Logo
image

আইপিএলৰ উদ্বোধনী মেচত আজি চিএছকেৰ বিৰুদ্ধে গুজৰাট টাইটানছ

আমাৰ অসম, ৩১ মাৰ্চঃ হাৰ্দিক পাণ্ডিয়াই কেইবাবাৰো টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনিক নিজৰ মেণ্টৰ বুলি উল্লেখ কৰিছে৷ যদি এই গুৰু আৰু শিষ্যৰ মাজৰ প্ৰতিদ্বন্দ্বিতাৰ কথা উল্লেখ কৰা হয়, তেন্তে দেখা যায় যে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত [আই পি এল]  পাণ্ডিয়া নেতৃত্বাধীন গুজৰাট টাইটানছৰ হাতত দুবাৰ পৰাস্ত হৈছে ধোনিৰ চেন্নাই ছুপাৰ কিংছ৷ গুজৰাট টাইটানছে আই পি এলৰ ২০২২ বৰ্ষত প্ৰথমবাৰৰ প্ৰতিদ্বন্দ্বিতা কৰিয়েই চেম্পিয়নৰ সন্মান অৰ্জন কৰিছিল৷ স্থানীয় নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত শুকুৰবাৰে গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত খেলেৰে আই পি এলৰ ষষ্ঠদশ ছীজন আৰম্ভ হ’ব৷ যোৱা বছৰ চাৰিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ প্ৰদৰ্শন আছিল নিৰাশাজনক আৰু পইণ্ট তালিকাত দলটো আছিল নৱম স্থানত৷ অধিনায়ক ধোনিৰ বয়স হৈছে যদিও তেওঁৰ নেতৃত্বৰ ওপৰত ছুপাৰ কিংছ কৰ্তৃপক্ষৰ যথেষ্ট আস্থা আছে৷ ধোনিৰ দলটোত এইবাৰ দেখা যাব ইংলেণ্ডৰ টেষ্ট দলৰ অধিনায়ক বেন ষ্টকছক৷ ষ্টকছৰ লগতে ডেভ’ন কনৱে’ আৰু মঈন  আলী মূল একাদশত থকাটো প্ৰায় নিশ্চিত৷ ষ্টকছৰ উপস্থিতিয়ে বিপক্ষক চিন্তাত পেলাব পাৰে৷ অৱশ্যে গুজৰাট টাইটানছৰ বিৰুদ্ধে তেওঁ বলিং নকৰে৷ চেন্নাই দলত অধিনায়ক ধোনিৰ লগতে ৰবীন্দ্ৰ জাদেজা আৰু অম্বাতি ৰায়ুডুৰ প্ৰদৰ্শনো হ’ব লক্ষ্যণীয়৷ ইপিনে, শুভমন গীলৰ শেহতীয়া ফৰ্ম গুজৰাট টাইটানছৰ বাবে উৎসাহৰ বিষয় হ’ব পাৰে৷ তেনেদৰে ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰি আহিছে ৰছিদ খানে৷ অধিনায়ক পাণ্ডিয়ায়েও নিজৰ ফিটনেছত যথেষ্ট গুৰুত্ব দিছে৷ নিউজীলেণ্ডৰ কেন উইলিয়ামছনৰ উপস্থিতিয়েও গুজৰাট টাইটানছৰ  বেটিঙক শক্তিশালী কৰাৰ আশা কৰিব পাৰি৷ 

শুকুৰবাৰৰ খেলখন আৰম্ভ হ’ব সন্ধিয়া ৭.৩০ বজাত৷ তাৰ পূৰ্বে এটা বৰ্ণিল উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷  উদ্বোধনী অনুষ্ঠানত অভিনেত্ৰী-ম’ডেল ৰশ্মিকা মান্ধানা আৰু অভিনেত্ৰী তামান্না ভাটিয়াৰ দৰে শিল্পীয়ে অনুষ্ঠান পৰিৱেশনৰ সম্ভাৱনা আছে৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলগীয়া সকলৰ ভিতৰত উচ্ছাৰিত হৈছে কেটৰিনা কাঈফ, টাইগাৰ শ্ৰফ আৰু অৰিজিত সিঙৰ নামো৷ ২০১৮ চনৰ পাছত প্ৰথমবাৰৰ বাবে আই পি এলত দেখা যাব উদ্বোধনী অনুষ্ঠান৷