Logo
image

বহিঃৰাজ্যৰ হাঁহ-কুকুৰাৰ প্ৰৱেশ নিষেধ

আমাৰ অসম, ৯ জানুৱাৰীঃ দেশৰ বিভিন্ন প্ৰান্তত উদ্ভৱ হোৱা মাৰাত্মক পক্ষী জ্বৰ [এইচ-৫, এন-৮, এভিয়েন ইনফ্লুয়েঞ্জা] প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে পশ্চিম দিশেৰে পশ্চিমবংগ, কেৰালা, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, পঞ্জাৱ, কৰ্ণাটক, হিমাচল প্ৰদেশ, ৰাজস্থান আদি ৰাজ্যৰ পৰা অহা সকলো ধৰণৰ হাঁহ, কুকুৰা তথা পল্ট্ৰি সামগ্ৰী অসমলৈ অহাটো বন্ধ কৰিছে৷ এই সন্দৰ্ভত শুকুৰবাৰে ৰাজ্য চৰকাৰৰ পশুপালন বিভাগে এখন আনুষ্ঠানিক জাননী প্ৰকাশ কৰিছে৷ এই জাননীত উল্লেখ কৰা হৈছে যে মাৰাত্মক পক্ষী জ্বৰৰ পৰা অসমৰ স্থানীয় প্ৰজাতিৰ হাঁহ-কুকুৰা আদিক সুৰক্ষিত কৰা তথা বহিঃ ৰাজ্যৰ পৰা আহিব পৰা এইচ-৫, এন-৮ এভিয়েন ইনফ্লুয়েঞ্জাক বাধা দিয়াৰ বাবেই এনেদৰে পশ্চিম দিশেৰে অসমলৈ অহা হাঁহ, কুকুৰাৰ আমদানি বন্ধ কৰা হৈছে৷ উল্লেখ্য যে কেৰালা, ৰাজস্থান, মধ্যপ্ৰদেশ, হিমাচল প্ৰদেশ, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আদি ৰাজ্যত মাৰাত্মক পক্ষী জ্বৰ এইচ-৫, এন-৮ এভিয়েন ইনফ্লুয়েঞ্জাৰ ফলত নিমিষতে লাখ লাখ হাঁহ, কুকুৰাৰ মৃত্যু হৈছে৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সংশ্লিষ্ট ৰাজ্যসমূহৰ ১২টা অঞ্চল এইচ-৫, এন-৮ এভিয়েন ইনফ্লুয়েঞ্জাৰ হটস্পট হিচাপে চিনাক্ত কৰিছে৷ দেশৰ কেইবাখনো ৰাজ্যই ইতিমধ্যে বহিঃৰাজ্যৰ পৰা হাঁহ, কুকুৰাৰ আমদানি বন্ধ কৰিছে৷ এই পক্ষী জ্বৰৰ সৈতে যুঁজ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে কেৰালা, হাৰিয়ানা, মধ্য প্ৰদেশ আদি ৰাজ্যত মাল্টি ডিচিপ্লিনেৰী টীম নিয়োগ কৰিছে৷ যদিও মাৰাত্মক পক্ষী জ্বৰ সৃষ্টি কৰা এইচ-৫, এন-৮ এভিয়েন ইনফ্লুয়েঞ্জাই মানৱ দেহত ক্ষতি কৰাৰ প্ৰমাণ নাই তথাপি এই ভাইৰাছ বিধৰ মিউটেশ্বন হৈ মানুহৰ ক্ষতি কৰিব পাৰে বুলি আশংকা কৰিছে বিজ্ঞানীমহলে৷ এই সন্দৰ্ভত চৰকাৰৰ তৰফৰ পৰা সতৰ্কতামূলক জাননীও জাৰি কৰা হৈছে৷ লক্ষণীয় যে সন্মুখত ভোগালী বিহু৷ ভোগালী বিহুৰ প্ৰাকক্ষণত পক্ষী জ্বৰৰ উদ্ভৱ হোৱা তথা ৰাজ্যলৈ বহিঃৰাজ্যৰ পৰা ব্ৰইলাৰ, কুকুৰা, হাঁহ আদিৰ আমদানি বন্ধ কৰিবলগীয়া হোৱাত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ ভেলাঘৰৰ ভোজভাতত পৰাটো নিশ্চিত হৈ পৰিছে৷