Logo
image

ৰাহুলক লৈ সংসদত হুলস্থূল

আমাৰ অসম, ১৪ মাৰ্চঃ  সততে বিৰোধী দলে কৰা আক্ৰমণত সংসদ উত্তাল হয়, বন্ধ হৈ পৰে কাৰ্যক্ৰমণিকা৷ কিন্তু সোমবাৰে বিৰোধী কংগ্ৰেছ দলৰ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰচণ্ড আক্ৰমণাত্মক হৈ পৰিল শাসনাধিষ্ঠিত বিজেপি আৰু তাৰ ফলত উত্তাল হৈ পৰিল লোকসভা৷ ৰাহুল গান্ধীয়ে অলপতে লণ্ডনৰ কেমব্ৰীজ বিশ্ববিদ্যালয় আৰু প্ৰৱাসী ভাৰতীয়ৰ সমাৱেশত  প্ৰদান কৰা বক্তৃতাক লৈয়েই আক্ৰমণাত্মক হৈ পৰে বিজেপি, য’ত ৰাহুল গান্ধীয়ে ভাৰতত সম্প্ৰতি গণতন্ত্ৰ বিপন্ন হৈ পৰা বুলি মন্তব্য কৰিছিল৷ লোকসভাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয়– ‘দেশৰ এজন সাংসদ হৈয়ো লণ্ডনত ৰাহুল গান্ধীয়ে ভাৰতক অপমান কৰিছে৷ আমি তেওঁৰ এই কথাৰ নিন্দা কৰিছোঁ৷ ৰাহুল গান্ধীয়ে দেশবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা উচিত৷’ কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱেলে ৰাহুলৰ বক্তব্যক লজ্জাজনক বুলি মন্তব্য কৰে৷ ইয়াৰ পাছতে বিজেপিৰ সাংসদে ৰাহুল গান্ধীৰ পৰা ক্ষমাভিক্ষা দাবী কৰি শ্লোগান দি সদন উত্তাল কৰি তোলে৷ শাসনাধিষ্ঠিত দলৰ এই আক্ৰমণত সেও নহৈ কংগ্ৰেছ দলেও প্ৰত্যাক্ৰমণ আৰম্ভ কৰে৷ ৰাজ্যসভাৰ বিৰোধী দলনেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই বিজেপিক প্ৰত্যাক্ৰমণ কৰি কয়– ‘ৰাহুল গান্ধীয়ে সঁচা কথাই কৈছে৷ যি গণতন্ত্ৰক ধবংস কৰিছে, তেওঁলোকেই গণতন্ত্ৰ ৰক্ষা কৰাৰ কথা কয়৷’ সেই সময়ত ডিএমকে, জেডি[ইউ], বি আৰ এছ ইত্যাদি দলে কংগ্ৰেছক সমৰ্থন কৰে৷ পাছত মল্লিকাৰ্জুন খৰ্গেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো অভিযুক্ত কৰি তেওঁ বিদেশত পূৰ্ববৰ্তী চৰকাৰৰ বিষয়ে কৰা মন্তব্য টুইট কৰি আক্ৰমণৰ চোক বঢ়াইছে৷ নৰেন্দ্ৰ মোদীয়ে চীন, দক্ষিণ কোৰিয়া আৰু একাধিক দেশত তেওঁ ভাৰতত জন্ম লৈ লাজ পোৱা বুলি মন্তব্য কৰিছিল৷ মোদীৰ সেই বক্তব্য খৰ্গেই টুইট কৰি বিজেপিক স্মৰণ কৰাই দিয়ে৷