Logo
image

বতৰৰ বিঘিনিৰ আশংকাৰ মাজতে আজি গুৱাহাটীত আইপিএলৰ খেল

আমাৰ অসম, ৫ এপ্ৰিলঃ বসন্তোৎসৱৰ পূৰ্বে গুৱাহাটীত ক্ৰিকেটৰ উৎসাহ৷ বুধবাৰে পঞ্জাব কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত খেলখনেৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) মানচিত্ৰত স্থান পাব গুৱাহাটীয়ে৷ এইবাৰৰ আই পি এলৰ খেল অনুষ্ঠিত হ’বলগীয়া দেশৰ ১২খন চহৰৰ অন্যতম হৈছে গুৱাহাটী৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰিকেটপ্ৰেমীয়ে প্ৰথমবাৰৰ বাবে গুৱাহাটীত আই পি এলৰ খেল চোৱাৰ সুযোগ পাব৷ আই পি এলৰ প্ৰথমটো ছীজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে দ্বিতীয় হোম গ্ৰাউণ্ড হিচাপে নিৰ্বাচন কৰিছে বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়াম৷ দলটোৱে হোম গ্ৰাউণ্ডত খেলিবলগীয়া খেলৰ দুখন খেল অনুষ্ঠিত হ’ব গুৱাহাটীত৷ 

বুধবাৰৰ খেলখনৰ পাছত ৮ এপ্ৰিলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব দিল্লী কেপিটেলছ৷ এই খেল দুখনক লৈ ক্ৰিকেট অনুৰাগীৰ মাজত উৎসাহ বৃদ্ধি পোৱাৰ সময়তে প্ৰতিকূল বতৰে খেলত বিঘিনি জন্মোৱাৰ আশংকাও দেখা গৈছে৷ বিগত কেইদিনমান ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত বৰষুণ হৈ আছে৷ গুৱাহাটীতো আকাশ মেঘাচ্ছন্ন হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হৈ আছে৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, ৮ এপ্ৰিললৈ বতৰ অপৰিৱৰ্তিত থকাৰ সম্ভাৱনা আছে৷ অৱশ্যে, খেল আৰম্ভ হোৱাৰ কিছুসময় পূৰ্বে পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হ’লেও পৰৱৰ্তী সময়ত খেলপথাৰ খেলাৰ উপযোগী কৰি ৰখাৰ সু-ব্যৱস্থা আছে অসম ক্ৰিকেট সন্থাৰ৷

বুধবাৰৰ খেলখনৰ পূৰ্বে অসম ক্ৰিকেট সন্থাই এক চমু উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰিছে৷ ৩১ মাৰ্চত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত এক আকৰ্ষণীয় উদ্বোধনী অনুষ্ঠানেৰে আৰম্ভ কৰা হৈছিল আই পি এলৰ ষষ্ঠদশ ছীজন৷ সেই অনুষ্ঠানৰ পাছত দ্বিতীয়বাৰ উদ্বোধনী অনুষ্ঠান কিয়? এনে প্ৰশ্নৰ উত্তৰত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বি চি চি আই) যুটীয়া সচিব দেৱজিত শইকীয়াই কয় যে প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত কৰা হ’ব আই পি এলৰ খেল৷ সেইবাবে দৰ্শকৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে আৰু দৰ্শকেও এই ব্যৱস্থা ভাল পাব বুলিয়েই আশা কৰা হৈছে৷ উদ্বোধনী অনুষ্ঠানত অসম আৰু ৰাজস্থানৰ লোকনৃত্যৰ লগতে থাকিব মিউজিক বেণ্ড৷ কেৱল সেয়াই নহয়, দুয়োটা ইনিংছৰ মাজৰ সময়ছোৱাত লেজাৰ শ্ব’ৰ ব্যৱস্থা কৰা হৈছে৷ উল্লেখ্য, ৰাজস্থান ৰয়েলছৰ লগতে পঞ্জাব কিংছ গুৱাহাটীলৈ আহিছে এখনকৈ খেলত জয়ী হৈ৷ ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক ৭২ ৰানত আৰু পঞ্জাব কিংছে কলকাতা নাইট ৰাইডাৰ্ছক সাত ৰানত পৰাস্ত কৰিছে৷ নিঃসন্দেহে কাইলৈৰ খেলখনত সকলোৰে দৃষ্টি থাকিব অসমৰ ৰিয়ান পৰাগৰ ওপৰত৷ 

