Logo
image

৫ দৰিদ্ৰ ৰাজ্যৰ অন্যতম অসম

আমাৰ অসম, ১৪ মাৰ্চঃ  যি সময়ত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে অসমক দেশৰ ৫ শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন ৰূপে গঢ়ি তোলাৰ সংকল্প লৈছে সেই সময়ত অবাঞ্ছিত অভিলেখ গঢ়িছে অসমে৷ মাতৃ মৃত্যু হাৰৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰত প্ৰথম স্থান ‘দখল’ কৰিছে৷ তদুপৰি দেশৰ ৫খন আটাইতকৈ দুখীয়া ৰাজ্যৰ ভিতৰত পঞ্চম স্থান অধিকাৰ কৰিছে অসমে৷ সোমবাৰে অসম বিধানসভাৰ মজিয়াত এই তথ্য সদৰী কৰে কংগ্ৰেছ বিধায়ক ভৰত নৰহে৷ অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনত ৰাজ্যপালৰ ভাষণৰ ওপৰত শাসকীয় পক্ষই উত্থাপন কৰা ধন্যবাদসূচক প্ৰস্তাৱৰ বিৰোধিতা কৰি তেওঁ এই তথ্য সদৰী কৰে৷ সদনত তেওঁ শাসকীয় পক্ষক তীক্ষ্ণ সমালোচনা কৰি তেওঁ কয়– ‘নিৰ্বাচনৰ সময়ত বিজেপি দলে ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত ১ লাখ নিবনুৱাক চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু তেওঁলোকে চৰকাৰ গঠন কৰি এতিয়ালৈ মাত্ৰ ৪১ হাজাৰ নিবনুৱাক সংস্থাপন দিব পাৰিছে৷ নিবনুৱা সমস্যা সমাধানত চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে৷ সৰ্বভাৰতীয় পৰ্যায়ত নিবনুৱাৰ হাৰ ৭.৬ শতাংশ৷ ইয়াৰ বিপৰীতে অসমৰ নিবনুৱাৰ হাৰ ৮.৬ শতাংশ৷ আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত অসম ১৯ নম্বৰ স্থানত৷ মহিলা নিৰ্যাতনৰ ক্ষেত্ৰত অসম একেৰাহে পাঁচ বছৰ ধৰি দেশৰ ভিতৰত শীৰ্ষ স্থানত আছে৷ অৰ্থাৎ অসমত মহিলা সুৰক্ষিত নহয়৷ এই চৰকাৰৰ কাৰ্যকালত অসমত বনৰীয়া জন্তুৰ দৰে মানুহৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈ আছে৷ ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ বিৰোধিতা কৰি অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়– চৰকাৰে গাৰ বলেৰে আইন বলৱৎ কৰিবলৈ চেষ্টা কৰি আছে৷ এনেদৰে গাৰ বলেৰে আইন বলৱৎ কৰিব বিচৰাটো উচিত নহয়৷ বাল্যবিবাহ ৰোধৰ নামত জধেমধে পকচ’  আইন অভিযুক্তৰ ওপৰত আৰোপ কৰিবলৈ লৈছে৷ চৰকাৰে স্পষ্ট ভূমিনীতি প্ৰস্তুত কৰাৰ পৰিৱৰ্তে বেদখল উচ্ছেদ কৰিছে৷ কিন্তু উচ্ছেদিতৰ পুনৰ সংস্থাপনৰ বিষয়টো চৰকাৰে বিবেচনা কৰা নাই৷ কৰ সংগ্ৰহ কৰাৰ উদ্দেশ্যে চৰকাৰে অপাৰেশ্বন ছাৰখাৰ আঁচনি লৈছে৷ ছাৰখাৰ মানে ধবংস৷ কাৰোবাক ধবংস কৰিবলৈ চৰকাৰে কি আঁচনি ল’ব? কৰ আৰোপ কৰাই চৰকাৰৰ একমাত্ৰ লক্ষ্য হ’ব নালাগে৷ কেৱল অত্যধিক বাবে ৰাজ্যৰ বা দেশৰ কল্যাণ সাধন নকৰে৷ ইউডিএফ বিধায়ক আমিনুল ইছলামে ভুৱা এনকাউণ্টাৰ ঘটনা সন্দৰ্ভত শাসকীয় পক্ষক থকা-সৰকা কৰে৷