বহুধা বিভক্ত বিৰোধী শিবিৰ ১২৬ আসনৰে আশা বিজেপিৰ
আমাৰ অসম, ১০ জানুৱাৰীঃ বিধানসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে, সিমানেই বহুধা বিভক্ত হৈ পৰিছে ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহ৷ প্ৰথম অৱস্থাত প্ৰয়াত তৰুণ গগৈয়ে ৰাজ্যত এক মহাজোঁট গঠনৰ আহ্বান জনাই বিজেপিবিৰোধী সকলো ৰাজনৈতিক শক্তিকে একত্ৰিত হ’বলৈ আহ্বান জনাইছিল৷ কিন্তু তৰুণ গগৈৰ মৃত্যুৰ লগে লগে এই মহাজোঁট গঠনৰ প্ৰক্ৰিয়া যেন স্তিমিত হৈ পৰিল৷ তৰুণ গগৈৰ উদ্যোগতে কংগ্ৰেছ আৰু ইউডিএফৰ মাজৰ মিত্ৰতা বহুদূৰ আগবাঢ়ি গৈছিল৷ কিন্তু তেওঁৰ মৃত্যুৰ লগে লগে কংগ্ৰেছ-ইউডিএফৰ মিত্ৰতাতো যেন আউল লাগিল৷ ৰিপুণ বৰাই হওক বা কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই হওক, ইউডিএফৰে মিত্ৰতাৰ সুৰ সলনি কৰিছে৷ কংগ্ৰেছ আৰু ইউডিএফৰ মাজত মিত্ৰতা হ’ব নে নাই, সেইটোও বৰ্তমান স্পষ্ট হৈ উঠা নাই৷ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক এই মহাজোঁটত অংশ ল’বলৈ কংগ্ৰেছৰ তৰফৰ পৰা বাৰম্বাৰ আহ্বান জনোৱা হৈছিল যদিও দুয়োটা দলেই ইতিমধ্যে স্পষ্ট কৰি দিছে যে তেওঁলোকে বিজেপি আৰু কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলৰ পৰা সমদূৰত্ব বজাই ৰাখিব৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে স্পষ্ট কৰি দিছে যে তেওঁলোকে কোনো কাৰণতে কংগ্ৰেছৰে মিত্ৰতা নকৰে৷ আনহাতে, মৰাণত চলি থকা ৰাইজৰ দলৰ প্ৰথমখন অধিৱেশনত অধিকাংশ নেতাই স্পষ্ট কৰি কৈছে যে বিধানসভাৰ আগন্তুক নিৰ্বাচনত তেওঁলোকৰ দলে কংগ্ৰেছৰে মিত্ৰতা নকৰে৷ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ এনে স্থিতিৰ পাছতেই উৎফুল্লিত হৈ পৰিছে বিজেপি মহল৷ মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই এই সমগ্ৰ ঘটনাৱলীত ইমানেই উৎফুল্লিত হৈ পৰিছে যে শনিবাৰে গোলাঘাটত তেওঁ কয় যে বিধানসভাৰ আগন্তুক নিৰ্বাচনত বিজেপি মিত্ৰদলে ১২৬খন আসনতেই জয়ী হোৱাৰ লক্ষ্যৰে প্ৰতিদ্বন্দ্বিতা কৰিব৷ কংগ্ৰেছ, ইউডিএফ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আদিৰ মাজৰ ভোট বিভাজনৰ সুৱৰ্ণ সুযোগ যে বিজেপি দলে গ্ৰহণ কৰিব সেই কথা মন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাৰ ভাষ্যৰ পৰাই স্পষ্ট হৈ পৰিছে৷ কেৱল এয়াই নহয়, প্ৰথম অৱস্থাত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মাজত মিত্ৰতা হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও বৰ্তমান এই ধাৰণাও স্তিমিত হৈ পৰিছে৷ মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই শুকুৰবাৰে গুৱাহাটীৰ পাশ্বৰ্ৱৰ্তী হাজংবাৰীত দাবী কৰি কয় যে ৰাইজৰ দলেই হওক বা অসম জাতীয় পৰিষদেই হওক, তেওঁলোকৰ আমানত ধনেই বাজেয়াপ্ত হ’ব৷ দলৰ কোনো এজন প্ৰাৰ্থীয়ে নিৰ্বাচনত জয়লাভ নকৰে৷ মন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাৰ এই দাবী এশ শতাংশই যুক্তিপূৰ্ণ৷ বিৰোধী শিবিৰ যদি সম্পূৰ্ণৰূপে বহুধা বিভক্ত হৈ পৰে, তেন্তে ইয়াৰ প্ৰভাৱ সংখ্যালঘু ভোটাৰৰ ওপৰতো পৰিব৷ কাৰণ কংগ্ৰেছ আৰু ইউডিএফৰ সমান্তৰালভাৱে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰো সংখ্যালঘু ভোটাৰৰ মাজত জনপ্ৰিয়তা আছে৷ কিন্তু দলসমূহৰ মাজত মিত্ৰতা নহ’লে সংখ্যালঘু ভোটবেংক বিভাজিত হ’ব৷ সংখ্যালঘু ভোটবেংকৰ সমান্তৰালভাৱে উজনি আৰু বৰাক উপত্যকাতো বিৰোধী ৰাজনৈতিক দলসমূহৰ মতানৈক্যৰ প্ৰভাৱ পৰিব৷ বিশেষকৈ কংগ্ৰেছ আৰু ইউডিএফৰ মাজত মিত্ৰতা নোহোৱাৰ প্ৰভাৱ নামনি অসমৰ সংখ্যালঘু বসতিপ্ৰধান অঞ্চলসমূহৰ উপৰি বৰাক উপত্যকাত বাৰুকৈয়ে পৰিব৷ কংগ্ৰেছ আৰু ইউডিএফৰ মাজৰ মিত্ৰতাক লৈ সৃষ্টি হোৱা দোধোৰ-মোধোৰ স্থিতিৰ অন্যতম কাৰণেই হ’ল দলটোৰ উজনি অসমৰ একাংশ নেতাৰ এই মিত্ৰতাক লৈ তীব্ৰ বিৰোধিতা আৰু আসন ভাগ-বটোৱাৰা৷ চিপিএম-চিপিআইৰ দৰে বাঁওপন্থী দলসমূহৰ অধিকাংশ সমষ্টিতে কেডাৰভিত্তিক ভোট আছে আৰু তেওঁলোক মহাজোঁটত অংশ ল’বলৈ ইচ্ছুক যদিও শক্তিহীন বুলি কংগ্ৰেছৰ পৰা প্ৰয়োজনীয় গুৰুত্ব লাভ কৰা নাই এইসমূহ দলে৷ উল্লেখ্য যে বাঁওপন্থী দলসমূহৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব ইতিমধ্যে বৈঠকত মিলিত হৈছে৷