Logo
image

বিহুৰ দিনাই ৰাজ্যত টীকাকৰণ আৰম্ভ, প্ৰথমে কোনে পাব ভেক্‌চিন

আমাৰ অসম, ৯ জানুৱাৰীঃ অৱশেষত প্ৰতীক্ষাৰ অৱসান ঘটিল৷ ভয়-শংকা আৰু অনিশ্চয়তাৰে ভৰপূৰ ২০২০ৰ বিদায়ৰ লগে লগে কৰ’না অতিমাৰীৰ সন্ত্ৰাসৰ পৰা মুক্তি পোৱাৰ পৰিৱেশ ৰচনা হ’ল৷ কৰ’না প্ৰতিৰোধী ভেক্‌চিনৰ আগমন নিশ্চিত হ’ল৷ পৃথিৱীবাসীৰ বাবে এয়া সুখবৰ৷ অসমবাসীৰ বাবেও৷ কিয়নো, অসমতো ভোগালী বিহুৰ দিনাই কৰ’না ভাইৰাছৰ প্ৰতিষেধক দিয়াৰ কাম আৰম্ভ হ’ব৷ বিশ্বৰ আন আন ঠাইৰ লোকৰ লগতে কৰ’না মহামাৰীৰ সৈতে প্ৰায় এবছৰ ধৰি অসমবাসীয়ে কৰা সংগ্ৰামৰ অন্তত যুদ্ধ জয়ৰ দিশে আগবাঢ়িছে ৰাজ্যৰ জনতা৷ ভোগালী বিহুৰ দিনাই অৰ্থাৎ ১৪ জানুৱাৰীত আনুষ্ঠানিকভাৱে ক’ভিড যুঁজাৰুসকলক ভেক্‌চিন প্ৰদানৰ প্ৰক্ৰিয়া শুভাৰম্ভ হ’ব৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ক’ভিড প্ৰতিষেধকৰ টীকাকৰণৰ প্ৰক্ৰিয়া মুকলি কৰিব৷ অক্সফৰ্ডৰ জেনাৰ ইনষ্টিটিউটে উদ্ভাৱন কৰা ক’ভিশ্বিল্ড প্ৰতিষেধক প্ৰথম পৰ্যায়ত প্ৰদান কৰিব চিকিৎসক, নাৰ্চ, স্বাস্থ্যকমীকে ধৰি প্ৰথম শাৰীৰ ক’ভিড যোদ্ধাসকলক৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ নিৰ্দেশত পুনেৰ ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই প্ৰেৰণ কৰা ক’ভিশ্বিল্ড ভেকচিন অনাগত ৪৮ ঘণ্টাৰ ভিতৰত বিশেষ বিমানেৰে গুৱাহাটীত আহি পাব৷ শুকুৰবাৰে অসমৰ প্ৰতিখন জিলাতে ক’ভিড প্ৰতিষেধক প্ৰদানৰ অনুশীলন অৰ্থাৎ ড্ৰাই ৰান সম্পূৰ্ণ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ সৈতে অসম চৰকাৰে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াৰে হোৱা ভিডিঅ’ কনফাৰেন্সত প্ৰতিষেধক প্ৰদানৰ বাবে অসম সাজু বুলিও বিষয়াসকলে স্পষ্ট কৰি দিছিল৷ অসমৰ স্বাস্থ্য বিভাগৰ প্ৰস্তুতিৰ বুজ লোৱাৰ পাছতেই কেন্দ্ৰীয় চৰকাৰে ছিৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰা অক্সফ’ৰ্ডৰ ক’ভিশ্বিল্ড ভেক্‌চিন প্ৰেৰণত অনুমোদন জনায়৷ লক্ষণীয়ভাৱে অসমৰ সমান্তৰালভাৱে দুই এদিনৰ ভিতৰতে চুবুৰীয়া পশ্চিমবংগতো আৰম্ভ হ’ব কৰ’নাৰ টিকাকৰণ প্ৰক্ৰিয়া৷ শুকুৰবাৰে কলকাতাত ভেকচিন কঢ়িওৱা প্ৰথমখন কাৰ্গ’ বিমান উপস্থিত হোৱাৰ সম্ভাৱনা আছে৷ ইপিনে, কৰ’নাৰ ভেক্‌চিন প্ৰদানৰ পূৰ্বে সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে আন আন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতেও ভিডিঅ’ কনফাৰেন্সযোগে বৈঠকত মিলিত হ’ব৷ মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে হোৱা