Logo
image

এজেপি, ‘ৰাইজৰ দল’ৰ আমানত জব্দ হ’ব! বিজেপি

আমাৰ অসম, ৯ জানুৱাৰীঃ ২০২১ অৰ নিৰ্বাচনত  অসম জাতীয় পৰিষদ [এজেপি] আৰু ৰাইজৰ দলৰ সকলো প্ৰাৰ্থীৰ আমানতৰ ধন বাজেয়াপ্ত হ’ব৷ এখন আসনো নাপায় নৱগঠিত দল দুটাই– এই ভাষ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তন চলি থকাৰ সময়ত নৱগঠিত আঞ্চলিক দল দুটাক তাচ্ছিল্য কৰি মন্ত্ৰী শৰ্মাই শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত আৰু কয়– এজেপি  আৰু ৰাইজৰ দলৰ কোনো এজন প্ৰাৰ্থীয়ে ১,৫০০-২,০০০তকৈ অধিক ভোট নাপায়৷ এজেপিয়েই হওক বা ৰাইজৰ দলেই হওক কোনো এটা দলৰে এজন প্ৰাৰ্থীয়ে আমানতৰ ধন ঘূৰাই নাপায়৷ এইটো স্পষ্টকথা৷ ইফালে, ছাত্ৰ সন্থা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি মন্ত্ৰী শৰ্মাই কয়-  এতিয়া আৰু আছুৱে নিজক জাতীয় সংগঠন বুলি ক’ব নোৱাৰে৷ সেইটো সিদ্ধান্ত হৈ গ’ল৷ ‘পাক্কা’ হৈ গ’ল৷ এতিয়া আছু জাতীয় সংগঠন হৈ থকা নাই৷ সাংবাদিকসকলক মই অনুৰোধ কৰিম আপোনালোকে আছুৰ আগত জাতীয় সংগঠন বা তেনে ধৰণৰ শব্দ প্ৰয়োগ নকৰিব৷ মন্ত্ৰী ড॰ শৰ্মাৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এজেপিৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে৷ তেওঁ ‘আমাৰ অসম’ক কয়– মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতা আৰু ধন ঐশ্বৰ্যই মুৰত ধৰিছে৷ সেইবাবে তেওঁ সন্মুখত থকা সকলোকে পৰুৱাৰ দৰে দেখিছে৷ তেওঁ অধৈৰ্য হৈছে কিয়? নিৰ্বাচনত কাৰ জয়-পৰাজয় হয় সেয়া নিৰ্ধাৰণ কৰিব অসমৰ জনগণে৷ অসমৰ ৰাইজে ধূলিসাৎ কৰিব বিজেপিৰ দৰ্প৷ দিল্লীৰ মানুহে বিজেপিৰ দম্ভ-অহংকাৰক যিদৰে চূৰ্ণ বিচূৰ্ণ কৰিছিল একেদৰে অসমতো বিজেপিৰ দৰ্পচূৰ্ণ হ’ব৷ ইফালে, ছাত্ৰ সন্থা সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়– মন্ত্ৰী হিমন্ত বিশ্ব শমাই ছাত্ৰ সন্থা সন্দৰ্ভত ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে৷ হিমন্ত বিশ্ব শৰ্মা হৈছে আছুৰ পৰা খেকা খোৱা ব্যক্তি৷ গতিকে আছুৰ প্ৰতি তেওঁৰ ভাল ভাব নাই আৰু আছু সন্দৰ্ভত বিভিন্ন সময়ত টুলুঙা মন্তব্য দি আছে৷ সাৰদা কেলেংকাৰী, লুইবাৰ্জাৰ কেলেংকাৰীত জড়িত এজন ব্যক্তি যিজন ব্যক্তিয়ে অসাংবিধানিক কাম-কাজত লিপ্ত থকা বাবে আছুৰ পৰা খেদা খাইছিল সেইজন ব্যক্তিৰ পৰা ছাত্ৰ সন্থাই কেতিয়াও নীতি শিক্ষা বা চাৰ্টিফিকেট নলয়৷ ছাত্ৰ সন্থাক চাৰ্টিফিকেট দিব অসমৰ ৰাইজে৷ অসমৰ ৰাইজে জানে ছাত্ৰ সন্থা ৰাজনৈতিক নে অৰাজনৈতিক অথবা জাতীয় সংগঠন হয়নে নহয়৷ হিমন্ত বিশ্ব শৰ্মাৰ দৰে ব্যক্তিয়ে দিয়া চাৰ্টিফিকেট ছাত্ৰ সন্থাই গ্ৰহণ নকৰে৷