Logo
image

নৰ্থ ইষ্ট মিডিয়া ক্ৰিকেটৰ সফল সামৰণিঃ শ্বিলং, বৰাক প্ৰেছ ক্লাবকে ধৰি মুঠ ১২ দলৰ অংশগ্ৰহণ

ডিজিটেল সংবাদ, গুৱাহাটীঃ এভাৰগ্ৰীণ এন জি অৰ উদ্যোগত আৰু হোটেল ইনাৰ, হেল্থ চিটি চিকিৎসালয়ৰ সহযোগত যোৱা ২৩ মাৰ্চৰ পৰা গুৱাহাটীৰ জজ্ ফিল্ডত অনুষ্ঠিত নৰ্থ ইষ্ট মিডিয়া ক্ৰিকেটৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা শ্বিলং প্ৰেছ ক্লাব আৰু বৰাক প্ৰেছ ক্লাবসহ মুঠ ১২ টা দলৰ সকলো খেলুৱৈ আৰু শুভাকাংক্ষীসকলক ধন্যবাদ জনায় প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আয়োজক সমিতিয়ে কয় যে এইবাৰ টুৰ্ণামেণ্টত মুঠ ১৫ খন মেচ অনুষ্ঠিত হৈছিল। আটাইকেইখন মেচত ৩৫২ টা চাৰি আৰু ১২৮ টা ছয়ৰ সহায়ত মুঠ ৩৭৬৯ ৰান সংগ্ৰহ হয়। বৰষুণৰ বিধি-পথালিৰ মাজতো ৮দিনীয়াকৈ অনুষ্ঠিত টুৰ্ণামেণ্টখনত পিটচত বল পৰিছিল ২৮২৯ টা। উইকেটৰ পতন ঘটিছিল ১৮৭ টা। বেটাৰেসকলে ১৬ টা অৰ্ধশতকীয় ইনিংছৰ উপহাৰ দিয়ে। 

মহিলা সাংবাদিকসকলৰ বাবে বিশেষ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পোষকতা কৰি আয়োজক সমিতিয়ে কয় যে বহাগ বিহুৰ পাছতে মহিলা সাংবাদিকসকলৰ সৈতে এক আলোচনাত মিলিত হৈ তেওঁলোকৰ বাবে এখন বিশেষ ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰা হ'ব। কেতিয়া এই প্ৰতিযোগিতাৰ আয়োজন হ'ব সেয়া আলোচনাত সিদ্ধান্ত লোৱা হ'ব।আনহাতে মেয়ৰ মৃগেন শৰণীয়া, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰমেন বৰঠাকুৰ, ক্ৰিকেটাৰ মনীষা দাস, হেল্থ চিটি চিকিৎসালয়ৰ ফিচেলিটি ডাইৰেক্টৰ পৰাগ জ্যোতি দত্ত, প্ৰয়াত যতীন্দ্ৰ বৰ্মন সোঁৱৰণি ট্ৰফী দাতা অনদা দাস বৰ্মনে উদ্ধোধন কৰা প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত এন ডি ২৪ য়ে চূড়ান্ত খিতাপ দখল কৰাৰ লগতে প্ৰতিদিন গোষ্ঠীয়ে বিজিত দলৰ খিতাপ লাভ কৰে। বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত আছিল ক্ৰীড়া সংগঠক কল্যাণ দাস, প্ৰাক্তন ৰঞ্জী খেলুৱৈ দ্বীপ বৰা, এন বি নিউজৰ মহা প্ৰবন্ধক দাদুমণি বৰা আদি।