৰি ঘণ্টাতকৈয়ো অধিক সময়ৰ প্ৰয়োজন হয়৷ আক্ৰমণস্থলীৰ পৰা কেইবাটাও বন্দুক উদ্ধাৰ হয় আৰু কেপিটল গ্ৰাউণ্ডত বন্দুক ভৰ্তি কৰি থোৱা এখন ট্ৰাক জব্দ কৰে নেশ্বনেল গাৰ্ডে৷ মুঠতে ৫২জনৰো অধিক হিংস্ৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা হয় আৰু কেইবাডজন নিৰাপত্তাৰক্ষী আহত হয়৷ ছিনেটৰ আৰু সাংসদসকলক গেছ মাস্ক পৰিধান কৰোৱাই আক্ৰমণকাৰীৰ কৱলৰ পৰা কোনোমতে ৰক্ষা কৰি নেশ্বনেল গাৰ্ডে গোপন সুৰংগৰ পথ খুলি নিৰাপদ আৰু গোপন স্থানলৈ পঠিয়াই তাতে আৱদ্ধ কৰি ৰাখে৷

ড’নাল্ড ট্ৰাম্পে আক্ৰমণৰ মাজতে উপ-ৰাষ্ট্ৰপতি মাইক পেন্সক ডেম’ক্ৰেটসকলৰ ষড়যন্ত্ৰ ব্যৰ্থ কৰি জো বাইডেনক ক্ষমতা হস্তান্তৰৰ প্ৰক্ৰিয়া বন্ধ কৰি দিয়াৰ বাবে আহ্বান জনায়৷ পিছে সেই সময়ত সংসদৰ যৌথ অধিৱেশনত অধ্যক্ষতা কৰি থকা উপ-ৰাষ্ট্ৰপতি পেন্সে তেওঁৰ নেতা ড’নাল্ড ট্ৰাম্পৰ নিৰ্দেশ প্ৰত্যাখ্যান কৰে৷ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পাছৰ পৰা কোনো বিবৃতি নিদিয়া বিদায়ী উপ-ৰাষ্ট্ৰপতি মাইক পেন্সে কয়– ‘এই ক্ষমতা হস্তান্তৰ প্ৰক্ৰিয়াত হস্তক্ষেপ কৰাৰ কতৃৰ্ত্ব মোৰ নাই বুলি ভাবো৷ এই জটিল আৰু অভূতপূৰ্ব মুহূৰ্তত মই গণতন্ত্ৰৰ পক্ষ ল’ম আৰু নিৰ্বাচনী ফলাফলকে সমৰ্থন জনাম৷’ বিগত চাৰি বছৰ ট্ৰাম্পৰ আজ্ঞাবাহী হৈ থকা মাইক পেন্সে এনেদৰে ট্ৰাম্পৰ আহ্বান প্ৰত্যাখ্যান কৰি গণতন্ত্ৰৰ পক্ষত অৱস্থান গ্ৰহণ কৰাৰ লগে লগে ট্ৰাম্পৰ ক্ষমতা দখলৰ চেষ্টাৰ ব্যৰ্থ পৰিণতি ঘটে৷