Logo
image

ৰাজ্যৰ ৭৪টা কেন্দ্ৰত দিয়া হ’ব ভেক্‌চিন, প্ৰথমে ডেৰ লাখক টীকা

আমাৰ অসম, ১১ জানুৱাৰীঃ এবছৰজোৰা আতংকৰ অন্তত মাঘ বিহুৰ পাছতেই অসমবাসীয়ে লাভ কৰিব কভিডৰ ভেক্‌চিন৷ দেশৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা মতে ১৬ জানুৱাৰীত অসমৰ লগতে সমগ্ৰ দেশতে ক’ভিডৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ ইতিমধ্যে অসমতো ক’ভিড প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে৷ স্বাস্থ্য বিভাগৰ সূত্ৰই সদৰী কৰা মতে, ১৬ জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া শুভাৰম্ভ কৰিব৷ উল্লেখ্য, সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে ভিডিঅ’ কনফাৰেন্সত মিলিত হৈ ভেক্‌চিন প্ৰদানৰ প্ৰস্তুতিৰ বুজ ল’ব৷ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক ড॰ লক্ষ্মণন এছে জানিবলৈ দিয়া অনুসৰি প্ৰাথমিক অৱস্থাত অসমৰ  আটাইকেইখন জিলাৰে মুঠ ৭৪টা কেন্দ্ৰত ভেক্‌চিন প্ৰদান কৰা হ’ব৷ অৱশ্যে, ড্ৰাই-ৰানৰ যোগেদি ভেকচিন প্ৰদানৰ বাবে ১,৬০০ কেন্দ্ৰ সাজু কৰা হৈছে৷ কোন দিনা অসমলৈ কেন্দ্ৰই ভেক্‌চিন প্ৰেৰণ কৰিব, সেই তথ্য বৰ্তমানেও ৰাজ্যৰ স্বাস্থ্য বিভাগক অৱগত কৰা নাই যদিও প্ৰতিষেধক ৰখাৰ বাবে জিলাই জিলাই শীতলী ভঁড়াল সাজু কৰি ৰাখিছে৷ তদুপৰি ভেক্‌চিন প্ৰদানৰ বাবে দুই হাজাৰ চিকিৎসক স্বাস্থ্যকৰ্মীকো প্ৰশিক্ষণ দি সাজু কৰা হৈছে৷ অৱশ্যে, প্ৰথম পৰ্যায়ত সকলো নাগৰিকে ভেকচিন লাভ নকৰে যদিও চিকিৎসক, নাৰ্চ তথা স্বাস্থ্যকৰ্মীসকলক প্ৰথম পৰ্যায়ত ভেক্‌চিন প্ৰদানৰ বাবে  অগ্ৰাধিকাৰ ভিত্তিত বাছনি কৰা হৈছে৷ ভেক্‌চিনৰ বাবে ‘Co-Win’ পৰ্টেলত প্ৰথম পৰ্যায়ত ৰাজ্যৰ ১,৫৬,৪৬৯ জন চিকিৎসক-স্বাস্থ্যকৰ্মীৰ নাম পঞ্জীয়ন কৰা হৈছে৷ তদুপৰি কেন্দ্ৰীয় চৰকাৰৰ ৫,০৮৮জন স্বাস্থ্যকৰ্মী আৰু ২৬,৯৬১জন ক্ষেত্ৰভিত্তিক কৰ্মীসহ মুঠ ১,৮৮,৫১৮জন স্বাস্থ্যকৰ্মীৰ নাম ভেক্‌চিনৰ বাবে পঞ্জীয়ন কৰিছে৷ দ্বিতীয় পৰ্যায়ত আন আন পেৰামেডিকেল ষ্টাৰ্ফ, আশাকৰ্মী আৰু বিভিন্ন ৰোগৰ উপসৰ্গ থকা বৃদ্ধ নাগৰিকসকলক প্ৰতিষেধক প্ৰদান কৰা হ’ব৷