বৈঠকত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ক’ভিড ভেকচিন প্ৰদানৰ দিন আনুষ্ঠানিকভাৱে ঘোষণাৰ সম্ভাৱনা আছে৷ অৱশ্যে, স্বাস্থ্য বিভাগৰ সূত্ৰটোৱে দাবী কৰা মতে, মাঘ বিহুৰ দিনা অৰ্থাৎ ১৪ জানুৱাৰীত জি এম চি এইচত আনুষ্ঠানিকভাৱে ক’ভিড ভেক্‌চিন প্ৰদান প্ৰক্ৰিয়া শুভাৰম্ভ হ’লেও ফেব্ৰুৱাৰীৰ পৰাহে পূৰ্ণ পৰ্যায়ত টীকাকৰণৰ কাম আৰম্ভ হ’ব৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰথম পৰ্যায়ত ভেক্‌চিন লাভ কৰিবলগা ১.৫৬ লাখ চিকিৎসক-স্বাস্থ্যকৰ্মীৰ তালিকা প্ৰস্তুত কৰিছে৷ অৰ্থাৎ প্ৰথম পৰ্যায়ত ক’ভিডৰ সৈতে যুঁজ দি অহা চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী, টেকনিচিয়ান, ছুইপাৰ আদিক টিকাকৰণত অগ্ৰাধিকাৰ দিয়া হ’ব৷ চৰকাৰী চিকিৎসকৰ লগতে ক’ভিড চিকিৎসাৰ সৈতে জড়িত বেচৰকাৰী চিকিৎসক আৰু নাৰ্চিং হোমৰ নিৰ্বাচিত কৰ্মচাৰীয়েও প্ৰতিষেধক লাভ কৰিব৷ ক’ভিড যোদ্ধা চিকিৎসক-স্বাস্থ্যকৰ্মীৰ পাছতেই বৃদ্ধ তথা জ্যেষ্ঠ লোকসকলক ভেক্‌চিন প্ৰদানত অগ্ৰাধিকাৰ দিব বুলিও স্বাস্থ্য বিভাগৰ সূত্ৰটোৱে জানিবলৈ দিছে৷ উল্লেখ্য, অসমত এই পৰ্যন্ত ক’ভিডত আক্ৰান্ত হৈছে ২,১৬,৪৮১ জন লোক৷ চৰকাৰী তথ্য মতে, ১,০৫৯ জন লোকৰ ক’ভিডত মৃত্যু হৈছে৷ অৱশ্যে, পোষ্ট ক’ভিডত ৰাজ্যত প্ৰায় তিনি হাজাৰ লোকৰ মৃত্যু হৈছে৷ অৱশ্যে, এনে এক উদ্বেগজনক খবৰৰ মাজতে বিহুৰ দিনা আনুষ্ঠানিকভাৱে প্ৰতিষেধক প্ৰদান নপ্ৰক্ৰিয়াৰ শুভাৰম্ভণিয়ে, স্বাভাৱিকতেই আশাৰ বতৰা কঢ়িয়াই আনিছে৷ উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰৰ ‘ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেল অৱ ইণ্ডিয়া’ই অক্সফ’ৰ্ডৰ ক’ভিশ্বিল্ডৰ লগতে ভাৰত বায়’টেক আৰু আই চি এম আৰে যুটীয়াভাৱে উদ্ভাৱন কৰা ক’ভাক্সিন ভেকচিন জৰুৰী ব্যৱহাৰত অনুমোদন জনাইছে৷ বৰ্তমান অক্সফ’ৰ্ডৰ ক’ভিশ্বিল্ড প্ৰতিষেধকৰ টীকাকৰণ আৰম্ভ হ’ব যদিও পৰৱৰ্তী সময়তহে ক’ভাক্সিনৰ টীকাকৰণ শুভাৰম্ভ হ’ব৷ লক্ষণীয়ভাৱে ক’ভিশ্বিল্ড সাধাৰণ শীতলীগৃহ তথা ৰেফ্ৰিজাৰেটৰতো ৰাখিব পৰা যায়৷ এই প্ৰতিষেধক দেহৰ পেশীত ইনজেকশ্যনৰ মাধ্যমেৰে দিয়া হ’ব আৰু নিৰ্দিষ্ট সময়ৰ ব্যৱধানত দুটা ড’জ ল’ব লাগিব৷ ইপিনে বিমান বন্দৰৰ পৰা পোনে পোনে গুৱাহাটীত শীতলী ভঁৰালত ক’ভিশ্বিল্ড ভেক্‌চিন ৰখাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ লগতে প্ৰতিখন জিলাৰ স্বাস্থ্য বিভাগৰ শীতল ভঁৰালত ভেক্‌চিন ৰখাৰ ব্যৱস্থা কৰা বুলিও স্বাস্থ্য বিভাগৰ সূত্ৰটোৱে জানিবলৈ দিছে৷