ৰাজস্থান ৰয়েলছৰ প্ৰথমখন খেলত ৰিয়ানৰ বেটৰ পৰা কেৱল সাত ৰান আহিলেও গৃহ চহৰত তেওঁৰ পৰা এটা আকৰ্ষণীয় ইনিংছ চাব বিচাৰিব অনুৰাগীসকলে৷ ৰিয়ানৰ উপৰি ৰাজস্থান দলটোত থকা আন তাৰকা খেলুৱৈসকল হৈছে অধিনায়ক সঞ্জু ছেমছন, ৰবিচন্দ্ৰন অশ্বিন, ট্ৰেণ্ট বল্ট, জোছ বাটলাৰ, যুজবেন্দ্ৰ চাহল, জেছন হ’ল্ডাৰ, ছিমৰন হেটমায়াৰ, জো ৰুট আৰু আডাম জাম্পা৷ তেনেদৰেশিখৰ ধৱন নেতৃত্বীধীন  পঞ্জাব কিংছ দলত আছে অৰ্শদীপ সিং, ছেম কাৰেন, নাথান এলিছ, কেগিছো ৰাবাডাৰ দৰে খেলুৱৈ৷ খেলখনৰ প্ৰাক্‌সন্ধ্যা পঞ্জাব কিংছৰ অধিনায়ক শিখৰ ধৱনে সংবাদ মেলত যথেষ্ট আত্মবিশ্বাসেৰে কৈছিল যে প্ৰথমে বেটিং কৰিলে তেওঁৰ দলৰ লক্ষ্য হ’ব দুশ ৰানৰ অধিক স্ক’ৰ কৰা৷ ৰাজস্থান ৰয়েলছে প্ৰথমখন খেলত পাঁচটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল ২০৩ ৰান, য’ত তিনিজন বেটাৰে খেলিছিল অৰ্ধশতকীয় ইনিংছ৷ বৰ্ষাপাৰা ষ্টেডিয়ামৰ পিটচ সাধাৰণতে বেটাৰৰ সহায়ক হোৱালৈ চাই বুধবাৰে এখন হাই স্ক’ৰিং মেচ উপভোগৰ অপক্ষেতা আছে ক্ৰিকেটপ্ৰেমী৷

গুৱাহাটীত নতুন পথ নিৰ্দেশনা

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া আইপিএল মেচৰ সময়ত যাতে মহানগৰীত যান-জঁটৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ যান-বাহন আৰক্ষীয়ে খেলৰ দিন দুটাত যান-বাহন চলাচলত কিছু নিষেধাজ্ঞ জাৰি কৰিছে৷ মঙলবাৰে মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ ডিচিপি হিৰণ্য বৰ্মন আৰু মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ু্‌ক্ত প্ৰতীক থূবেৰে এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে৷ সংবাদমেল সম্বোধন কৰি দুই আৰক্ষী বিষয়াই কয় যে আইপিএলৰ দুখন মেচৰ বাবে সাজু হৈছে মহানগৰ আৰক্ষী৷ প্ত এপ্ৰিলৰ পুৱা ১১ বজাৰ ৬ এপ্ৰিলৰ দিনৰ ৰ বজালৈ ১৭ আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সামগ্ৰী কঢ়িওৱা চাৰিচকীয়া বাহন তথা ততোধিক চকাযুক্ত গধুৰ যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ ৮ এপ্ৰিলত এ কে দেৱ ৰোড আৰু এ কে আজাদ ৰোডত দিনৰ ৰ বজাৰ পৰা নিশা ১১.৪৫ বজালৈ, গধুৰ যান-বাহন চলাচল কৰিব নোৱাৰিব৷ ৫ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈকে পুৱা ১১ বজাৰ পৰা নিশা ১০ বজালৈ তিনিচকীয়া বাহন বা ততোধিক চকাযুক্ত বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ তদুপৰি, এ কে আজাদ ৰোডক (লখৰা ৰোড ) ৫ এপ্ৰিলত দুপৰীয়া ৩ বজাৰ পৰা নিশা ১১.৪৫ বজালৈ আৰু ৮ এপ্ৰিলত পুৱা ১১.৩০ বজাৰ পৰা নিশা ১০ বজালৈ ৱান ৱে’ কৰা হ’ব৷ সেই সময়ছোৱাত জৰুৰীকালীন সেৱা আৰু স্কুলৰ বাহনসমূহৰ ক্ষেত্ৰত উক্ত নিষেধাজ্ঞা প্ৰযোজ্য নহ’ব৷ যিসকল দৰ্শকৰ ৩ নম্বৰ গে’টৰ প্ৰৱেশ-পত্ৰ আছে, তেওঁলোকে বৰ্ষাপাৰা তিনিআলি হৈ সোমাব লাগিব৷ ৪ নং গে’টৰ প্ৰৱেশ-পত্ৰ থকাসকলে ভূপেন হাজৰিকা পথ (চাইকেল ফেক্টৰী) হৈ আহিব লাগিব৷ চম্পাৱতী ফিল্ড, গণেশপৰা ফিল্ড, আমবাৰী ৰংপথাৰ, লুটুমা ফিল্ড আদিত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে৷ আনহাতে, মেচৰ সময়ছোৱাত কেইবা তৰপীয়া নিৰাপত্তা ব্যৱস্থা থাকিব বৰ্ষাপাৰাৰ ভিতৰে-বাহিৰে৷ আনহাতে, পানীৰ বটল, হেলমেট, মিউজিকেল সামগ্ৰী, চোকা অস্ত্ৰ, নিচাজাতীয় সামগ্ৰী ষ্টেডিয়ামৰ ভিতৰলৈ লগত নিব নোৱাৰিব৷